অসম

assam

ETV Bharat / entertainment

Swatantra Veer Savarkar movie:অংকিতা লোখাণ্ডেই লাভ কৰিলে ৰণদীপ হুদাৰ বিপৰীতে অভিনয়ৰ সুযোগ - অংকিতা লোখাণ্ডে ৰণদীপ হুদা

Pavitra Rishta খ্যাত অভিনেত্ৰী অংকিতা লোখাণ্ডেক নতুন ছবি স্বতন্ত্ৰ বীৰ সাভাৰকাৰত ৰণদীপ হুদাৰ বিপৰীতে অভিনয় কৰা দেখিবলৈ পোৱা যাব (Swatantra Veer Savarkar movie cast) । ৰাজনীতিবিদ আৰু কৰ্মী বিনায়ক দামোদৰ সাভাৰকাৰৰ জীৱনৰ ওপৰত আধাৰিত এই ছবিখনেৰে হুদাই পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিব ।

Swatantra Veer
ৰণদীপ হুদা অংকিতা লোখাণ্ডে

By

Published : Oct 12, 2022, 10:32 PM IST

চিটাৰা ডেস্ক, 12 অক্টোবৰ : দূৰদৰ্শন জগতত জনাজাত অংকিতা লোখাণ্ডেক স্বতন্ত্ৰ বীৰ সাভাৰকাৰ চলচ্চিত্ৰখনত অভিনেতা ৰণদীপ হুদাৰ বিপৰীতে দেখিবলৈ পোৱা যাব (Ankita Lokhande to be seen opposite Randeep Hooda) । চলচ্চিত্ৰখন ৰাজনীতিবিদ তথা কৰ্মী বিনায়ক দামোদৰ সাভাৰকাৰৰ জীৱনৰ ওপৰত আধাৰিত । ইয়াত অমিত ছিয়ালকো এটা গুৰুত্বপূৰ্ণ ভূমিকাত দেখুওৱা হৈছে ।

টিভি জগতত নিজৰ সুকীয়া পৰিচয় গঢ়ি তোলাৰ পিছত অংকিতাই টাইগাৰ শ্ৰফৰ বাঘী 3 আৰু কংগনা ৰাণাৱট অভিনীত মণিকৰ্ণিকা আদি চলচ্চিত্ৰৰ জৰিয়তে বলীউডত প্ৰৱেশ ঘটায় । অভিনেত্ৰীগৰাকীয়ে কৈছে যে তেওঁ সদায় প্ৰত্যাহ্বানমূলক চৰিত্ৰত অভিনয় কৰিবলৈ আগ্ৰহী আৰু এই চিনেমাখনৰ কাহিনীটো পঢ়ি ইয়াৰ অংশ হ'বলৈ তেওঁ অনুপ্ৰেৰণাদায়ক হিচাপে অনুভৱ কৰিছিল ।

অংকিতাই এইদৰে কৈছে, "মই প্ৰত্যাহ্বানমূলক আৰু গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ ভাল পাওঁ যি কেৱল কাহিনীটোৱেই আগবঢ়াই নিদিয়ে বৰঞ্চ দৰ্শকৰ ওপৰতো প্ৰভাৱ পেলায় । স্বতন্ত্ৰ বীৰ সাভাৰকাৰ এনেকুৱা এটা অনুপ্ৰেৰণাদায়ক কাহিনী যিটো কোৱাৰ প্ৰয়োজন আছে আৰু মই ইয়াৰ সৈতে জড়িত হৈ সুখী"।

মনচুন ৱেডিঙৰ জৰিয়তে আত্মপ্ৰকাশ কৰা ৰণদীপে ৱান্স আপন এ টাইম ইন মুম্বাই, চাহেব, বিৱি ঔৰ গেংষ্টাৰ, ৰং ৰসিয়া, জিচম 2 আৰু বহুতো চলচ্চিত্ৰৰ জৰিয়তে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে । স্বতন্ত্ৰ বীৰ সাভাৰকাৰ ছবিখনৰ সৈতে তেওঁ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ।

স্বতন্ত্ৰ বীৰ সাভাৰকাৰ সন্দীপ সিঙৰ ধাৰণাত প্ৰাণ পাই উঠিছে ৷ ছবিখন উৎকৰ্ষ নাইথানি আৰু ৰণদীপ হুদাই লিখিছে । ছবিখন আনন্দ পণ্ডিত ৰ আনন্দ পণ্ডিত মোচন পিকচাৰ্ছ, সন্দীপ সিং আৰু চেম খানৰ লিজেণ্ড ষ্টুডিঅ'ৰ দ্বাৰা প্ৰযোজিত আৰু ৰূপা পণ্ডিত আৰু জয় পাণ্ডয়াৰ দ্বাৰা সহ-প্ৰযোজিত । 2023 চনৰ 26 মে’ত মুক্তি লাভ কৰিব ছবিখনে (Swatantra Veer Savarkar movie release date) ।

লগতে পঢ়ক :Mur xekh gaan: 14 অক্টোবৰত আহি আছে মোৰ শেষ গান

ABOUT THE AUTHOR

...view details