চিটাৰা ডেস্ক, 9 এপ্ৰিল: কোটি কোটি টকাৰ প্ৰৱঞ্চনা কৰা প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰ কাৰাগাৰত থকাৰ পিচতো সময়ে সময়ে যিকোনো কাৰণত বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ কাৰাগাৰৰ পৰা লিখা চিঠিৰ বাবে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে সুকেশে ৷ চিঠি লিখা সুকেশৰ যেন অন্যতম অভ্যাসত পৰিণত হৈছে । প্ৰায়ে বলাউডৰ জনপ্ৰিয় অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেছলৈ কাৰাগাৰৰ পৰা চিঠি প্ৰেৰণ কৰে সুকেশে (Sukesh Chandrashekhar) ৷
এইখিনিতে উল্লেখ কৰিব লাগিব যে, আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ উৎসৱ ইষ্টাৰ ৷ যিহেতু জেকলিন এগৰাকী খ্ৰীষ্টান ধৰ্মীয় লোক গতিকে এই উৎসৱৰ দিনা জেকলিনক শুভেচ্ছা জ্ঞাপন নকৰাকৈ বাৰু কেনেকৈ থাকিব পাৰে প্ৰৱঞ্চক সুকেশ ৷ সেয়েহে, ইষ্টাৰ উপলক্ষে সুকেশে জেকলিন ফাৰ্নাণ্ডেছলৈ এখন ৰোমান্টিক চিঠি লিখিছে । ইয়াৰ পূৰ্বেও জেকলিন আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ চিঠি প্ৰেৰণ কৰিছিল সুকেশে (Jacqueline Fernandez) ।
জেকলিনলৈ সুকেশৰ চিঠি
এই চিঠিখনত প্ৰৱঞ্চক সুকেশে জেকলিনক মাই বেবী বুলি সম্বোধন কৰিছে (Sukeshs Easter wish for Jacqueline)। চিঠিখনত সুকেশে ইষ্টাৰৰ শুভেচ্ছা লিখিছে । ইয়াৰ লগতে সুকেশে ইষ্টাৰ জেকলিনৰ প্ৰিয় উৎসৱ বুলিও লিখিছে। সুকেশে কয় যে, "সেই দিনবোৰ মই বহুত মিছ কৰি আছো । তোমাৰ সেই কণী ভঙাৰ ধৰণটো মোৰ এতিয়াও মনত আছে আৰু তাৰ পৰা ওলোৱা কেণ্ডি তোমাৰ প্ৰিয় আছিল । এই দিনটোত তুমি সাজ-পোছাক পৰিধান কৰিলে কিমান ধুনীয়া দেখা গৈছিল তোমাক সেই বিষয়ে উপলব্ধি কৰা নে ? ।"