চিটাৰা ডেস্ক, 21 অক্টোবৰ: শেহতীয়াকৈ বলীউড অভিনেত্ৰী স্বৰা ভাস্কৰে ছেপ্টেম্বৰ মাহত এটি কন্যা সন্তান জন্ম দি এতিয়া মাতৃত্বৰ জগতত ভৰি দিছে ৷ আজিকালি স্বৰাই নিজৰ নৱজাত শিশুটিৰ সৈতে বিশেষ সময় পাৰ কৰিছে ৷ ইয়াৰ লগতে অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াতো অতি সক্ৰিয় আৰু প্ৰতিদিনে নিজৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ সৈতে জড়িত কথাবোৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰি থাকে ৷
এতিয়া স্বৰা ভাস্কৰে পুনৰবাৰ কন্যাৰ সৈতে এখন ছবি শ্বেয়াৰ কৰি এটা দীঘলীয়া আৰু আৱেগিক পোষ্ট সকলোৰে সৈতে শ্বেয়াৰ কৰে ৷ ইয়াৰ লগতে তেওঁ লিখিছে যে, যদি তেওঁৰ কন্যাৰ জন্ম গাজাত হ’লহেঁতেন তেন্তে কি হ’লহেঁতেন ৷ চাওঁ আহক অভিনেত্ৰী স্বৰা ভাস্কৰৰ পোষ্ট ৷
স্বৰা ভাস্কৰৰ আৱেগিক পোষ্ট
স্বৰা ভাস্কৰে আজি অৰ্থাৎ ২০ অক্টোবৰত তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেল ইনষ্টাগ্ৰামত এখন ছবি শ্বেয়াৰ কৰিছে ৷ এই ছবিখনত দেখা গৈছে যে অভিনেত্ৰীগৰাকীয়ে নিজৰ কন্যা ‘ৰাবিয়া ৰমা’ক কোলাত ধৰি তেওঁৰ ফালে চাই থকা দেখা গৈছে ৷ এই ফটোখন শ্বেয়াৰ কৰাৰ সময়ত অভিনেত্ৰীগৰাকীয়ে এটি টোকাও লিখে ৷
ইয়াত তেওঁ লিখিছে, ‘যিকোনো নতুন মাতৃয়ে গম পাব যে তেওঁ নিজৰ নৱজাত কেঁচুৱাটোলৈ ঘণ্টাৰ পিছত ঘণ্টা ধৰি শান্তি আৰু সুখৰ অনুভৱেৰে চাই থাকিব পাৰে ৷ মইও বেলেগ নহয় আৰু মই নিশ্চিত যে বিশ্বৰ বহু মাতৃৰ দৰেই আমি আমাৰ কেঁচুৱাটোলৈ চাই অনুভৱ কৰা আৱেগক এতিয়া অহৰহ ভয়ংকৰ চিন্তাবোৰে ছাঁ পেলাইছে যিবোৰক আওকাণ কৰাটো কঠিন ৷
ইয়াৰ উপৰিও অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘মই মোৰ ছোৱালীজনীয়ে শান্তিৰে শুই থকা মুখখনি চাই থাকোঁ আৰু ভাবো যে যদি তাইৰ জন্ম গাজাত হ’লহেঁতেন তেন্তে মই তাইক কেনেকৈ ৰক্ষা কৰিলোহেতেন ৷ মই প্ৰাৰ্থনা কৰিছো যে তাই যাতে কেতিয়াও এনে পৰিস্থিতিৰ সন্মূখীন হ’বলগীয়া নহয় তাৰ বাবে আৰু ভাবিছো তাই কি আশীৰ্বাদৰ সৈতে জন্ম হৈছিল ৷ ইয়াৰ সমান্তৰালকৈ গাজাৰ সন্তানসকল কি অভিশাপৰ সৈতে জন্ম লৈছে, যিসকলক প্ৰতিদিনে বন্দীত্বৰ আকাশৰ তলত হত্যা কৰা হৈছে ?
এই কথা কৈ অভিনেত্ৰীগৰাকীয়ে অৱশেষত লিখিছে- ‘এনে এজন ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক যিয়ে শুনিব, গাজাৰ শিশুসকলৰ দুখ-কষ্ট, দুখ-মৃত্যুৰ পৰা ৰক্ষা কৰক, কাৰণ এই পৃথিৱীয়ে তেওঁলোকক সুৰক্ষা নিদিয়ে ৷
লগতে পঢ়ক:Kajol Durga Puja Look: দুৰ্গা পূজাত কাজলৰ লুক দেখি প্ৰশংসাত পঞ্চমুখ অনুৰাগী