অসম

assam

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 5:42 PM IST

ETV Bharat / entertainment

Sushant Singh Rajput: ৰাখীবন্ধনত সুশান্ত সিং ৰাজপুতলৈ মনত পেলাই আবেগিক পোষ্ট ভগ্নী শ্বেতা সিঙৰ

বলীউডৰ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ ভগ্নীয়ে ভাতৃক স্মৰণ কৰি এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে ৷ যোৱা তিনি বছৰে অভিনেতাগৰাকীৰ চাৰিগৰাকী ভগ্নীয়ে কাকো ৰাখী পিন্ধোৱা নাই ৷

Sushant Singh Rajputs Sisters Pen Heartfelt Notes For The Late Actor On Raksha Bandhan
সুশান্ত সিং ৰাজপুতৰ ভগ্নীয়ে ভাতৃক স্মৰণ কৰি এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে

চিটাৰা ডেস্ক, ৩০ আগষ্ট: ৩০ আগষ্টত অৰ্থাৎ আজি সমগ্ৰ দেশতে ৰাখীবন্ধন উৎসৱ পালন কৰা হৈছে । চলচ্চিত্ৰ তাৰকাৰ পৰা সাধাৰণ মানুহলৈকে ৰাখীবন্ধন উপলক্ষে ছ’চিয়েল মিডিয়াত ভাই-ভনীৰ ছবি শ্বেয়াৰ কৰিছে । ইফালে এই বিশেষ দিনটোত প্ৰয়াত বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ ভগ্নীয়ে ভাতৃক স্মৰণ কৰি এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে ৷

ভাতৃ সুশান্তলৈ মনত পৰিল শ্বেতা সিং কীৰ্তিৰ

সুশান্ত সিং ৰাজপুতে এই পৃথিৱী এৰি যোৱা আজি ৩ বছৰ হ’ল । এই তিনি বছৰত অভিনেতাগৰাকীৰ পৰিয়ালে তেওঁক দিনে নিশাই স্মৰণ কৰিছে । যোৱা তিনি বছৰে অভিনেতাগৰাকীৰ চাৰিগৰাকী ভগ্নীয়ে কাকো ৰাখী পিন্ধোৱা নাই ৷ প্ৰতি বছৰে ৰাখীবন্ধনত সুশান্তৰ ভগ্নী শ্বেতা সিং কীৰ্তিয়ে ভাতৃৰ সৈতে কটোৱা মুহূৰ্তৰ স্মৃতিবোৰ শ্বেয়াৰ কৰে ৷ এইবাৰো ব্যতিক্ৰম নহয় ৷

শ্বেতাই শ্বেয়াৰ কৰিলে এটা ভিডিঅ’

শ্বেতা সিং কীৰ্তিয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে ৷ লগতে এটা মৰমলগা কেপচনো লিখিছে । এই ভিডিঅ’টোত ভগ্নী-ভাতৃৰ প্ৰতিটো বিশেষ মুহূৰ্ত দেখুওৱা হৈছে ৷ লগতে লিখিছে, "কেতিয়াবা এনে লাগে যেন তুমি ক’লৈকো যোৱা নাই, তুমি ইয়াত আছা। কেতিয়াবা মোৰ এনে লাগে যে এতিয়া মই আৰু তোমাক কেতিয়াও দেখা নাপাম নে, তোমাৰ লগত কেতিয়াও কথা পাতিব নোৱাৰিম । তোমাৰ হাঁহি, তোমাৰ মাত কেতিয়াও শুনিব নোৱাৰিম । তোমাক হেৰুৱাৰ বেদনা কাৰোবাৰ লগত ভাগ কৰিব বিচাৰিলেও কৰিব নোৱাৰিম ৷ এইটো মোৰ হৃদয়ৰ অতি ওচৰৰ আৰু ইমানেই ওচৰৰ কথা যে ইয়াক বৰ্ণনা কৰিবলৈ শব্দ প্ৰায়েই বিচাৰি পোৱা নাযায় ।’’

শ্বেতাই লগতে লিখিছে, “বেদনাটো দিনে দিনে গভীৰ হৈ আহিছে, এই বস্তুগত জগতখনৰ ক্ষন্তেকীয়া স্বৰূপটো উদঙাই দিছে, যাৰ একমাত্ৰ সমাধান হৈছে ঈশ্বৰ । ভাই, তোমাক সোনকালে সিপাৰে দেখা পাম, যেতিয়ালৈকে মইও ধেমালি, মনোৰঞ্জন বা প্ৰেৰণা দিয়াৰ কাহিনী হৈ নপৰো । মই মোৰ হাতত ৰাখী বান্ধি প্ৰাৰ্থনা কৰোঁ যাতে তুমি য’তেই নাথাকা কিয় শান্তি আৰু আনন্দত থাকা। বহুদিন হ’ল। মোৰ ফালৰ পৰা মৰম দিলো ৷ গুডিয়া দি ।

২০২০ চনত মৃত্যু হৈছিল সুশান্তৰ

সেই দিনটো আছিল ২০২০ চনৰ ১৪ জুন ৷ সেই দিনটোতে সংঘটিত হৈছিল সেই অনাকাংক্ষিত ঘটনাটো ৷ ফ্লেটৰ পৰা মৃত অৱস্থাত উদ্ধাৰ হৈছিল সুশান্ত সিং ৰাজপুত ৷ এই ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছিল ৷ আজিও সেই দিনটো কোনেও পাহৰিব পৰা নাই ৷ অৱশ্যে সুশান্তৰ মৃত্যু কেনেকৈ হৈছিল, এয়া আত্মহত্যা নে হত্যা সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷

লগতে পঢ়ক:Raksha Bandhan 2023: এইসকল বলীউডৰ আটাইতকৈ ষ্টাইলিছ ভাই-ভনী, নিজা ষ্টাইলেৰে প্ৰায়ে দখল কৰে বাতৰিৰ শিৰোনাম

ABOUT THE AUTHOR

...view details