অসম

assam

Swara Bhaskar : মাতৃ হ’বলৈ ওলাইছে অভিনেত্ৰী স্বৰা ভাস্কৰ, ছ’চিয়েল মিডিযাযোগে দিলে প্ৰসৱৰ তথ্য

অতি শীঘ্ৰে অনুৰাগীক ভাল খবৰ দিবলৈ ওলাইছে বলীউডৰ অন্যতম স্পষ্টবাদী অভিনেত্ৰী স্বৰা ভাস্কৰে । হয়, স্বৰা ভাস্কৰ অন্তঃসত্ত্বা আৰু অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াযোগে এই খবৰ শ্বেয়াৰ কৰিছে (Swara Bhaskar) ৷

By

Published : Jun 6, 2023, 7:20 PM IST

Published : Jun 6, 2023, 7:20 PM IST

Swara Bhaskar announces pregnancy with husband fahad ahmad, flaunts her baby bump
স্বৰা ভাস্কৰ অন্তঃসত্বা

চিটাৰা ডেস্ক, 6 জুন: বি-টাউনৰ পৰা আহিছে এটা ভাল খবৰ ৷ যোৱা বছৰৰ পৰা বি-টাউন আৰু টিভি জগতৰ বহু তাৰকা দম্পতীয়ে পিতৃ-মাতৃ হোৱাৰ সুখ লাভ কৰিছিল। এইবাৰ ছ’চিয়েল মিডিয়াত অনুৰাগীক জনাইছে অভিনেত্ৰী স্বৰা ভাস্কৰে অন্তঃসত্ত্বা হোৱাৰ ভাল খবৰ ৷ অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত স্বামী ফাহাদ আহমেদৰ সৈতে তেওঁৰ ছবি শ্বেয়াৰ কৰিছে । এই ছবিবোৰত স্বৰা ভাস্কৰে দেখুৱাইছে নিজৰ বেবী বাম্প । ছবিবোৰত স্বৰাক স্বামীৰ কোলাত বহি থকা দেখা গৈছে (Swara Bhaskar pregnancy)।

তাৎপৰ্যপূৰ্ণভাৱে,অভিনেত্ৰী স্বৰা ভাস্কৰে ৬ জানুৱাৰীত ৰাজনৈতিক কৰ্মী ফাহাদ আহমেদৰ সৈতে বিশেষ বিবাহ আইনৰ অধীনত বিবাহপাশত আৱদ্ধ হৈছিল (Swara Bhaskar wedding date) ৷ এই খবৰটো লাভ কৰাৰ পিচতে অনুৰাগীসকল বহুত আনন্দিত হৈ পৰিছিল । ইয়াৰ পিচত মাৰ্চ মাহত স্বৰা আৰু ফাহাদৰ পৰম্পৰাগত বিবাহ অনুষ্ঠান অনুষ্ঠিত হয় (Swara Bhaskar)। বিয়াৰ সকলো অনুষ্ঠানৰ প্ৰতিখন ছবি নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল অভিনেত্ৰীগৰাকীয়ে ।

স্বৰা ভাস্কৰৰ ভাল খবৰৰ পোষ্ট

৬ জুনত ছ’চিয়েল মিডিয়াত স্বৰাই নিজৰ অন্তঃসত্ত্বা হোৱাৰ খবৰ শ্বেয়াৰ কৰে ৷ স্বামীৰ সৈতে নিজৰ কেইখন ছবি শ্বেয়াৰ কৰি অনুৰাগীক এই খবৰটো দিয়ে ৷ এই ছবিবোৰত স্বৰাক গোলাপী ৰঙৰ সাজ-পোছাক পৰিধান কৰি স্বামী ফাহাদ আহমেদৰ সৈতে বহি আছে। এই ছবিসমূহ শ্বেয়াৰ কৰি স্বৰাই লিখিছে, ‘কেতিয়াবা আপোনাৰ সকলো প্ৰাৰ্থনাৰ উত্তৰ একেলগে পোৱা যায়, নতুন পৃথিৱীত ভৰি দিয়াৰ লগে লগে ধন্য, কৃতজ্ঞতা আৰু উত্তেজনা অনুভৱ কৰি আছো ।’

প্ৰসৱ কেতিয়া হ’ব ?

অক্টোবৰ মাহত মাতৃ হোৱাৰ কথা স্বৰাই নিজৰ পোষ্টত জনাইছে । সেই অনুসৰি স্বৰা বৰ্তমান পাঁচ মাহৰ অন্তঃসত্ত্বা । উল্লেখ্য যে এই খবৰৰ পিচতেই স্বৰাৰ অনুৰাগীৰ মুখত হাঁহি বিৰিঙিছে আৰু অভিনেত্ৰীগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে কৰিছে অনুৰাগীসকলে ।

লগতে পঢ়ক:Adipurush: হনুমানৰ বাবে বুক কৰা হ’ব সকলো থিয়েটাৰৰ প্ৰথমখন আসন; দৰ্শকৰ সৈতে বহি ছবিগৃহত আদিপুৰুষ উপভোগ কৰিব হনুমানে

ABOUT THE AUTHOR

...view details