অসম

assam

ETV Bharat / entertainment

Hunter trailer out now: সুনীল শ্বেট্টীৰ একচন থ্ৰিলাৰ ছিৰিজ হাণ্টাৰৰ ট্ৰেইলাৰ মুকলি - একচন থ্ৰিলাৰ ছিৰিজ

একচন থ্ৰিলাৰ ছিৰিজ ‘হাণ্টাৰ’ৰ ট্ৰেইলাৰ মুকলি (Hunter trailer out now) ৷ একচন থ্ৰিলাৰ ছিৰিজখনত অভিনয় কৰিছে সুনীল শ্বেট্টী, ইশ্বা দেওল, ৰাহুল দেৱ, বৰখা বিষ্ট, মিহিৰ আহুজা, তীনা সিং, চাহাট তেজৱানী, কৰণবীৰ শৰ্মা, সিদ্ধাৰ্থ খেৰ, গাৰ্গী সাৱন্ত আৰু পৱন চোপ্ৰা ৷

Suniel Shetty, Esha Deols action thriller Hunter trailer out now
হাণ্টাৰৰ ট্ৰেইলাৰ মুকলি

By

Published : Mar 14, 2023, 6:16 PM IST

চিটাৰা ডেস্ক, ১৪ মাৰ্চ : একচন থ্ৰিলাৰ ছিৰিজ ‘হাণ্টাৰ’ৰ অফিচিয়েল ট্ৰেইলাৰ আজি উন্মোচন কৰে নিৰ্মাতাসকলে (Hunter trailer out now) । হাণ্টাৰত অভিনয় কৰা অভিনেতা সুনিল শ্বেট্টীয়ে শেহতীয়াকৈ নিজৰ ইনষ্টাগ্ৰাম একাউন্টত শ্বেয়াৰ কৰি হাণ্টাৰৰ ট্ৰেইলাৰ ৷ ট্ৰেইলাৰ শ্বেয়াৰ কৰি কেপচনত লিখিছিল, "এচিপি বিক্ৰমৰ জগতখনলৈ আপোনাক স্বাগতম । Meri iss duniya mein sirf todna allowed hai, tootna nahi ! মোৰ নতুন ধাৰাবাহিক #HunterOnAmazonminiTV চাওক, ২২ মাৰ্চত মুক্তি লাভ কৰিব।"

উল্লেখ্য যে, ২২ মাৰ্চৰ পৰা অ’টিটি প্লেটফৰ্ম আমাজন মিনি টিভিত প্ৰচাৰ হ’ব এই ধাৰাবাহিকখন । একচন থ্ৰিলাৰ ছিৰিজখনত সুনীল শ্বেট্টীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে লগতে ইশ্বা দেওল, ৰাহুল দেৱ, বৰখা বিষ্ট, মিহিৰ আহুজা, তীনা সিং, চাহাট তেজৱানী, কৰণবীৰ শৰ্মা, সিদ্ধাৰ্থ খেৰ, গাৰ্গী সাৱন্ত আৰু পৱন চোপ্ৰাকো দেখা পোৱা যাব হাণ্টাৰত (Suniel Shetty new Web Series) ৷

ইফালে ট্ৰেইলাৰ মুকলিত আনন্দিত হৈ ছুনিল শ্বেট্টীয়ে কয়, "এই অনুভৱ এনে লাগিছে যোৱা কালি আমি শ্বুটিং কৰি আছিলো আৰু আজি আমি ইতিমধ্যে শ্ব’টোৰ ট্ৰেইলাৰ উন্মোচন কৰিছো । নিশ্চিতভাৱে এনে প্ৰতিভাৱান লোকৰ সৈতে অন এণ্ড অফ চেটত কাম কৰাটো এক বিশেষ অভিজ্ঞতা আৰু যাত্ৰা আছিল । মোৰ চৰিত্ৰটো হৈছে এচিপি বিক্ৰম সিনহাৰ চৰিত্ৰ ৷ এই চৰিত্ৰত অভিনয় কৰি মই ভাল পাইছো । আশা কৰোঁ দৰ্শকে চাই ভাল পাব, যাৰ বাবে তেওঁলোকে আগ্ৰহেৰে অপেক্ষা কৰি আহিছে ।"

ট্ৰেইলাৰটো উন্মোচন কৰাৰ সময়ত ইশ্বা দেউলে কয়, "সময় অতি সোনকালে পাৰ হৈ গৈছে । আমি সকলোৱে এই দিনটোৰ বাবে অপেক্ষা কৰি আছিলো আৰু আজি এই দিনটো আহিছে । মই ছুপাৰ এক্সাইটেড যে ট্ৰেইলাৰটো ওলাইছে, দৰ্শকে ইয়াৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ বাবে আমি আগ্ৰহেৰে বাট চাই আছো । দৰ্শকে হাণ্টাৰ চাই নিশ্চয় ভাল পাব ।"

৮ খণ্ডৰ এই এপিচ’ডিক ধাৰাবাহিকখনৰ প্ৰযোজক য়ুডলী ফিল্মছ - চাৰেগামা ইণ্ডিয়া লিমিটেডৰ চলচ্চিত্ৰ বিভাগ আৰু পৰিচালনা কৰিছে প্ৰিন্স ধীমান আৰু আলোক বাট্ৰাই । উল্লেখ্যযোগ্যে যে এই ধাৰাবাহিকখন অ’টিটি প্লেটফৰ্ম আমাজন মিনি টিভিত সম্পূৰ্ণ বিনামূলীয়াকৈ উপভোগ কৰিব পাৰিব ৷ (ANI)

লগতে পঢ়ক:Naatu Naatu singers: ৰিহানাক লগ পাই উৎফুল্লিত নাটু নাটু গীতটিৰ কণ্ঠশিল্পী কালা ৰাহুল

ABOUT THE AUTHOR

...view details