অসম

assam

ETV Bharat / entertainment

Karma Song: ৩৭ বছৰৰ পাচত সংস্কৃতত প্ৰতিধ্বনিত হ’ব ‘এ ৱতন তেৰে লিয়ে, জানো আহক কিয় ছবিখনৰ নাম ‘কৰ্মা হ’ল

তিনি দশক পূৰ্বে মুক্তি লাভ কৰা দেশপ্ৰেমমূলক ছবি কৰ্মা সেইসময়ত ছুপাৰহিট ছবি হিচাপে পৰিগণিত হৈছিল । এই ছবিখনৰ সমান্তৰালকৈ ইয়াৰ গীতসমূহেও ৰাইজৰ মাজত দেশপ্ৰেম জগাই তুলিছিল । ছবিখনৰ গীত “এ ৱতন” যিটো আজিও স্বাধীনতা দিৱস উপলক্ষে শুনা যায় । এতিয়া দেশৰ স্বাধীনতাৰ ৭৬ বছৰীয়া জয়ন্তীত এই গীতটিৰ সংস্কৃত সংস্কৰণ মুকলি কৰা হ’ব।

Subhash Ghai presents Sanskrit version of Aye Watan Tere Liye from Karma ahead of Independence Day
এ ৱতন তেৰে লিয়ে

By

Published : Aug 9, 2023, 6:36 PM IST

চিটাৰা ডেস্ক, 9 আগষ্ট: চলচ্চিত্ৰ জগতৰ প্ৰবীণ প্ৰযোজক তথা পৰিচালক সুভাষ ঘাইয়ে বহুতো হিট ছবি নিৰ্মাণ কৰিছে। আজি দিনটোতে ৩৭ বছৰ পূৰ্বে তেওঁৰ পৰিচালনাত নিৰ্মিত ‘কৰ্মা’ ছবিখন মুক্তি লাভ কৰিছিল । ছবিখনৰ এটা ভক্তিমূলক গীত আছি ‘এ ৱতনতেৰে লিয়ে’। দেশৰ প্ৰতি অমৰ প্ৰেম আৰু ভক্তিৰ অনুভূতি গীতটোত স্পষ্টকৈ দেখা যায় ।

উল্লেখ্য যে এই ভক্তিমূলক গীতটি পুনৰ নতুন অৱতাৰত উপস্থাপন কৰা হ’ব । স্বাধীনতা দিৱস উপলক্ষে ‘কৰ্মা’ ছবিখনৰ এই বিশেষ গীতটো সংস্কৃত ভাষাত মুক্তি দিয়া হ’ব ।

সংস্কৃত ভাষাত শুনিব পাৰিব গীতটিৰ কথা

বুধবাৰে সুভাষ ঘাইয়ে টুইট কৰি এই তথ্য শ্বেয়াৰ কৰিছে । তেওঁ কয় যে ‘কৰ্মা’ ছবিৰ এই আইকনিক গীতটো সংস্কৃত ভাষাত মুক্তি পাব । তেওঁৰ টুইট অনুসৰি ৯ আগষ্টৰ সন্ধিয়া মহাৰাষ্ট্ৰৰ সাংস্কৃতিক মন্ত্ৰী সুধিৰ মুংগান্টিৱাৰে মুক্তি দিব এই গীতটো । স্বাধীনতা দিৱসৰ ৭৬ বছৰীয়া জয়ন্তী উপলক্ষে সন্ধিয়া ৭ বজাত সংস্কৃত ভাষাত মুক্তি পাব ‘এ ৱতন তেৰে লিয়ে’ গীতটি।

ছবিখনৰ প্ৰযোজক-পৰিচালক আছিল সুভাষ ঘাই

‘কৰ্মা’ক সুভাষ ঘাই পৰিচালনা আৰু প্ৰযোজনা কৰা অন্যতম শ্ৰেষ্ঠ ছবি বুলি গণ্য কৰা হয় । প্ৰযোজক হিচাপে এইখন তেওঁৰ দ্বিতীয়খন আৰু পৰিচালক হিচাপে নৱমখন চিনেমা । কোৱা হয় যে ছবিখনত ইমানবোৰ গীত একত্ৰিত কৰাটো সহজ নাছিল।

কিয় ৰাখিছিল ‘কৰ্মা’ নাম ?

এই ছবিখনৰ নাম ‘কৰ্মা’ৰ আঁৰত আছে এক অনন্য কাহিনী । সুভাষ ঘাই এবাৰ কৈছিল যে এই ছবিখনত কৰ্মৰ কথা কোৱা হৈছে । এজন চলচ্চিত্ৰ নিৰ্মাতাই বিচাৰে যে সৰ্বাধিক সংখ্যক লোকৰ কাষ চাপিবলৈ নিজৰ শিল্পকলাক ভৱিষ্যদ্বাণীমূলক আৰু দৰ্শনীয়ভাৱে উপস্থাপন কৰাটো তেওঁৰ দায়িত্ব ৷ এই কাৰণেই ছবিখনৰ নাম ‘কৰ্মা’ ৰখা হৈছিল ।

লগতে পঢ়ক:Abhijeet Sawant: পুনৰ লাইমলাইটত ইণ্ডিয়ান আইডলৰ প্ৰথম বিজয়ী অভিজিত সাৱন্ত, কিন্তু কিয় ?

লগতে পঢ়ক:Kushi trailer out: সামান্থা ৰুথ প্ৰভু আৰু বিজয় দেৱৰকোণ্ডাৰ ছবি খুশিৰ ট্ৰেইলাৰ মুকলি

ABOUT THE AUTHOR

...view details