অসম

assam

SC on Ekta Kapoor : একতা কাপুৰক তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ

By

Published : Oct 15, 2022, 2:23 PM IST

উচ্চতম ন্যায়ালয়ে একতা কাপুৰক তীব্ৰ সমালোচনা কৰি কয় যে একতাই যুৱ প্ৰজন্মৰ মন কলুষিত কৰিছে (Ekta Kapoor news) ৷ তেওঁৰ ৱেব চিৰিজ ‘ট্ৰিপল এক্স’ (XXX) সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কঠোৰ ভাষাৰে গৰিহণা দিছে একতা কাপুৰক ৷

supreme court
একতা কাপুৰক তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ

চিটাৰা ডেস্ক, 15 অক্টোবৰ :বলীউড আৰু টিভি জগতৰ সুপৰিচিত প্ৰযোজক একতা কাপুৰ বিতৰ্কৰ মাজত সোমাই পৰিছে । শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে অ’টিটি প্লেটফৰ্মত প্ৰচাৰিত তেওঁৰ ৱেব চিৰিজ ‘ট্ৰিপল এক্স’ (XXX)ৰ ওপৰত কঠোৰ ধমক দিয়ে প্ৰযোজক গৰাকীক (Supreme court on Ekta Kapoor)। ধাৰাবাহিকখন সন্দৰ্ভত আদালতত গোচৰ চলি থকাৰ সময়তে এতিয়া উচ্চতম ন্যায়ালয়ে একতা কাপুৰক জনাইছে যে তেওঁ দেশৰ যুৱক-যুৱতীসকলৰ মন প্ৰদূষিত কৰিছে ।

অ’টিটি প্লেটফৰ্মত প্ৰচাৰিত ৱেব চিৰিজ XXX ত জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যক লৈ আপত্তিজনক দৃশ্য দেখুওৱা হৈছে ৷ জোৱান পৰিয়ালৰ আৱেগক আঘাত দিয়াৰ অভিযোগত তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰ ৱাৰেণ্ট জাৰি কৰা হৈছিল । ইয়াৰ বিৰুদ্ধে একতা উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল । বিহাৰৰ বেগুচৰায়ৰ এখন আদালতত একতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল প্ৰাক্তন সেনা জোৱান শম্ভু কুমাৰে । জোৱানজনে অভিযোগ কৰে যে ৱেব চিৰিজৰ দ্বিতীয় চিজনত এজন জোৱানৰ পত্নীৰ সৈতে আপত্তিজনক দৃশ্য প্ৰচাৰ কৰা হৈছিল ।

বেগুচৰায় আদালতৰ ৱাৰেণ্টৰ বিৰুদ্ধে প্ৰথমে পাটনাৰ আদালতত আবেদন দাখিল কৰিছিল একতা কাপুৰে । কিন্তু উচ্চ ন্যায়ালয়ৰ শুনানিত পলম হোৱাৰ বাবে তেওঁ উচ্চতম ন্যায়ালয়ত হাজিৰ হয় । একতাৰ আবেদনৰ ওপৰত কোনো নিৰ্দেশ গৃহীত কৰাৰ পৰিৱৰ্তে উচ্চতম ন্যায়ালয়ে গোচৰ স্থগিত ৰাখিলে ।

উচ্চতম ন্যায়ালয়ে তেওঁক উচ্চ ন্যায়ালয়ত শুনানিৰ অৱস্থা জানিবলৈ স্থানীয় এজন অধিবক্তাৰ সহায় ল’বলৈ পৰামৰ্শ দিয়ে । ন্যায়াধীশ অজয় ​​ৰোহটগী আৰু ৰবি কুমাৰৰে গঠিত বিচাৰপীঠে এই সন্দৰ্ভত কয় যে আপুনি ভাৰতীয় যুৱক-যুৱতীসকলক বিভ্ৰান্ত কৰি আছে । OTT বিষয়বস্তু সকলোৰে বাবে সুলভ । চিৰিজটোত দেখুওৱা দৃশ্যাৱলীয়ে যুৱ প্ৰজন্মৰ মন কলুষিত কৰি তুলিছে ৷

ইয়াৰ পূৰ্বে একতাৰ অধিবক্তা মুকুল ৰোহটগীয়ে কয় যে পাটনা উচ্চ ন্যায়ালয়ত তদন্ত দাখিল কৰা হৈছে । কিন্তু শীঘ্ৰে শুনানিৰ দিন ধাৰ্য কৰাৰ কোনো আশা নাই । এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ে জনোৱা মতে, পাটনা উচ্চ ন্যায়ালয়ত গোচৰটোৰ শুনানিৰ অৱস্থা পৰীক্ষা কৰিবলৈ স্থানীয় অধিবক্তা নিযুক্তি কৰিব ।

লগতে পঢ়ক :Elnaaz Norouziচেক্ৰেড গেমছ খ্যাত এলনাজ নৰৌজী নামিল ইৰাণৰ মহিলাৰ সমৰ্থনত

ABOUT THE AUTHOR

...view details