অসম

assam

The Kerala Story : পশ্চিমবংগত ‘দ্য কেৰালা ষ্ট’ৰী’ৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলে উচ্চতম ন্যায়ালয়ে

By

Published : May 18, 2023, 6:42 PM IST

পশ্চিমবংগত দ্য কেৰালা ষ্ট’ৰী ছবিখনৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰি উচ্চতম ন্যায়ালয়ে ছবিখন অতি সোনকালে মুক্তিৰ নিৰ্দেশ প্ৰদান কৰিছে (The Kerala Story) ।

SUPREME COURT LIFTS BAN ON RELEASE OF FILM THE KERALA STORY IN BENGAL
দ্য কেৰালা ষ্ট’ৰীৰ সন্দৰ্ভত আদালতৰ বৃহৎ ৰায়দান

চিটাৰা ডেস্ক,18 মে’: সুদীপ্ত সেনৰ পৰিচালিত বিতৰ্কিত ছবি ‘দ্য কেৰেলা ষ্ট’ৰী’ সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ে এক বৃহৎ ৰায়দান কৰে (The Kerala Story)। পশ্চিমবংগত ‘দ্য কেৰালা ষ্ট’ৰী’ ছবিখনৰ মুক্তিৰ ওপৰত থকা নিষেধাজ্ঞা আঁতৰাই অতি সোনকালে ছবিখন মুক্তি দিবলৈ নিৰ্দেশ দিছে আদালতে । আদালতে দিয়া এই ৰায়দানৰ পিচতেই অতি শীঘ্ৰেই পশ্চিমবংগত মুক্তি পাব ছবিখন আৰু দৰ্শকে উপভোগ কৰিব পাৰিব ছবিখন ।

উল্লেখ্য যে, যোৱা ৫ মে’ত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মুক্তি পোৱা ‘দ্য কেৰালা ষ্ট’ৰী ছবিখন পশ্চিমবংগত মমতা চৰকাৰে নিষেধাজ্ঞা জাৰি কৰিছিল । এই বিষয়ত এতিয়া উচ্চতম ন্যায়ালয়ৰ ৰায় প্ৰদান কৰে । চলচ্চিত্ৰ নিৰ্মাতাৰ সপক্ষে শুনানি গ্ৰহণ কৰে আদালতে ৷ সেয়েহে এতিয়া পশ্চিমবংগৰ ৰাইজেও অতি সোনকালে ছবিগৃহত চাব পাৰিব ‘দ্য কেৰালা ষ্ট’ৰী’ (SC lifts West Bengal ban on The Kerala Story)।

আজি গোচৰৰ শুনানি গ্ৰহণ কৰি আদালতে কয় যে, সমাজত জনসাধাৰণৰ অসহিষ্ণুতাক প্ৰসাৰিত কৰিবলৈ আইন ব্যৱহাৰ কৰাটো ভুল । যদি এনেদৰে চলি থাকে তেন্তে ভৱিষ্যতে নীতি-নিয়মৰ অভাৱত এনে বিষয়বস্তুৰ ছবি মুক্তি নাপাব । গোচৰটোৰ প্ৰতি লক্ষ্য ৰাখি আদালতে কয় যে ৰাজ্যত আইন-শৃংখলা বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ আৰু প্ৰথমতে ই ৰাষ্ট্ৰৰ কৰ্তব্য।

পশ্চিমবংগত মমতা চৰকাৰে ‘The Kerala Story’ ছবিখন নিষিদ্ধ ঘোষণা কৰি কৈছিল যে, এইখন এখন বিকৃত ছবি । মমতাই কয় যে ৰাজ্যত সাম্প্ৰদায়িক অশান্তিৰ সৃষ্টি ৰোধ কৰিবলৈ আৰু সকলো ধৰণৰ হিংসাৰ পৰা হাত সাৰিবলৈ আৰু ৰাজ্যত শান্তি বজাই ৰাখিবলৈ ইয়াক নিষিদ্ধ কৰা হৈছে । লগতে তেওঁ ‘দ্য কেৰালা ষ্ট’ৰী’ ছবিখনক ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিৰ সৈতেও তুলনা কৰিছিল ।

ইফালে আজি এই শুনানিত উচ্চতম ন্যায়ালয়ে সুদীপ্ত সেনৰ পৰিচালনাত নিৰ্মিত ছবিখন চাবলৈ ইচ্ছা প্ৰকাশ কৰিছে।

আনহাতে, বক্স অফিচত ‘দ্য কেৰালা ষ্ট’ৰী’ৰ উপাৰ্জন অব্যাহত আছে । ১২ দিনত ১৫০ কোটি টকা অতিক্ৰম কৰি অতি সোনকালে ২০০ কোটিৰ ঘৰত প্ৰৱেশ কৰিবলৈ ওলাইছে ছবিখন । ত্ৰয়োদশ দিনত ১৬৪.৫৯ কোটি সংগ্ৰহৰ অভিলেখ সৃষ্টি কৰিছে ছবিখনে (Kerala story news) ।

বক্স অফিচ সংগ্ৰহ: দ্য কেৰালা ষ্ট’ৰী

৫ মে’ (প্ৰথম দিন) ৮.০৩ কোটি টকা

৬ মে’ (দ্বিতীয় দিন) ১১.২২ কোটি টকা

৭ মে’ (তৃতীয় দিন) ১৬.৪০ কোটি টকা

৮ মে’ (৪ তাৰিখ) ১০.০৭ কোটি টকা

৯ মে’ (পঞ্চম দিন) ১১.১৪ কোটি টকা

১০ মে’ (ষষ্ঠ দিন) ১২ কোটি টকা

১১ মে’(সপ্তম তাৰিখ) ১২.৫০ কোটি টকা

১২ মে’ (অষ্টম দিন) ১২.৫০ কোটি টকা

১৩ মে’ (নৱম দিন) ১৯.৩৫ কোটি টকা

১৪ মে’ (দশম দিন) ২৩ কোটি টকা

১৫ মে’ (একাদশ তাৰিখ) ১০ কোটি টকা

১৬ মে’ (দ্বাদশ দিন) ৯.৬৫ কোটি টকা

১৭ মে’ (ত্ৰয়োদশ দিন) ৭.৯০ কোটি টকা

ছবিখনৰ মুঠ ব্যৱসায় ১৬৪.৫৯ কোটি হয়

লগতে পঢ়ক:Adah Sharma accident: মৃত্যুৰ ভাবুকিৰ মাজতে দুৰ্ঘটনাৰ সন্মুখীন হয় আদা শৰ্মা; ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে তথ্য

ABOUT THE AUTHOR

...view details