চিটাৰা ডেস্ক, ১৮ ছেপ্টেম্বৰ: চাৰিদিন পূৰ্বে মুক্তি লাভ কৰিছিল বিশাল ভৰদ্বাজৰ আগন্তুক চোৰাংচোৱা থ্ৰিলাৰ ছবি ‘খুফিয়া’ৰ টিজাৰ । এতিয়া আজি অৰ্থাৎ ১৮ ছেপ্টেম্বৰত এই ছবিখনৰ ট্ৰেইলাৰ মুক্তি দিয়া হৈছে। যিটো ছ’চিয়েল মিডিয়াত মুকলি হোৱাৰ লগে লগে আলোড়নৰ সৃষ্টি কৰিছে। উল্লেখ্য যে এই ছবিখন OTT প্লেটফৰ্ম নেটফ্লিক্সত মুক্তি পাব ।
'খুফিয়া'ৰ ট্ৰেইলাৰ কেনেকুৱা ?
টিজাৰটো দেখাৰ পিছৰে পৰা অনুৰাগীয়ে ট্ৰেইলাৰৰ বাবে অপেক্ষা কৰি আছিল । এনে পৰিস্থিতিত এতিয়া তেওঁলোকৰ অপেক্ষাৰ অন্ত পৰিল ৷ নেটফ্লিক্স ইণ্ডিয়াই আজি মুকলি কৰিছে ‘খুফিয়া’ৰ ট্ৰেইলাৰ। এই ছবিখনত অভিনেত্ৰী টাবু আৰু অভিনেতা আলী ফজলক মুখ্য চৰিত্ৰত দেখা যাব। এই ছবিখনত টাবুৱে RAW ৰ এজেণ্ট হিচাপে কাম কৰা কৃষ্ণ মেহৰাৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে । ছবিখনত টাবুক ভাৰতৰ প্ৰতিৰক্ষাৰ গোপনীয়তা বিক্ৰী কৰা চোৰাংচোৱাক বিচাৰি উলিওৱাৰ দায়িত্ব দিয়া হৈছে।
আনহাতে, দেশদ্ৰোহী বুলি সন্দেহ কৰা দেৱৰ চৰিত্ৰত দেখা গৈছে আলী ফজলক ৷ বিশাল ভৰদ্বাজৰ ছবিখনত আলী ফজলৰ চৰিত্ৰটোক ‘দেশদ্ৰোহী’ বুলি অভিহিত কৰা হৈছে। এনে পৰিস্থিতিত তেওঁ নিজৰ পক্ষ ৰক্ষা কৰি কয়, ‘মোৰ চিন্তাধাৰা এই দেশৰ সকলোতকৈ বহু আগত আৰু এয়া মোৰ অপৰাধ, কিন্তু মই কোনো দেশদ্ৰোহী নহয় । মই এজন কঠোৰ দেশপ্ৰেমিক ।