অসম

assam

ETV Bharat / entertainment

Suror Deul Part 2 : তিনিচুকীয়াত অনুষ্ঠিত হৈ যায় সুৰৰ দেউল খণ্ড-২ ৰ চূড়ান্ত প্ৰতিযোগিতা - Barsha Rani Bishaya

বৰগাঁও যুৱ সংঘ আৰু আদৰ্শ পুথিভঁৰালৰ উদ্যোগত, বৰগাঁও মহিলা সমিতি আৰু বাৰেকুৰিবাসী ৰাইজৰ সহযোগত তিনিচুকীয়া জিলাৰ বাৰেকুৰিত বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আৰু যুৱ সংঘ আৰু মহিলা সমিতিৰ ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱস আয়োজন কৰা হয় ৷

Suror Deul Part 2 competition held in Tinsukia organized by Bargaon Youth Association and Adarsh Library
সুৰৰ দেউল খণ্ড ২ ৰ চূড়ান্ত প্ৰতিযোগিতা সম্পন্ন

By

Published : Jun 22, 2023, 3:44 PM IST

সুৰৰ দেউল খণ্ড ২ ৰ চূড়ান্ত প্ৰতিযোগিতা সম্পন্ন

তিনিচুকীয়া, ২২ জুন: তিনিচুকীয়া জিলাত এক ব্যতিক্ৰমী ৰূপত উদযাপন কৰা হ’ল বিষ্ণুপ্ৰসাদ ৰাভা দিৱস ৷ তিনিচুকীয়া জিলাৰ বাৰেকুৰিত বৰগাঁও সতী সাধিনী ভৱনত দুদিনীয়াকৈ বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আৰু যুৱ সংঘ আৰু মহিলা সমিতিৰ ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱস আয়োজন কৰা হয় ৷ বৰগাঁও যুৱ সংঘ আৰু আদৰ্শ পুথিভঁৰালৰ উদ্যোগত, বৰগাঁও মহিলা সমিতি আৰু বাৰেকুৰিবাসী ৰাইজৰ সহযোগত আয়োজন কৰা হয় এই অনুষ্ঠানৰ ৷

এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি সুৰৰ দেউল খণ্ড-২ ৰ চূড়ান্ত প্ৰতিযোগিতাখনিও আয়োজন কৰা হয় ৷ দুদিনীয়াকৈ আয়োজন কৰা উক্ত সুৰৰ দেউল প্ৰতিযোগিতাত জিলাখনৰ লগতে কাষৰীয়া অঞ্চলৰ বহু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ ১৩ আৰু ১৪ জুনত মাকুমৰ বনমালী ভৱনত আয়োজন কৰা প্ৰাথমিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ পৰা নিৰ্বাচন হোৱা মুঠ ১২ গৰাকী প্ৰতিযোগীৰ মাজত বুধবাৰে সন্ধিয়াৰ পৰা প্ৰতিযোগিতাখনি অনুষ্ঠিত হয় ।

বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতসমূহৰ লগতে থলুৱা গীতসমূহ যাতে যুৱ প্ৰজন্মই আদৰি লয় আৰু শিকাৰ চেষ্টা কৰে সেই উদ্দেশ্যে আগত ৰাখি এই প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷ দ্বিতীয় বাৰৰ বাবে আয়োজন কৰা হয় এই অনুষ্ঠানটো ৷ উল্লেখ্য যে বুধবাৰে উক্ত চূড়ান্ত প্ৰতিযোগিতাখনিৰ সঞ্চালক হিচাপে উপস্থিত থাকে অসমৰ ছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া ।

উল্লেখ্য যে বুধবাৰে পুৱাই তৰ্ক প্ৰতিযোগিতা, একক অভিনয় আদি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আয়োজন কৰা হয় আৰু লগতে থাকে বঁটা বিতৰণী অনুষ্ঠান ৷ সুৰৰ দেউল খণ্ড-২ এইবৰ্ষত প্ৰথম স্থান লাভ কৰে প্ৰিঞ্চিপ্ৰিয়া নাথে, দ্বিতীয় স্থান লাভ কৰে প্ৰীতম দত্তই আৰু তৃতীয় স্থান লাভ কৰে কাবেৰী ফুকনে ৷

লগতে পঢ়ক:Dharmendra First Wife: দীৰ্ঘদিন পিচত ধৰ্মেন্দ্ৰৰ লগতে দেখা গ’ল প্ৰথমা পত্নী প্ৰকাশ কৌৰক, চাওক দেউল পৰিয়ালৰ ফটো

লগতে পঢ়ক:Manoj Muntashir: মনোজ মুন্টাশ্বিৰৰ আন এক বিস্ফোৰক মন্তব্য, ক্ষুব্ধ ব্যৱহাৰকাৰীয়ে ক’লে - মনে মনে থাকক, এতিয়াও সময় আছে

লগতে পঢ়ক:Shri Raghupati: শ্ৰী ৰঘুপতি চাই কি ক’লে মন্ত্ৰী ৰণজিৎ দাসে?

ABOUT THE AUTHOR

...view details