অসম

assam

ETV Bharat / entertainment

Sunny Deol: বেংকৰ পৰা ছানী দেওললৈ প্ৰেৰণ জাননী; ঋণ পৰিশোধ নকৰিলে শীঘ্ৰেই নিলাম হ’ব বাংলো

গদৰ ২ৰ সফলতাৰ মাজতে অভিনেতা ছানী দেওলৰ বাবে আহিছে এক চাঞ্চল্যকৰ খবৰ । শীঘ্ৰেই নিলাম হ’ব ছানী দেওলৰ বাংলো । ইয়াৰ বাবে বেংক অৱ বৰোদাই এটা বিজ্ঞাপনো দিছে ৷ খবৰ অনুসৰি ৫৬ কোটি টকাৰ ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে ছানী দেওললৈ জাননী প্ৰেৰণ কৰা হৈছে ।

Sunny Deol's Juhu property set for e-auction to recover over Rs 55 cr outstanding dues
নিলাম হ’ব ছানী দেওলৰ বাংলো

By

Published : Aug 20, 2023, 4:41 PM IST

চিটাৰা ডেস্ক, ২০ আগষ্ট: শেহতীয়াকৈ গদৰ ২ বাবে লাইমলাইটত আছে ছানী দেওল ৷ কিন্তু ছবিখনৰ সফলতাৰ মাজতে ছানী দেওলৰ বিষয়ে আহিছে এটা ব্ৰেকিং নিউজ ৷ আচলতে বেংক অৱ বৰোডাই লোকসভাৰ সাংসদ তথা অভিনেতা ছানী দেওলক ৫৬ কোটি টকাৰ বাকী থকা ধন সন্দৰ্ভত জাননী প্ৰেৰণ কৰিছে ৷ এই ঋণত ধৰ্মেন্দ্ৰৰ নামো জামিনদাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে ।

ছানী দেওলে পৰিশোধ কৰা নাই ৫৬ কোটি টকাৰ ঋণ !

ছানী দেওলৰ ওপৰত অভিযোগ উত্থাপন হৈছে যে তেওঁ বেংকৰ পৰা বৃহৎ পৰিমাণৰ ঋণ লৈছে, যিটো তেওঁ পৰিশোধ কৰিব পৰা নাছিল । ঋণৰ বাবে তেওঁ মুম্বাইৰ জুহুত স্থিত ‘ছানী ভিলা’ নামৰ নিজৰ ভিলাখন বন্ধকত দিছিল । ইয়াৰ সলনি বেংকক ছানীয়ে পৰিশোধ কৰিবলগীয়া আছিল ৫৬ কোটি টকা, কিন্তু ছানীয়ে পৰিশোধ নকৰিলে সেই ধন ৷ এখন বাতৰি কাকতত প্ৰকাশিত এক অধিসূচনা অনুসৰি ছানী দেওলৰ এই ঘৰটো জুহুৰ গান্ধী গ্ৰাম ৰোডত । ইয়াৰ গেৰেন্টৰ হৈছে ছানীৰ পিতৃ ধৰ্মেন্দ্ৰ ।

নিলাম হ’ব ছানী দেওলৰ বাংলো !

খবৰ অনুসৰি ছানী দেওলে বেংক অৱ বৰোদাক ঋণ আৰু সুতৰ সৈতে প্ৰায় ৫৫.৯৯ কোটি টকা পৰিশোধ কৰিবলগীয়া আছিল ৷ এতিয়া ছানী দেওলে ঋণ পৰিশোধ নকৰাত বেংকে ই-নিলামৰ বাবে অধিসূচনা জাৰি কৰিছে । এই অধিসূচনা অনুসৰি অহা ২৫ ছেপ্টেম্বৰত নিলাম কৰা হ’ব ছানী ভিলা ।

ছানী ভিলা হৈছে ৰেকৰ্ডিং আৰু ডাবিং ষ্টুডিঅ’

উল্লেখ্য যে 'ছানী ভিলা' বাংলোত ৰেকৰ্ডিং আৰু ডাবিং ষ্টুডিঅ’ৰ কাম কৰা হয় ৷ ইয়াৰ উপৰিও এই বাংলোত আছে ছানী দেওলৰ কাৰ্যালয় । ইয়াক ছানী ছুপাৰ চাউণ্ড বুলিও কোৱা হয় , য’ত বছৰ বছৰ ধৰি বলীউডৰ চিনেমাৰ ডাবিং আৰু প্ৰদৰ্শন চলি আহিছে ।

লগতে পঢ়ক:Gadar 2 Collection Day 9: বক্স অফিচত গৰ্জন অব্যাহত তাৰা সিঙৰ, ভংগ কৰিলে বাহুবলী-২ৰ অভিলেখ

ABOUT THE AUTHOR

...view details