চিটাৰা ডেস্ক, 12 ছেপ্টেম্বৰ:- দক্ষিণৰ চুপাৰষ্টাৰ প্ৰভাসে এই বছৰ দিল্লীৰ বিখ্যাত লৱ-কুশ ৰামলীলা উৎসৱত ৰাৱণৰ প্ৰতিমূৰ্তি দাহ কৰিবলৈ ওলাইছে । প্ৰতিবছৰৰ দৰেই লৱ-কুশ ৰামলীলা কমিটিয়ে আগন্তুক 26 ছেপ্টেম্বৰৰ আয়োজন কৰা দশেহৰা উদযাপনৰ সময়ত দিল্লীত হাজাৰ হাজাৰ লোক সংগঠিত হ’ব ।
আটাইতকৈ আকৰ্ষণীয় পেণ্ডেল তৈয়াৰ কৰাৰ বাবে পৰিচিত এই কমিটিয়ে চলিত বৰ্ষত লালকিল্লাৰ লনত অযোধ্যাৰ ৰাম মন্দিৰ থিম লৈ এই পেণ্ডেল নিৰ্মাণ কৰিব । এইবাৰ 5 অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া বিজয়া দশমীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰভাসে ।
এটা সংবাদ অনুষ্ঠানৰ সৈতে হোৱা কথা-বতৰাত লৱ-কুশ ৰামলীলা কমিটিৰ মুৰব্বী অৰ্জুন কুমাৰে কয় যে, "যিহেতু প্ৰভাসে ইতিমধ্যে আগন্তুক ছবি আদিপুৰুষত ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰিছে, গতিকে তেওঁতকৈ আৰু কোন ভাল হ’ব ৰাৱণ দহনৰ বাবে । তেওঁ দশেহৰাৰ দিনা দুষ্ট ৰাৱণক জ্বলাই দিব" ৷