চিটাৰা ডেস্ক, 30 জুন :বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰে মৃত্যুৰ ভাবুকি লাভ কৰিছে । উল্লেখযোগ্য যে অভিনেত্ৰীগৰাকীক মুম্বাইৰ ভাৰ্ছোভাত থকা তেওঁৰ বাসগৃহলৈ মৃত্যুৰ ভাবুকিপূৰ্ণ পত্ৰ প্ৰেৰণ কৰা হৈছে । অভিনেত্ৰীগৰাকীয়ে পলম নকৰাকৈ ততাতৈয়াকৈ মুম্বাই আৰক্ষীৰ ওচৰত বিষয়টোৰ সন্দৰ্ভত অৱগত কৰে । অভিনেত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
স্বৰালৈ ভাবুকিপূৰ্ণ পত্ৰখন কোনে প্ৰেৰণ কৰিছিল সেই সম্পৰ্কত এই মুহূৰ্তলৈকে কোনো তথ্য লাভ কৰা হোৱা নাই । মুম্বাই আৰক্ষীয়ে এই সন্দৰ্ভত এজন ব্যক্তিৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে ।
অভিনেত্ৰীগৰাকীয়ে প্ৰাপ্ত কৰা ভাবুকিপূৰ্ণ পত্ৰখন হিন্দী ভাষাত লিখা হৈছে (Swara Bhaskar news) । পত্ৰখনত অভিনেত্ৰীগৰাকীক বীৰ সাভাৰকাৰক অপমান কৰাৰ বিৰুদ্ধে সতৰ্ক কৰি দিয়া হৈছে ।
ভাবুকিপূৰ্ণ পত্ৰখনত কি লিখা আছে
অভিনেত্ৰীগৰাকীয়ে লাভ কৰা ভাবুকিপূৰ্ণ পত্ৰখনত লিখা হৈছে যে দেশৰ সাহসী যুৱক বীৰ সাভাৰকাৰক অপমান কৰাটো একেবাৰে সহ্য কৰা নহ'ব । এই ভাবুকিপূৰ্ণ পত্ৰখনত অভিনেত্ৰীগৰাকীৰ বাবে অশ্লীল ভাষা ব্যৱহাৰ কৰা হৈছে । পত্ৰখনৰ শেষত ইয়াত 'দেশৰ যুৱক' বুলি লিখি স্বাক্ষৰ কৰা হৈছে ।
স্বৰা ভাস্কৰে দেশৰ ৰাজনৈতিক আৰু সামাজিক বিষয়ত মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰি থাকে (Swara Bhaskar twitter) । কংগনা ৰাণাৱটৰ দৰে তেওঁৱো তেওঁৰ সাহসী আৰু বিন্দাচ ষ্টাইলৰ বাবে জনাজাত ।
অভিনেত্ৰীগৰাকীয়ে সাভাৰকাৰৰ বিষয়ে কি লিখিছিল?
এইটো 2017 বৰ্ষৰ কথা, যেতিয়া অভিনেত্ৰীগৰাকীয়ে তেওঁৰ টুইটাৰত বীৰ সাভাৰকাৰৰ বিষয়ে মন্তব্য কৰি এটা পোষ্ট দিছিল, যাৰ পিছত মানুহৰ মাজত বিতৰ্ক আৰম্ভ হৈছিল (Swara Bhaskar on Veer Savarkar) । স্বৰাই টুইটত লিখিছিল, "সাভাৰকাৰে কাৰাগাৰৰ পৰা ওলাই আহিবৰ বাবে ব্ৰিটিছ চৰকাৰৰ ওচৰত ক্ষমা বিচাৰিছিল । সেয়েহে,তেওঁ 'নায়ক' হ'ব নোৱাৰে" ৷
লগতে পঢ়ক:ইস্ক-বিস্কত শ্বাহিদৰ সৈতে আলিছা সাহায় চৰিত্ৰটোৰে জনাজাত হোৱা অভিনেত্ৰী গৰাকী আক্ৰান্ত এক বিৰল ৰোগত