চিটাৰা ডেস্ক, 9 নৱেম্বৰ : অৱশেষত এয়া সম্ভৱ হ’লগৈ ! এখন নতুন ছবিৰ বাবে চুক্তিবদ্ধ হৈছে টাবু, কৰীণা কাপুৰ খান আৰু কৃতি সেনন (The Crew leading cast) । ইয়াতকৈ ভাল খবৰ অনুৰাগীৰ বাবে কি হ’ব পাৰে ? দ্য ক্ৰু শীৰ্ষক এই ছবিখনত দৰ্শকে বিচাৰি পাব হাঁহিৰ খোৰাক ৷ ছবিখন সংগ্ৰামকাৰী এয়াৰলাইন উদ্যোগৰ পটভূমিত নিৰ্মাণ কৰা হৈছে ।
দ্য ক্ৰুয়ে তিনিগৰাকী মহিলাৰ কাহিনী দেখুৱাব যিয়ে জীৱনটোক আগুৱাই নিবলৈ কাম কৰে আৰু ব্যস্ত হৈ পৰে । এই ছবিখনৰ বাবে কৰীণাই ৰিয়া কাপুৰ আৰু একতা কাপুৰৰ সৈতে পুনৰ সহযোগিতা কৰিছে ৷ বীৰে ডি ৱেডিঙৰ সফলতাৰ পিছত তেওঁলোকৰ এইয়া নতুন প্ৰজেক্ট ।
ছবিখনৰ ঘোষণা কৰাৰ সময়ত কৰীণাই কয়, "বীৰে দি ৱেডিঙে মোৰ হৃদয়ত এক বিশেষ স্থান দখল কৰি আছে । ৰিয়া আৰু একতাৰ সৈতে কাম কৰাটো মোৰ বাবে আছিল এক অবিশ্বাস্য যাত্ৰা । গতিকে যেতিয়া ৰিয়া তেওঁৰ নতুন প্ৰকল্প 'দ্য ক্ৰু'ৰ সৈতে মোৰ ওচৰলৈ আহিছিল মই যথেষ্ট কৌতূহলী হৈ পৰিছিলোঁ । মই আৰু দুগৰাকী তাৰকা টাবু আৰু কৃতিৰ সৈতে স্ক্ৰীণ শ্বেয়াৰ কৰিবলৈ পাইছো । মই এই প্ৰকল্পটো আৰম্ভ কৰিবলৈ বাট চাই আছোঁ" ৷
ছবিখনৰ কাহিনীভাগ তিনিগৰাকী মহিলাক কেন্দ্ৰ কৰি আগবাঢ়ি গৈ থাকে ৷ মহিলা তিনি গৰাকীয়ে জীৱনত আগবাঢ়ি যাবলৈ চেষ্টা কৰাৰ লগে লগে তেওঁলোকৰ ভাগ্যই কিছুমান অযুক্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে যাৰ ফলত তেওঁলোক মিছাৰ জালত আবদ্ধ হৈ পৰে ।