চিটাৰা ডেস্ক, 7 আগষ্ট:সীমা হাইদৰ এতিয়া ভাৰতৰ এটি জনপ্ৰিয় ৷ সীমাক চিনি নোপোৱা মানুহ হয়তো বহুত কমেই পোৱা যাব ৷ কেৱল সীমাৰ বিষয়েই নহয়, অঞ্জুৰ বিষয়েও সকলোৱে জানে ৷ কাৰণ দেশজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে সীমা হাইদৰ আৰু অঞ্জু ৷ সীমা হাইদৰে নিজৰ প্ৰেমৰ লগত থাকিবলৈ পাকিস্তানৰ পৰা ভাৰতলৈ গুচি আহিছে । আনহাতে অঞ্জুৱে একেধৰণে প্ৰেমৰ বাবেই ভাৰতৰ পৰা পাকিস্তানলৈ গুচি গৈছে । এই দুয়োৰে প্ৰেম কাহিনী বৰ্তমান ভাৰত পাকিস্তান দুয়োখন দেশতে চৰ্চাৰ বিষয় হৈ পৰিছে । এই সন্দৰ্ভত এতিয়া ছানী দেওলে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ।
শেহতীয়াকৈ এটা এক সাক্ষাৎকাৰত ছানী দেওলক সীমা আৰু অঞ্জুৰ সীমা অতিক্ৰম কৰা প্ৰেমক লৈ প্ৰশ্ন কৰা হৈছিল । এই বিষয়ে ছানি দেওলে কয়, “আজিকালিৰ প্ৰযুক্তি বিদ্যা এনেকুৱা হৈছে যে আমি ঘৰতে বহি ইগৰাকীয়ে সিগৰাকীক দেখা পাওঁ। আমি এপবোৰৰ জৰিয়তে ইগৰাকীয়ে সিগৰাকীক লগ পাওঁ ৷ পূৰ্বে প্ৰযুক্তিবিদ্যা ইমান শক্তিশালী নাছিল, যাৰ বাবে বিচাৰি ফুৰিবলগীয়া হৈছিল । কিন্তু এতিয়া প্ৰযুক্তি এনেকুৱা হৈ পৰিছে যে যিকোনো দেশতে ইগৰাকীয়ে সিগৰাকীক লগ পাব পাৰো ৷
ছানী দেওলে লগতে কয় যে যেতিয়া কোনোবা মানুহ প্ৰেমত পৰে তেতিয়া তেওঁ নিজৰ প্ৰেমৰ মানুহগৰাকীৰ ওচৰতে থাকিব বিচাৰে, আঁতৰি থাকিব নিবিচাৰে । ক্ৰছ বৰ্ডাৰ লাভত তেওঁ কয় যে এই সকলোবোৰ কাম হৈয়েই থাকিব আৰু এয়াই জীৱন । আমি এই বিষয়ে বিশেষ গুৰুত্ব দিয়া উচিত নহয়। ইয়াক সমালোচনা কৰাও উচিত নহয় । ছানীয়ে ক’লে যে তেওঁৰ নিজৰ জীৱন আছে, তেওঁক জীয়াই থাকিবলৈ দিয়ক । ভুল শুদ্ধ তেওঁলোকে নিজৰটো নিজেই জানে ৷