চিটাৰা ডেস্ক, ১১ ছেপ্টেম্বৰ: অস্কাৰ বিজয়ী সংগীত শিল্পী এ আৰ ৰহমানৰ গীতে মন্ত্ৰমুগ্ধ কৰে অনুৰাগীসকলক ৷ সেয়েহে, এ আৰ ৰহমানৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ দূৰদূৰণিৰ পৰা আহে অনুৰাগী ৷ কিন্তু শেহতীয়াকৈ চেন্নাইত আয়োজিত এ আৰ ৰহমানৰ এক সংগীতানুষ্ঠানে জ্বলা-কলা খুৱাইছে দৰ্শকক ৷
দৰাচলতে দেওবাৰে নিশা চেন্নাইত আয়োজন কৰা হৈছিল এ আৰ ৰহমানৰ লাইভ কনচাৰ্ট ৷ পূৰ্বে ১২ আগষ্টত কনচাৰ্ট অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বেয়া বতৰৰ বাবে ১০ ছেপ্টেম্বৰতে অনুষ্ঠিত হয় এই সংগীতানুষ্ঠান । কিন্তু এ আৰ ৰহমানৰ লাইভ কনচাৰ্টটোক লৈ এতিয়া দৰ্শকৰ মাজত সৃষ্টি হৈছে ক্ষোভৰ । অনুৰাগীয়ে তেওঁৰ কনচাৰ্ট সঠিকভাৱে উপভোগ কৰিব নোৱাৰাৰ বাবে কনচাৰ্ট মেনেজমেণ্টক লক্ষ্য কৰি লৈছে ।
উল্লেখ্য যে, এ আৰ ৰহমানৰ কনচাৰ্ট চেন্নাইত আছিল ১০ ছেপ্টেম্বৰ অৰ্থাৎ দেওবাৰে । দীৰ্ঘদিন ধৰি অনুৰাগীসকলে এই কনচাৰ্টৰ বাবে অপেক্ষা কৰি আছিল । কিন্তু কনচাৰ্টটো অনুষ্ঠিত হোৱাৰ সময়ত অনুৰাগীসকলে বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল । এই অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলে ছ’চিয়েল মিডিয়াত বহু ভিডিঅ’ আৰু ফটো শ্বেয়াৰ কৰি কনচাৰ্টৰ দুৰ্বল পৰিচালনাৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰিছে ।