চিটাৰা ডেস্ক, 27 জুলাই: যোৱা 26 জুলাইত মুক্তি পালে বলীউডৰ অভিনেতা ছানী দেওল আৰু অভিনেত্ৰী অমিষা পেটেলৰ আগন্তুক ছবি ‘গদৰ 2’ৰ ট্ৰেইলাৰ । ট্ৰেইলাৰটো মুক্তিৰ পিচতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ছবিখনৰ ট্ৰেইলাৰ অতিকৈয়ে পছন্দ কৰিছে অনুৰাগীয়ে ৷ ট্ৰেইলাৰ চোৱাৰ পিছৰে পৰা বহুতে এই ছবিখন ব্লকবাষ্টাৰ হ’ব বুলি দাবী কৰিছে ৷ উল্লেখ্য যে, ছবিখনৰ ট্ৰেইলাৰ লঞ্চ ইভেণ্টত ভাৰত আৰু পাকিস্তানৰ সম্পৰ্কৰ বিষয়েও বহু কথা কৈছে ছানী দেওলে । এনে পৰিস্থিতিত ছানী দেওলৰ এই মন্তব্যক লৈও আলোচনা চলিছে ৷
বলীউডৰ অভিনেতা তথা বিজেপিৰ সাংসদ ছানী দেওলে তেওঁৰ আগন্তুক ছবি ‘গদৰ 2’ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত কয় যে ভাৰত আৰু পাকিস্তানৰ জনসাধাৰণে যুঁজ নিবিচাৰে । ছানী দেওলে লগতে ক’লে, সকলো মানুহকে একে মাটিৰে তৈয়াৰ কৰা হয় । কিন্তু দুয়োখন দেশৰ ৰাজনৈতিক শক্তিয়ে ঘৃণাৰ সৃষ্টি কৰে ।
ভাৰত-পাকিস্তানৰ সম্পৰ্কক লৈ ছানী দেওলৰ মন্তব্য
এই অনুষ্ঠানত ছানী দেওলে ভাৰত আৰু পাকিস্তানৰ সম্পৰ্কৰ বিষয়ে কয়, ভাৰত আৰু পাকিস্তানৰ দুয়োপক্ষত সমানে প্ৰেম আছে । এয়া এক ৰাজনৈতিক খেল, যিয়ে এই সকলো ঘৃণাৰ সৃষ্টি কৰে। জনসাধাৰণে কাজিয়া নিবিচাৰে । কাৰণ সকলো একে মাটিৰে তৈয়াৰী । এইবাৰ আপোনালোকে মোৰ ছবি ‘গদৰ 2’ত এই সকলোবোৰ দেখা পাব । ছবিখনত কোনো ধৰণৰ দিয়া নিয়াৰ কথা নাই ৷ কথা হয় কেৱল মানৱতাৰ ।