চিটাৰা ডেস্ক, 3 আগষ্ট: জনপ্ৰিয় টিভি শ্ব’ দ্য কপিল শৰ্মা শ্ব’ত নিজৰ জনপ্ৰিয় চৰিত্ৰ ‘ডাঃ গুলাটি’ৰে অনুৰাগীৰ হৃদয় জয় কৰিছিল অভিনেতা তথা কমেডিয়ান সুনীল গ্ৰ’ভাৰে ৷ আজি (৩ আগষ্ট) সুনীল গ্ৰ’ভাৰৰ 46 সংখ্যাক জন্মদিন ৷ কেতিয়াবা ‘গুঠি’ হৈ কেতিয়াবা ‘সন্তোষ ভাভি’ হৈ দৰ্শকক মনোৰঞ্জন দিছে সুনীলে । আজি তেওঁক উদ্যোগটোৰ শীৰ্ষ কমেডিয়ানৰ ভিতৰত গণ্য কৰা হয় । কিন্তু কেৰিয়াৰৰ প্ৰাৰম্ভিক পৰ্যায়ত তেওঁ বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল । আপুনি জানি আচৰিত হ’ব যে অভিনেতাজনৰ প্ৰথম উপাৰ্জন আছিল মাত্ৰ ৫০০ টকা ।
হয়, ১৯৭৭ চনৰ ৩ আগষ্টত হাৰিয়ানাৰ এখন সৰু গাঁৱত জন্মগ্ৰহণ কৰা সুনীল সৰুৰে পৰাই ছবিৰ প্ৰতি আকৰ্ষিত আছিল । তেওঁ অমিতাভ বচ্চন আৰু শ্বাহৰুখ খানৰ দৰে শতিকাৰ কিংবদন্তি তাৰকা হোৱাৰ আকাংক্ষা কৰিছিল । নৱম শ্ৰেণীত পঢ়ি থাকোঁতে কমেডিয়ানজনৰ পিতৃয়ে তেওঁক তবলা শিকিবলৈ পঠিয়াইছিল । ইয়াৰ পিচত সুনীল ডাঙৰ হৈ ভ্ৰাম্যমাণ থিয়েটাৰত কাম কৰিবলৈ আৰম্ভ কৰে । এটা সাক্ষাৎকাৰৰ সময়ত অভিনেতাগৰাকীয়ে নিজৰ সংগ্ৰামৰ দিনবোৰ মনত পেলাই আৱেগিক হৈ পৰিছিল ।
এটা মিডিয়া ইনষ্টিটিউটৰ সৈতে হোৱা কথোপকথনত তেওঁ কয়, ‘‘মই অভিনয়ত ভাল আছিলোঁ আৰু সকলোকে মই মোৰ কথাৰে মানুহক হাঁহিবলৈ বাধ্য কৰাইছিলোঁ । এতিয়াও মোৰ মনত আছে দ্বাদশ শ্ৰেণীত পঢ়ি থাকোঁতে মই এখন নাটকত অংশ লৈছিলো । তেতিয়া মুখ্য অতিথিয়ে মোক কৈছিল যে মই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নালাগে কাৰণ ই আনৰ প্ৰতি অন্যায় । থিয়েটাৰত স্নাতকোত্তৰ কৰাৰ পিচত অভিনয়ৰ বাবে মুম্বাইলৈ আহিছিলো । কিন্তু প্ৰথম এবছৰ মই কেৱল পাৰ্টিহে কৰিলোঁ । মোৰ সঞ্চয়ৰ টকাৰ উপৰিও ঘৰৰ পৰা পোৱা ধনখিনি খৰচ কৰি আছিলো । তেতিয়া কাম কৰিও মই মাত্ৰ ৫০০ টকাহে উপাৰ্জন কৰিছিলোঁ । কিন্তু তেতিয়া মই ভাবিছিলো যে মই এদিন নিশ্চয় সফল হ’ম ।’’
এই সন্দৰ্ভত লগতে তেওঁ কয়, ‘‘মই অতি সোনকালেই বুজিলোঁ যে মই ইয়াত অকলশৰীয়া নহয়, মোৰ দৰে বহু লোক আছে যিয়ে সংগ্ৰাম কৰি আছে । কিছু পিচতে মোৰ উপাৰ্জনৰ সকলো বাট বন্ধ হৈ পৰিল আৰু মই পিতৃৰ কথা মনত পেলাই ভাবিলোঁ যে মই মোৰ সপোনবোৰ এনেকৈ এৰি দিব নোৱাৰো । মই কাম আৰম্ভ কৰিলোঁ, টিভিত কাম কৰাৰ অফাৰ আহিল কিন্তু সময়মতে উপস্থিত হ’ব নোৱাৰিলোঁ, সেয়াহে মোক ৰিপ্লেচ কৰি দিয়া হ’ল ৷ ইয়াৰ পিচত মই voice over ৰ কাম আৰম্ভ কৰিলোঁ আৰু ৰেডিঅ’ এটাতো কাম কৰাৰ সুযোগ পালোঁ । পূৰ্বে এই অনুষ্ঠানটো দিল্লীৰ পৰা চলিছিল যদিও ভাইৰেল হোৱাৰ পিচত সমগ্ৰ দেশতে টেলিকাষ্ট হৈছিল ।’’
ৰেডিঅ’ৰ সৈতে জড়িত এটা উপাখ্যান শ্বেয়াৰ কৰি তেওঁ কয়, ‘‘মই ৰেডিঅ’ আৰু টিভিৰ সৈতে জড়িত বহু কাম কৰিলোঁ আৰু তাৰ পিচত লাভ কৰিলো গুঠিৰ চৰিত্ৰটো ৷ যাৰ বাবেই ঘৰে ঘৰে মই স্বীকৃতি পালোঁ ৷ মোৰ মনত আছে এবাৰ মই এটা লাইভ ষ্টেজ শ্ব’ কৰি আছিলো আৰু তাত উপস্থিত থৰা দৰ্শকে মোৰ বাবে চিঞৰিবলৈ আৰম্ভ কৰিলে, মই ভাবিলোঁ যে তেওঁলোকে নিশ্চয় আন কাৰোবাৰ বাবে চিঞৰিছে কিন্তু তাত কেৱল মইয়েই আছিলো ৷ মই আচৰিত হৈছিলো যে এই সকলোবোৰ মোৰ বাবেই আছিল ৷ মোৰ দৰে ল’ৰা এটাই এই সকলোবোৰ পাবলৈ বহু সময় লাগিছিল ।’’
সুনীল গ্ৰ’ভাৰৰ চলচ্চিত্ৰ কেৰিয়াৰৰ কথা ক’বলৈ গ’লে অভিনেতাগৰাকীয়ে ১৯৯৮ চনত ‘প্যাৰ তৌ হ’না হি থা’ ছবিখনৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল ৷ ইয়াৰ পিচত তেওঁ ‘দ্য লেজেণ্ড অৱ ভগৎ সিং’, ‘মে হুন না’, ‘গজিনী’, ‘জিলা গাজিয়াবাদ’, ‘গব্বৰ ইজ বেক’, ‘বাঘী’ আৰু ‘ভাৰত’ আদি ছবিত অভিনয় কৰে ৷ ইয়াৰ উপৰিও অভিনেতাগৰাকীয়ে বহু ৱেব চিৰিজতো কাম কৰিছিল । জনপ্ৰিয় টিভি কমেডী শ্ব’ দ্য কপিল শৰ্মা শ্ব’ৰ পৰা তেওঁ যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল ৷ অৱশ্যে তেওঁ এতিয়া শ্ব’টোৰ অংশ নহয় ।
লগতে পঢ়ক:Happy Birthday Taapsee Pannu: তাপসী পান্নুক কোৱা হৈছিল অশুভ, অভিনেত্ৰীগৰাকীয়ে নিজেই প্ৰকাশ কৰিছিল দুখ