চিটাৰা ডেস্ক, 20 ডিচেম্বৰ : জন্মৰ পিছতেই গোটেই ভাৰতৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা টাইমুৰ আলী খানৰ সম্পূৰ্ণ হ’ল ছবছৰ ৷ 20 ডিচেম্বৰত পৰিয়ালৰ সকলোৰে সৈতে টাইমুৰে উদযাপন কৰিছে জন্মদিন ৷ সকলোৱে টাইমুৰক ছ’চিয়েল মিডিয়াৰ জৰিয়তে জন্মদিনৰ শুভেচ্ছা জনাইছে ৷
ছৈফ-কৰীণাৰ বৰপুত্ৰৰ জন্মৰ পিছত তোলপাৰ লাগি গৈছিল সামাজিক মাধ্যমত ৷ প্ৰথমখন ফটো ভাইৰেল হোৱাৰ পিছৰে পৰা নিজৰ মৰম লগা চেহেৰাৰ বাবে সদায়ে চৰ্চাত থাকিবলৈ লৈছিল টাইমুৰ ৷ জনপ্ৰিয়তা দেখি পাপাৰাজ্জীয়ে এৰি দিয়া নাছিল টাইমুৰক ৷
ইমান জনপ্ৰিয়তাৰ পিছতো কিন্তু সাংঘাতিক ধৰণে ট্ৰ’ল কৰা হৈছিল টাইমুৰক ৷ কেৱল টাইমুৰকে নহয় নামাকৰণৰ পিছতেই ছৈফ আলী খান আৰু কৰীণা কাপুৰকো খুব বেয়াকৈ ট্ৰ’ল কৰা হৈছিল ৷ কিন্তু কি কাৰণে জানেনে ? কেৱল মাত্ৰ টাইমুৰৰ নামটো লৈ ! বেছিভাগ লোকে সামাজিক মাধ্যমত অসন্তুষ্টি প্ৰকাশ কৰিছিল এই নামটোৰ বাবে ৷ সেই সময় কৰীণাৰ বাবে বৰ কঠিন আছিল আৰু ৰাইজৰ মানসিকতাক দেখি তেওঁ হতাশ হৈ পৰিছিল ।
‘We the Women’ ৰ অনলাইন অধিবেশনত পুত্ৰ টাইমুৰৰ নামক লৈ হোৱা বিতৰ্কক লৈ কৰীণাই মৌনতা ভাঙি কয়, ‘এজন বিখ্যাত ব্যক্তিয়ে মোক আৰু মোৰ সন্তানক চাবলৈ চিকিৎসালয়লৈ আহিছিল, মোক অভিনন্দন জনোৱাৰ পিছত, তেওঁ মোক কৈছিল তোমাৰ কি আছে, সন্তানৰ নাম কিয় টাইমুৰ ৰাখিছে ? সেই সময়ত মোৰ প্ৰসৱ কৰাৰ সময় মাত্ৰ 8 ঘণ্টাহে হৈছিল আৰু মোৰ চকুত চকুলো ওলাবলৈ ধৰিলে, মই বহুত কান্দি আছিলো, পিছত সেই ব্যক্তিজনক গুচি যাবলৈ কোৱা হৈছল । এই কথাটো মই কেতিয়াও পাহৰিব নোৱাৰো কাৰণ ই আছিল এক অতি আচৰিত আৰু ভয়ংকৰ অভিজ্ঞতা । মই মোৰ সন্তানক কি নাম দিম তাৰ সিদ্ধান্ত সম্পূৰ্ণৰূপে মোৰ হাতত আৰু মই ভাবো ইয়াত কাৰো হস্তক্ষেপ গুৰুত্বপূৰ্ণ নহয়’ ।
কৰীণাই অধিবেশনত আৰু লগতে কৈছিল, ‘টাইমুৰৰ জন্মৰ কেইঘণ্টামানৰ ভিতৰতে তেওঁৰ নাম সন্দৰ্ভত ছ’চিয়েল মিডিয়াত তেওঁক বহুত ট্ৰ’ল কৰা হৈছিল, মানুহে তেওঁৰ নামক লৈ বহুত আপত্তি পঞ্জীয়ন কৰিছিল, মোৰ আৰু মোৰ পৰিয়ালৰ বাবে আপত্তিজনক শব্দ ব্যৱহাৰ কৰিছিল, তেওঁলোকে ইতিহাস নাজানে । মোৰ পুত্ৰৰ নাম মংগোলীয় ৰজা টাইমুৰৰ ওপৰত আধাৰিত কৰি টাইমুৰ ৰখা হৈছিল, যাৰ অৰ্থ হৈছে দৃঢ়, সেয়েহে আমি পুত্ৰৰ নাম টাইমুৰ ৰাখিছিলো’ ।
‘তাছান’ (2008) আৰু ‘কুৰ্বান’ (2009) ছবিৰ বাহিৰেও বহু ছবিত ছৈফ আলী খান আৰু কৰীণা কাপুৰ খানক একেলগে দেখা গৈছিল । এই সময়তে ছৈফ-কৰীণাৰ বন্ধুত্ব হৈছিল আৰু তাৰ পিছত এই বন্ধুত্ব প্ৰেমলৈ পৰিণত হৈছিল । 2012 চনত কৰীণা ছৈফ আলী খানৰ সৈতে বিবাহপাশত আবদ্ধ হয় । ছৈফ-কৰীণাৰ আছে দুটাকৈ সন্তান টাইমুৰ আলী খান আৰু জাহাংগীৰ আলী খান ।
লগতে পঢ়ক : ছাচপেন্স থ্ৰিলাৰ Kuttey ৰে চিত্ৰ নিৰ্মাতা হিচাপে প্ৰথম খোজ আসমান ভৰদ্বাজৰ