চিটাৰা ডেস্ক, 31 মাৰ্চ:শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত চৰ্চিত হৈ আছে বলীউডৰ মোহময়ী অভিনেত্ৰী সুস্মিতা সেন । কেতিয়াবা যদি স্বাস্থ্যৰ বাবে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে, আন কেতিয়াবা আকৌ আগন্তুক ধাৰাবাহিক ‘তালি’ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে । এনে পৰিস্থিতিত ৩১ মাৰ্চত অৰ্থাৎ আজি আন্তঃৰাষ্ট্ৰীয় তৃতীয় লিংগ দৃশ্যমানতা দিৱসত অভিনেত্ৰীগৰাকীৰ ধাৰাবাহিক ‘তালি’ৰ সৈতে জড়িত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে ছ’চিয়েল মিডিয়াত ৷ ভিডিঅ’টো শ্বেয়াৰ কৰি সমাজত তৃতীয় লিংগৰ সৈতে হোৱা ভেদভাৱক লৈ এক সামাজিক বাৰ্তা প্ৰেৰণৰ চেষ্টা কৰিছে অভিনেত্ৰীগৰাকীয়ে ।
আন্তঃৰাষ্ট্ৰীয় তৃতীয় লিংগ দৃশ্যমানতা দিৱস প্ৰতি বছৰে ৩১ মাৰ্চত পালন কৰা হয় (International Transgender Day of Visibility)। এই বিশেষ দিনটোত তৃতীয় লিংগসকলৰ অধিকাৰ আৰু তেওঁলোকে সন্মুখীন হোৱা অন্যায় আৰু বৈষম্যৰ বিষয়ে আলোচনা কৰা হয় (Sushmita sen taali) ।
হাত চাপৰি কিয় বজোৱা হয় ?
‘আন্তঃৰাষ্ট্ৰীয় ট্ৰেন্সজেণ্ডাৰ ডে অৱ ভিজিবিলিটি’ উপলক্ষে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে অভিনেত্ৰী সুস্মিতা সেনে । এই ভিডিঅ’টোত অভিনেত্ৰীগৰাকীক দেখা গৈছে সমাজকৰ্মী তথা তৃতীয় লিংগৰ কৰ্মী শ্ৰীগৌৰী সাৱন্তৰ সৈতে । ভিডিঅ’টোৰ আৰম্ভণিতে গৌৰীয়ে হাত চাপৰি বজাই কয়, ‘কিউ বাজতি হে তালি ? মাত্ৰ কেইটামান টকা বিচাৰিবলৈ ? আপোনাৰ মনোযোগ আকৰ্ষণ কৰিবলৈ ? খং উলিয়াবলৈ? নে আঁঠু লুকুৱাবলৈ ? এই কাৰণেই নেকি হাত চাপৰি বজোৱা চলি থাকিব ?