চিটাৰা ডেস্ক, 6 আগষ্ট: বলীউডৰ অভিনেতা ছানী দেওল এইকেইদিন ব্যস্ত হৈ পৰিছে তেওঁৰ আগন্তুক ছবি ‘গদৰ ২’ৰ প্ৰচাৰত । ছানী দেওল আৰু অমিষা পেটেলে বিভিন্ন স্থানত ছবিখনৰ প্ৰচাৰ কৰা দেখা গৈছে। শেহতীয়াকৈ অভিনেতাগৰাকীয়ে নেপোটিজমৰ বিষয়ে মুকলিকৈ ক’লে । এই বিষয়ত ছানী দেওলে কয় যে যদি তেওঁ এই উদ্যোগৰ অভিনেতা নহ’লহেঁতেন তেন্তে তেওঁৰ পিতৃ ধৰ্মেন্দ্ৰই যি কাম কৰিলে হয় তাকেই তেওঁ অনুসৰণ কৰিলেহেঁতেন ।
কেৱল এয়াই নহয়, ছানীয়ে লগতে ক’লে যে যদি কোনো পিতৃয়ে নিজৰ সন্তানৰ বাবে কিবা এটা কৰিব বিচাৰে, তেন্তে তাত কোনো ভুল নাই । আচলতে ছানীক সোধা হৈছিল যে যদি তেওঁৰ পিতৃ ধৰ্মেন্দ্ৰ নাথাকিলহেঁতেন তেন্তে তেওঁ কি কাম কৰিলেহেঁতেন ? এই প্ৰশ্নৰ উত্তৰত অভিনেতাজনে কয় যে তেওঁ নাজানে, পিতৃয়ে যিয়েই কৰিলেহেঁতেন, তেওঁও একে কামেই কৰিলেহেঁতেন । এই প্ৰশ্নৰ পিচত তেওঁক নেপটিজিমৰ বিষয়ে ক’বলৈ কোৱা হৈছিল ।
যাৰ উত্তৰত ছানি দেওলে কয় যে তেওঁ অনুভৱ কৰে যে এই সকলো মানুহ নিজৰ জীৱনত সফল নহয়, সেয়েহে তেওঁলোক হতাশ । তেওঁলোকে বুজি নাপায় যে এজন পিতৃয়ে নিজৰ পুত্ৰৰ বাবে কাম কৰি আছে। কোনটো পৰিয়ালে এই কাম নকৰে ? পুত্ৰৰ বাবে কিবা এটা কৰিব বিচৰাজনৰ ইয়াৰ কিবা ভুল আছে বুলি মই নাভাবো । কিন্তু যিজনে নিজৰ কঠোৰ পৰিশ্ৰমেৰে নিজকে প্ৰমাণ কৰিব পাৰিব তেওঁ সফল হ’ব । ইয়াৰ লগতে তেওঁ স্বীকাৰ কৰে যে তেওঁ কেৱল পিতৃৰ বাবেই অভিনেতা হৈছিল ।