চিটাৰা ডেস্ক, ১২ জানুৱাৰী: বৰ্তমান প্ৰযুক্তিবিদ্যা যিমানেই আগবাঢ়ি গৈছে, সিমানেই মানুহৰ কাম সহজ হৈ গৈছে ৷ যিটো কাম কৰিবলৈ পূৰ্বে বহু সময় লাগিছিল এতিয়া সেই কাম কম্পিউটাৰ বা মোবাইলৰ জৰিয়তে অতি সহজেই কৰিব পাৰি ৷ কিন্তু প্ৰযুক্তিবিদ্যাই মানুহৰ কাম যিমানেই সহজ কৰিছে, সিমানেই এই প্ৰযুক্তিবিদ্যাৰ দূৰ্ব্যৱহাৰে মানুহৰ জীৱন বিপদাপন্নও কৰি তুলিছে ৷ সকলো বস্তুৰে যেনকৈ ভাল বেয়া গুণ দুয়োটাই আছে, ঠিক তেনেকৈয়ে প্ৰযুক্তিবিদ্যাৰো ভাল বেয়া দুয়োটা গুণেই আছে ৷ শেহতীয়াকৈ কৃত্ৰিম বুদ্ধিমত্তা (AI) ৰ সহায়ত মানুহৰ কাম বহু গুণে সহজ হৈছে কিন্তু AI য়ে মানুহৰ জীৱন বিপদাপন্নও কৰিছে ৷
শেহতীয়াকৈ AI ৰ সহায়ত চেলিব্ৰিটিৰ ডিপফেক ভিডিঅ’ তৈয়াৰ কৰি ছ’চিয়েল মিডিয়া ভাইৰেল কৰিছে একাংশ দুৰ্বৃত্তই ৷ ডিপফেক ভিডিঅ’ মানে কি ? দৰাচলতে ডিপফেক ভিডিঅ’ হৈছে যেতিয়া কোনো এগৰাকী ব্যক্তিৰ মুখত আন এগৰাকীৰ মুখ লগাই দিয়া হয় ৷
এতিয়া প্ৰায় প্ৰতিদিনে কোনোবা নহয়, কোনাবা এগৰাকী লোক ডিপফেকৰ বলি হৈ আহিছে । শেহতীয়াকৈ ইয়াৰ বলি হৈছিল দক্ষিণৰ অভিনেত্ৰী ৰশ্মিকা মন্দন্না, কাজল, কেটৰিণা কাইফ । এই খবৰটোৱে ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰিছিল । এতিয়া ছানী লিয়নীয়ে এই বিষয়ত নিজৰ মতামত প্ৰকাশ কৰিছে ৷
ছানীয়ে ডিপফেকৰ বিষয়ে কি ক’লে ?