অসম

assam

By

Published : Sep 16, 2022, 1:40 PM IST

ETV Bharat / entertainment

Sukesh Chandrashekhar case: জেকলিন নোৰাৰ পিছত নাম ওলাইছে আন তিনি অভিনেত্ৰীৰ

সূত্ৰ অনুসৰি বিগ বছ ফেম নিক্কী টাম্বোলি, বড়ে আচ্ছে লগাতে হায় ফেম চ্চাহত খান্না, চফিয়া সিং আৰু আৰুষা পাটিলে জেল চৌহদত সুকেশ চন্দ্ৰশেখৰক লগ পাইছিল আৰু তেওঁ নিজকে দক্ষিণৰ চলচ্চিত্ৰ জগতৰ প্ৰযোজক হিচাপে চিনাকি দিছিল অভিনেত্ৰীসকলৰ আগত (Sukesh Chandrashekhar case) ।

Sukesh Chandrashekhar
জেকলিন নোৰাৰ পিছত নাম ওলাইছে আন তিনি অভিনেত্ৰীৰ

চিটাৰা ডেস্ক, 16 ছেপ্টেম্বৰ :সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত 200 কোটি টকাৰ ধন দাবীৰ গোচৰৰ তদন্তত দেখা গৈছে যে কেৱল জেকলিন আৰু নোৰাই নহয় আন চাৰিগৰাকী মডেল/অভিনেত্ৰীকো ধন আৰু দামী উপহাৰ দিছিল ঠগবাজ সুকেশে ।

সূত্ৰ অনুসৰি বিগ বছ ফেম নিক্কী টাম্বোলি, বড়ে আচ্ছে লগাতে হায় ফেম চ্চাহত খান্না, চফিয়া সিং আৰু আৰুষা পাটিলে জেল চৌহদত সুকেশ চন্দ্ৰশেখৰক লগ পাইছিল আৰু তেওঁ নিজকে দক্ষিণৰ চলচ্চিত্ৰ জগতৰ প্ৰযোজক হিচাপে চিনাকি দিছিল অভিনেত্ৰীসকলৰ আগত ।

এটা সূত্ৰই জনোৱা মতে, এই অভিনেত্ৰী সকলৰ সৈতে বৈঠক তৈয়াৰ কৰিছিল পিংকি ইৰাণীয়ে ৷ তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে । এই চাৰিগৰাকী অভিনেত্ৰীক Gucci, Versace, Louis Vuitton আদি বিখ্যাত ব্ৰেণ্ডৰ দামী উপহাৰ দিয়া হৈছিল । চন্দ্ৰশেখৰে প্ৰায় 5.20 লাখ টকা কোনোবা পাটিলৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিছিল, যিয়ে তেওঁক জেলত নহয় আন ক’ৰবাত লগ পোৱাৰ কথা স্বীকাৰ কৰিছে ।

ইৰাণীয়ে যেতিয়া চন্দ্ৰশেখৰৰ সৈতে খান্নাক চিনাকি কৰাই দিছিল, তেতিয়া অভিনেত্ৰীগৰাকীক 2 লাখ টকা আৰু এটা নীলা ৰঙৰ Versace ঘড়ী উপহাৰ হিচাপে দিছিল । চন্দ্ৰশেখৰে সিঙৰ একাউণ্টত 2 লাখ টকা জমা কৰাৰ লগতে পিছত তেওঁক এটা এল ভি বেগ উপহাৰ দিয়াৰ অভিযোগ উত্থাপন হৈছে । পিছলৈ আৰু ডেৰ লাখ টকা দিয়াৰো তথ্য ফাদিল হৈছে ।

ইৰাণীয়ে চন্দ্ৰশেখৰক টাম্বোলিৰ লগত চিনাকি কৰাই দিয়াৰ বাবে 10 লাখ টকা ধন লাভ কৰিছিল ৷ পিছত তেওঁ টাম্বোলিক ডেৰ লাখ টকা দিছিল । পিছত চন্দ্ৰশেখৰে প্ৰথমবাৰ লগ পাওতে তেওঁক এটা Gucci বেগ আৰু 2 লাখ টকা দিছিল ।

ইফালে সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত ধন দাবীৰ গোচৰত বুধবাৰে দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই জেকলিনক আঠ ঘণ্টাৰো অধিক সময় সোধা-পোছা কৰিছিল বুলি বিষয়াসকলে জনায় (Sukesh Chandrashekhar Jacqueline) । ফাৰ্ণাণ্ডেজক চন্দ্ৰশেখৰৰ সৈতে চিনাকি কৰাই দিয়া নোৰা ফাতেহী আৰু পিংকি ইৰাণীকো বৃহস্পতিবাৰে সোধা-পোছাৰ বাবে মাতি অনা হয় (JJacqueline Nora in Sukesh Chandrashekhar case ) ।

লগতে পঢ়ক :নিক্কী টাম্বোলিয়ে টোপনি কাঢ়িছে অনুৰাগীৰ

ABOUT THE AUTHOR

...view details