চিটাৰা ডেস্ক, 29 নৱেম্বৰ :ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ জুৰী মুৰব্বী নাদাভ লাপিডে বলীউডৰ বিখ্যাত ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ক লৈ দিয়া বক্তব্যই লগাইছে তোলপাৰ । জুৰীৰ মুৰব্বী নাদাভ লাপিডে তেওঁৰ বিতৰ্কিত বক্তব্যৰ বাবে সমালোচনা-সমৰ্থন দুয়োটাই লাভ কৰিছে । তেওঁৰ বক্তব্যত ক্ষুব্ধ হৈ পৰিছে বলীউডৰ বহু অভিনেতা-অভিনেত্ৰী । আনহাতে জুৰীৰ মুৰব্বী নাদাভৰ সমৰ্থনত ওলাই আহিছে বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰ । অভিনেত্ৰী গৰাকীয়ে তেওঁৰ এই বিতৰ্কিত বক্তব্যক লৈ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জানো আহক-
বলীউডত স্পষ্টবাদীতাৰ বাবে পৰিচিত অভিনেত্ৰী স্বৰা ভাস্কৰ । দেশৰ ৰাজনৈতিক আৰু সামাজিক বিষয়ত মুকলিকৈ কথা কোৱাৰ বাবে বহুবাৰ ট্ৰ’ল কৰা হৈছে অভিনেত্ৰী গৰাকীক । কিন্তু একোলৈকে ভ্ৰূক্ষেপ নকৰে অভিনেত্ৰীগৰাকীয়ে ৷ পুনৰ এবাৰ বিতৰ্কৰে আঁৱৰা ছবি দ্য কাশ্মীৰ ফাইলছ সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰিছে স্বৰাই ৷ দৰাচলতে স্বৰাই মুকলিকৈ সমৰ্থন কৰিছে জুৰীৰ মুৰব্বী নাদাভ লাপিডক, যিয়ে বিখ্যাত চলচ্চিত্ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীৰ ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ক ‘অশ্লীল অপপ্ৰচাৰ’ বুলি অভিহিত কৰিছে । স্বৰাই নাদাভ লাপিডৰ এখন ছবি শ্বেয়াৰ কৰি টুইট কৰিছে এইদৰে, ‘আপাত দৃষ্টিত বিশ্বৰ বাবে ই অতি স্পষ্ট’।
আপোনালোকক জনাওঁ, গোৱাত অনুষ্ঠিত 53 সংখ্যক চলচ্চিত্ৰ মহোৎসৱৰ অনুষ্ঠানৰ সামৰণি অনুষ্ঠানত আই এফ এফ আইৰ জুৰী মুৰব্বী নাদাভ লাপিডে ‘দ্য কাশ্মীৰ ফাইলছ’ক ‘অশ্লীল অপপ্ৰচাৰ’ বুলি অভিহিত কৰে । তেওঁ কয়, ‘এনে চলচ্চিত্ৰ মহোৎসৱত এনে এখন ছবি দেখিবলৈ পাই মই আচৰিত হৈছো’ ।