অসম

assam

ETV Bharat / entertainment

Sudipto Sen: পশ্চিমবংগ চৰকাৰৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য পৰিচালক সুদীপ্ত সেনৰ - দ্য কেৰালা ষ্ট’ৰী’ অ’টিটিত

সুদীপ্ত সেনৰ ছবি ‘দ্য কেৰালা ষ্ট’ৰী’ এইবাৰ মুক্তি পাব অ’টিটিত ৷ এই ছবিখন এমাহৰ ভিতৰত মুক্তি পাব বুলি জনায় পৰিচালকে (Sudipto Sen) ৷

Sudipto Sen Shares His Thoughts on The Kerala Story Coming On OTT
আইএছআইএছ আৰু পশ্চিমবংগ চৰকাৰৰ মানসিকতাৰ মাজত কোনো পাৰ্থক্য নাই- সুদীপ্ত সেন

By

Published : Jun 1, 2023, 2:11 PM IST

চিটাৰা ডেস্ক, 1 জুন : এইবাৰ অ’টিটি প্লেটফৰ্মত আহিব পৰিচালক সুদীপ্ত সেনৰ ছবি ‘দ্য কেৰালা ষ্ট’ৰী’ (The kerala story director Sudipto Sen)। এই ছবিখনে ইতিমধ্যে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছে ৷ বক্স অফিচত দুশ কোটিৰ সীমা অতিক্ৰম কৰি বছৰৰ দ্বিতীয়খন সফল ছবি হিচাপে পৰিগণিত হৈছে ছবিখন (The kerala story film) ৷ কেৰালাৰ নাৰ্চিং কলেজৰ কিছু যুৱতীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে ছবিখন ৷ তেওঁলোকে কেনেকৈ প্ৰেমৰ প্ৰতি প্ৰলোভিত হৈ ধৰ্মান্তৰিত হয় আৰু শেষত আইএছআইএছত যোগদান কৰিবলৈ বাধ্য হয়, ইয়াৰ কাহিনী বৰ্ণনা কৰা হৈছে ছবিখনত । এতিয়া জানিব পৰা মতে ছবিখন আহি আছে OTT ত ৷ এই কথা বুধবাৰে ইটিভি ভাৰতক জনায় পৰিচালক সুদীপ্ত সেনে ৷

সুদীপ্তই সেনে কয়, "আমি বিচাৰিছিলো ছবিখনে তৃণমূল পৰ্যায়, গাঁৱৰ মানুহ, সৰু চহৰৰ মানুহৰ মাজলৈ যাব লাগে (Sudipto Sen on West Bengal)। তাতেই ছবিখনৰ প্ৰাসংগিকতা নিহিত হৈ আছে। আমি কিছু সফলতা লাভ কৰিছো, হয়তো ই অধিক সফল হ’লহেঁতেন । অ’টিটিৰ সমস্যাটো হ’ল অ’টিটিৰ মাধ্যমটো এতিয়াও অতি নগৰীয়া। কিন্তু এতিয়া যেতিয়া ছবিখনে ৰাইজৰ মাজলৈ যোৱাৰ এমাহ হ’ল, মই ভাবো আমি অ’টিটি মুক্তিৰ বিষয়ে দ্ৰুতভাৱে চিন্তা কৰাটো প্ৰয়োজন, বিশেষকৈ সেইবোৰ ঠাইৰ বাবে য’ত মানুহে ছবিখন তামিল ভাষাত দেখা নাই তামিলনাডু বা বংগ । মই ভাবো এমাহৰ ভিতৰত ছবিখন অ’টিটিত মুক্তি পাব ।"

যদিও তেওঁ কোনটো অ’টিটি প্লেটফৰ্মৰ সৈতে কথা পাতিছে সেই বিষয়ে একো প্ৰকাশ কৰা নাই (The kerala story release in OTT) ৷ কিন্তু পশ্চিমবংগত ছবি নিষিদ্ধ কৰাৰ কথা কওঁতে তেওঁ কয়,"যিসকলে বিতৰ্ক কৰি আছে তেওঁলোকে ছবিখন দেখা নাই ৷ ছবিখন নিষিদ্ধ কৰাৰ বাবে কোৱা সকলেও ছবিখন চোৱা নাই ৷ তেওঁলোকে মালিকক ফোনযোগে ভাবুকি দিলে যে ছবিখন দেখুৱালে অনুজ্ঞাপত্ৰ বাতিল কৰিব, এয়া গুণ্ডাগিৰি।" ছবিখনৰ সৈতে জড়িত বিতৰ্কৰ বিষয়ে কোৱাৰ সময়ত তেওঁ কয় যে ছবিখন মুক্তিৰ পূৰ্বে বিতৰ্ক হৈছিল যদিও এতিয়া আৰু বিতৰ্ক নাই ৷

অ’টিটিৰ মুক্তিৰ কথা উল্লেখ কৰি পৰিচালকজনে লগতে কয় যে উত্তৰ বংগ, অসম আৰু ছিকিমৰ পৰাও এই ছবিখন চাবলৈ গৈছে বুলি খবৰ আহিছে। তেওঁ কয়, ‘যদি ছবিখন অ’টিটিত মুক্তি পায় তেন্তে তামিলনাডু আৰু বংগৰ জনসাধাৰণৰ প্ৰতি থকা দায়িত্ব পালন কৰা হ’ব (The kerala story controversy) । কিছুদিন পূৰ্বে আইএছআইএছ মৰিচাছৰ এজন ছবিগৃহৰ মালিকক এই ছবিখনৰ প্ৰদৰ্শন বন্ধ কৰাৰ ভাবুকি দিছিল ৷’

সেই বিষয়টো উত্থাপন কৰি সুদীপ্তই কয়, "আপুনি দেখিছে যে মৰিচাছত আইএছআইএছ ছবিখন দেখুৱালে ছবিগৃহৰ মালিকক ছবিগৃহটো বোমাৰে উৰুৱাই দিব বুলি ভাবুকি দিছে। লণ্ডনতো অতি সক্ৰিয় হৈ থকা উগ্ৰ ইছলামিক গোটবোৰে ভাবুকি দিছে । সেই আইএছআইএছ আৰু পশ্চিম বংগ চৰকাৰৰ মানসিকতা একেই । এসময়ত কোৱা হৈছিল যে সন্ত্ৰাসবাদৰ কোনো ধৰ্ম নাই । কিন্তু এতিয়া আমি যেতিয়া সন্ত্ৰাসবাদৰ কথা কওঁ, তেতিয়া তেওঁলোকে ধৰ্মৰ নাম লৈ ছবিখন দেখুৱাব নোৱাৰি বুলি কয় । তেওঁলোকে মুছলমান সন্ত্ৰাসবাদী বুলি এক আখ্যান সৃষ্টি কৰিব বিচাৰে ৷ ই হাস্যকৰ।"

অ’টিটিৰ সন্দৰ্ভত তেওঁ লগতে কয় যে আজি প্ৰযুক্তিয়ে এনে স্থান পাইছেগৈ য’ত কোনো বস্তু নিষিদ্ধ কৰাটো সম্ভৱ নহয় ৷ সুদীপ্তই আশাবাদী যে অ’টিটিৰ কথা আহিলেও এই ছবিখনে অধিক বঙালী লোকৰ মাজলৈ যাব ৷

লগতে পঢ়ক:The Kerala Story: দ্য কেৰালা ষ্ট’ৰীৰ সফলতাক লৈ কি ক’লে নাছিৰুদ্দিন শ্বাহে ?

ABOUT THE AUTHOR

...view details