অসম

assam

ETV Bharat / entertainment

Taali trailer: শ্ৰীগৌৰী সাৱন্তৰ চৰিত্ৰত ভাৰতৰ তৃতীয় লিংগৰ অধিকাৰৰ বাবে যুঁজিছে সুস্মিতা সেনে, চাওক ভিডিঅ’ - তালিৰ ট্ৰেইলাৰ

সোমবাৰে মুক্তি পালে সুস্মিতা সেনৰ অভিনীত তালিৰ ট্ৰেইলাৰ । ইনষ্টাগ্ৰামত নিজৰ অনুৰাগীৰ সৈতে ট্ৰেইলাৰ শ্বেয়াৰ কৰিছে সুস্মিতাই।

Taali trailer: Sushmita Sen as Shreegauri Sawant fights for the rights of India's third gender
তালিৰ ট্ৰেইলাৰ মুকলি

By

Published : Aug 7, 2023, 5:32 PM IST

চিটাৰা ডেস্ক, 7 আগষ্ট:সুস্মিতা সেনৰ অভিনীত বহু প্ৰত্যাশিত ছবি ‘তালি’ৰ ট্ৰেইলাৰ মুকলি ৷ সুস্মিতাই নিজৰ অনুৰাগীৰ সৈতে ইনষ্টাগ্ৰাম একাউন্টত শ্বেয়াৰ কৰে ২ মিনিট ৯ ছেকেণ্ডৰ এই ভিডিঅ’টো । ছবিখনত কিন্নৰ কৰ্মী শ্ৰীগৌৰী সাৱন্তৰ ৰূপত দেখা যাব প্ৰাক্তন মিছ ইউনিভাৰ্ছগৰাকীক ৷

ইনষ্টাগ্ৰামত সুস্মিতাই লিখিছে: "গৌৰী আ গয়ী হে। অপনে স্বাভিমান, সন্মান ঔৰ স্বতন্ত্ৰতা কি কাহানি লেকৰ । #তালি - বজায়েংগে নাহি, বজৱায়েঙগে! #TaaliOnJioCinema, streaming free 15 Aug onwards @officialjiocinema @shreegaurisawant ৷" ট্ৰেইলাৰ মুকলি হোৱাৰ লগে লগে অভিনেতাগৰাকীৰ অনুৰাগী আৰু আন অভিনেতা-অভিনেত্ৰীসকলে সুস্মিতাৰ অভিনয়ক প্ৰশংসা কৰে ৷

ট্ৰেইলাৰটোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এজন অনুৰাগীয়ে লিখিছে, “এই ছবিখনে এজন মানুহৰ আত্মসন্মান, সন্মান আৰু স্বাধীনতাক পুনৰবাৰ উল্লেখ কৰিছে।” আন এজনে লিখিছে- মা দুৰ্গাই আপোনাক আশীৰ্বাদ আৰু প্ৰেম দিয়ক। আপোনাৰ কলা, উৎসাহ আৰু জ্ঞান আমাক HOPE দিয়ে মেম । আপোনাক বহুত ভাল পাওঁ । দুগ্গা দুগ্গা। PLEASE WATCH TAALI।"

উল্লেখ্য যে ট্ৰেইলাৰটোত কষ্ট, সহনশীলতা আৰু সফলতাৰ সাহসী অভিযানৰ আভাস দেখা পোৱা যায় । শৈশৱ, পৰিৱৰ্তন আৰু অৱশেষত ভাৰতৰ কিন্নৰ আন্দোলনত অৱদানকে ধৰি শ্ৰীগৌৰী সাৱন্তৰ জীৱনৰ কাহিনীৰ ওপৰত নিৰ্মাণ কৰা হৈছে ছবিখন । ট্ৰেইলাৰৰ হাইলাইট হৈছে সাৱন্তৰ চৰিত্ৰত সুস্মিতা সম্পূৰ্ণকৈ সোমাই পৰাটো । শ্ৰীগৌৰী সাৱন্তৰ চৰিত্ৰত তেওঁৰ আক্ৰমণাত্মক আৰু সাহসী ব্যক্তিত্বই ইতিমধ্যে দৰ্শকৰ হৃদয় জয় কৰিছে ৷

সুস্মিতা সেনে কয়, "সংগ্ৰাম আৰু অদম্য শক্তিৰ কাহিনী, সেইটোৱেই আপোনাৰ বাবে শ্ৰীগৌৰী সাৱন্ত! মই ইয়াৰ ওপৰত Viacom18 ৰ সৈতে কাম কৰি ৰোমাঞ্চিত হৈছো । এয়া মাত্ৰ আৰম্ভণিহে; আৰু বহু আছে চাবলৈ ৷ গতিকে অপেক্ষা কৰক ৷"

উল্লেখ্য় যে গণেশ নামেৰে জন্মগ্ৰহণ কৰি পুনেত ডাঙৰ-দীঘল হোৱা মুম্বাইৰ এগৰাকী তৃতীয় লিংগৰ কৰ্মী শ্ৰীগৌৰী সাৱন্ত । ২০১৩ চনৰ পৰা ৰাষ্ট্ৰীয় আইন সেৱা কৰ্তৃপক্ষৰ (NALSA) গোচৰত উচ্চতম ন্যায়ালয়ে কিন্নৰক তৃতীয় লিংগ হিচাপে স্বীকৃতি দিয়া গোচৰৰ অন্যতম আবেদনকাৰী আছিল শ্ৰীগৌৰী । ২০১৪ চনত এই ঐতিহাসিক ৰায়দান প্ৰদান কৰা হৈছিল।

অৰ্জুন সিংঘ বৰণ আৰু কাৰ্টক ডি নিশান্দৰৰ দ্বাৰা নিৰ্মিত এই ছবিখন পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক ৰবি জাধৱে । ইয়াৰ ৰচনা ক্ষীতিজ পাটৱৰ্ধনৰ আৰু প্ৰযোজক অৰ্জুন সিংঘ বৰণ, কাৰ্টক ডি নিশান্দৰ (GSEAMS Production) আৰু আফিফা নাদিয়াদৱালা । ১৫ আগষ্টত জিঅ’ চিনেমাত উপলব্ধ হ’ব তালি ছবিখন ।

লগতে পঢ়ক:RRKPK Box Office Day 10: আলিয়া-ৰণবীৰৰ ছবিখনে বক্স অফিচত পাৰ কৰিছে ১০০ কোটি টকা

ABOUT THE AUTHOR

...view details