চিটাৰা ডেস্ক, 2 মাৰ্চ: হৃদৰোগত আক্ৰান্ত হৈছিল অভিনেত্ৰী সুস্মিতা সেন (Sushmita Sen suffered heart attack) ৷ এই কথা সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰিছে খোদ অভিনেত্ৰীগৰাকীয়ে ৷ ইয়াৰ বিষয়ে সবিশেষ শ্বেয়াৰ কৰিবলৈ অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰাম যোগে এটা পোষ্ট কৰিছিল । পোষ্টটোত হৃদৰোগত আক্ৰান্ত হোৱাৰ কথা উল্লেখ কৰিছে অভিনেতাগৰাকীয়ে (Sushmita Sen sufferheart attack) ৷ ইয়াৰ পিচতে অনুৰাগী আৰু অনুগামীসকলে তেওঁৰ সুস্বাস্থ্য কামনা কৰি কমেন্ট কৰা দেখা গৈছে ।
অভিনেত্ৰীগৰাকীয়ে লিখিছে, "কেইদিনমান পূৰ্বে মোৰ এটা হাৰ্ট এটেক হৈছিল ৷ যাৰবাবে এঞ্জিওপ্লাষ্টি কৰা হৈছে ৷ আটাইতকৈ ডাঙৰ কথাটো হ’ল মোৰ কাৰ্ডিঅ’লজিষ্টে পুনৰ নিশ্চিত কৰিলে "I do have a Big heart" । অভিনেত্ৰীগৰাকীয়ে লগতে এই সময়চোৱাত তেওঁৰ লগত থকা তথা প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়োৱা সকলোকে কৃতজ্ঞতা জনায় ৷
তেওঁ আৰু কয় যে, "এই পোষ্টটো কেৱল মই মোৰ শুভাকাংক্ষী আৰু আপোনজনৰ বাবে কৰিছো ৷ ভাল খবৰটো হ’ল যে সকলো ঠিকেই আছে আৰু মই আকৌ জীৱনৰ বাবে সাজু হৈছো ! মই মোৰ অনুৰাগীক বহুত ভাল পাওঁ ৷ #godisgreat #duggadugga।"