অসম

assam

ETV Bharat / entertainment

Suruj Theatre নৱ ৰূপত পূৰ্ণোদ্যমে সাজু হৈ উঠিছে সুৰুজ থিয়েটাৰ

ক'ভিডকালীন পৰিস্থিতিৰ পাছত ভ্ৰাম্যমাণ জগতত খলকনি তুলিবলৈ ন-উদ্যমেৰে সাজু হৈছে সুৰুজ থিয়েটাৰ (Suruj Theatre is getting ready in a new form ) ৷ নাট, সংগীত, কলা-কুশলী সকলো পিনৰ পৰাই দৰ্শকক আমোদ দিব পাৰিব বুলি আশাবাদী সুৰুজ থিয়েটাৰৰ কৰ্মীবৃন্দ ৷

Suruj Theatre
Suruj Theatre নৱ ৰূপত পূৰ্ণোদ্যমে সাজু হৈ উঠিছে সুৰুজ থিয়েটাৰ

By

Published : Aug 31, 2022, 1:05 PM IST

Updated : Aug 31, 2022, 1:11 PM IST

চিটাৰা ডেস্ক, 31 আগষ্ট : অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ এক চিনাকি নাম সুৰুজ থিয়েটাৰ । টিংখাঙৰ বামুণবাৰীৰ দৰে এটা মফচলীয়া অঞ্চলৰ পৰা প্ৰযোজক মনোজ বৰগোহাঁইৰ অলেখ কষ্ট, ত্যাগ আৰু সংগ্ৰামৰ মাজেৰে আহি আহি এইবাৰ ৩২ তম নাট্যবৰ্ষত ভৰি দিছে থিয়েটাৰ সুৰুজে । কাৰিকৰী চমক তথা গ্লেমাৰৰ অঘোষিত প্ৰতিযোগিতাৰ বিপৰীতে অসমীয়া সমাজ জীৱনৰ সৈতে সংপৃক্ত নিপোটল কাহিনী আৰু সুদক্ষ অভিনেতা-অভিনেত্ৰী , কলা-কুশলীৰে বিগত বছৰ সমূহত দৰ্শক ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হোৱা সুৰুজ থিয়েটাৰ পুনৰবাৰ সাজু হৈছে ন উদ‌্যমেৰে ।

দৰ্শকক আমোদ দিয়াৰ লক্ষ্যৰে এতিয়া চলিছে যুদ্ধকালীন আখৰা । প্ৰযোজক মনোজ বৰগোহাঁইৰ সুৰুজ থিয়েটাৰে এইবাৰ লৈ আহিছে বিশিষ্ট নাট্যকাৰ চম্পক শৰ্মাৰ 'মৰমৰ যুঁজাৰু' , পল্লৱ পৱনৰ 'জাৰজ ৰাজা' আৰু কবিন ৰাজৰ 'অযোধ্যাৰ প্ৰেয়সী' নামৰ তিনিখন আটকধুনীয়া নাটক ।

Suruj Theatre নৱ ৰূপত পূৰ্ণোদ্যমে সাজু হৈ উঠিছে সুৰুজ থিয়েটাৰ

জ্যেষ্ঠ অভিনেতা ৰাতুল বৰা, জিতু গগৈ, ৰাজ বৰুৱা, প্ৰণামিকা মুদৈৰ দৰে বহু ন-পুৰণি শিল্পীৰ উচ্চ মানৰ অভিনয়ে এইবাৰ দৰ্শকৰ মন চুই যাব । প্ৰতিশ্ৰুতি সম্পন্ন সংগীত পৰিচালকদ্বয় উজ্জ্বল কোঁৱৰ আৰু পৰাগ গগৈয়ে সংগীত পৰিচালনা কৰা থিয়েটাৰ সুৰুজৰ গীত সমূহে মঞ্চত খলকনিৰ সৃষ্টি কৰিব বুলি আশা কৰিব পাৰি । বিশিষ্ট কৰিঅ'গ্ৰাফাৰ মুন্না আহমেদে দৰ্শকৰ মনোৰঞ্জনৰ বাবে কিছু নতুনত্বৰ প্ৰয়াস কৰিছে (Assam mobile theatre groups suruj theatre) ।

ক'ভিডকালীন পৰিস্থিতিৰ বাবে বিগত দুটা বছৰ স্তব্ধ হৈ পৰা ভ্ৰাম্যমাণ নাট্য দল সমূহক এইবাৰ ৰাইজে উৎসাহ যোগাব বুলি আশাবাদী প্ৰযোজক মনোজ বৰগোঁহাইৰ লগতে কলা-কুশলী সকল । সকলোৰে আশা সুৰুজ থিয়েটাৰৰ তিনিওখন ভিন্ন স্বাদৰ নাটকে নাট্যপ্ৰেমীৰ পৰা ভাল সঁহাৰি লাভ কৰিব ।

লগতে পঢ়ক :বুলু ফিল্মৰ প্ৰচাৰৰ সময়তে হিমাংশু প্ৰসাদ দাসৰ ছবিক নকলৰ প্ৰসংগ

Last Updated : Aug 31, 2022, 1:11 PM IST

ABOUT THE AUTHOR

...view details