অসম

assam

ETV Bharat / entertainment

SS Rajamouli : কি আছিল ৰাজামৌলিৰ এই ১৪ বছৰীয়া সপোন ? পত্নীৰ সৈতে ছবি শ্বেয়াৰ কৰি ক’লে ৰাজামৌলিয়ে - আৰ আৰ আৰৰ পৰিচালক ৰাজামৌলি

দক্ষিণ চিনেমাৰ প্ৰবীণ পৰিচালক এছ এছ ৰাজামৌলিয়ে পত্নীৰ সৈতে সুন্দৰ ছবি শ্বেয়াৰ কৰি কয় যে তেওঁৰ ১৪ বছৰীয়া সপোন বাস্তৱায়িত হৈছে । কিন্তু কি আছিল তেওঁৰ এই সপোন জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

SS Rajamouli's dream comes true  of visiting the Pulpit Rock in Norway after 14 yrs, shares pics with wife
এছ এছ ৰাজামৌলিয়ে পত্নীৰ সৈতে সুন্দৰ ছবি শ্বেয়াৰ কৰিছে ক’লে তেওঁৰ সপোনৰ কথা

By

Published : Aug 18, 2023, 3:46 PM IST

চিটাৰা ডেস্ক, 18 আগষ্ট: অস্কাৰ বিজয়ী ছবি ‘আৰ আৰ আৰ’ৰ পৰিচালক ৰাজামৌলিৰ কোনখন ছবিয়ে কেতিয়া বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিব সেয়া কোনেও ক’ব নোৱাৰে ৷ ৰাজামৌলিয়ে ভাৰতীয় চিনেমাক বিক্ৰমাইডু, মাখি, মগধীৰা আৰু বাহুবলীৰ দৰে বৃহৎ ছবি প্ৰদান কৰিছে। ৰাজামৌলীৰ এই আটাইকেইখন ছবি ভাৰতীয় চিনেমাৰ ইতিহাসত স্মৰণীয় হৈ থাকিব । ছবিৰ স্থান আৰু দৰ্শনীয় ভিজুৱেলৰ বাবে পৰিচিত ৰাজামৌলি ।

এতিয়া ‘আৰ আৰ আৰ’ৰ দৰে মেগা ব্লকবাষ্টাৰ ছবি নিৰ্মাণ কৰা পৰিচালক ৰাজামৌলিয়ে এতিয়া দক্ষিণৰ ছুপাৰষ্টাৰ মহেশ বাবুৰ সৈতে আন এখন ছবি নিৰ্মাণ কৰিব ৷ কিন্তু ছবিখনৰ নিৰ্মাণৰ পূৰ্বে ৰাজামৌলিয়ে পত্নী ৰমা ৰাজামৌলীৰ সৈতে নৰৱেত উপস্থিত হৈছে আৰু তাত তেওঁ মনোমোহা পাহাৰৰ উপত্যকা উপভোগ কৰি আছে । ইয়াত তেওঁৰ ব্লকবাষ্টাৰ ছবি বাহুবলীৰ কনচাৰ্টৰ বাবে ষ্টাভাংগাৰত উপস্থিত হৈছে ।

ৰাজামৌলিৰ ১৪ বছৰীয়া সপোন কি ?

ৰাজামৌলিয়ে তেওঁৰ পত্নী ৰামাৰ সৈতে অতি ধুনীয়া ধুনীয়া ছবি শ্বেয়াৰ কৰিছে। ইয়াৰ সমান্তৰালকৈ তেওঁ ১৪ বছৰীয়া সপোন পূৰণৰ কথাও প্ৰকাশ কৰিছে । এতিয়া অনুৰাগীয়ে ৰাজামৌলি আৰু তেওঁৰ পত্নীৰ সুন্দৰ ছবিসমূহত নিজৰ মৰম দিয়া পৰিলক্ষিত হৈছে ৷ এই ছবিসমূহ শ্বেয়াৰ কৰি ৰাজামৌলিয়ে লিখিছে, "মগধীৰা ছবিখনৰ গৱেষণাৰ সময়ত মই নৰৱেৰ পুলপিট ৰকছৰ ছবি দেখিছিলোঁ, তেতিয়াৰ পৰাই ইয়ালৈ আহিব বিচাৰিছিলো, কিন্তু ষ্টাভাংগাৰত বাহুবলীৰ কনচাৰ্টৰ বাবেই এই সপোনটো অৱশেষত বাস্তৱায়িত হ’ল ।"

ছ’চিয়েল মিডিয়াত ৰাজামৌলিয়ে শ্বেয়াৰ কৰা ছবিত তেওঁ পত্নীৰ সৈতে পুলপিটৰ শিলত বহি থকা দেখা গৈছে ৷ ক’লা টি-চাৰ্টৰ ওপৰত ৰাজামৌলিয়ে ক’লা পেণ্ট পৰিধান কৰাৰ বিপৰীতে পৰিচালকৰ পত্নীক গোলাপী ৰঙৰ টি-চাৰ্ট পৰিধান কৰা দেখা গৈছে ৷

কিয় ইমান সুখী ৰাজামৌলি ?

ইয়াৰ পূৰ্বে ৰাজামৌলিয়ে লণ্ডনৰ পৰা এখন ছবি শ্বেয়াৰ কৰিছিল, শ্বেয়াৰ কৰি ৰাজামৌলিয়ে লিখিছিল, "লণ্ডনৰ ৰয়েল এলবাৰ্ট হলত বাহুবলীৰ প্ৰদৰ্শন পাহৰি যোৱাটো টান, ই মোৰ চকুত আৱদ্ধ হৈ থাকিব আৰু মই ইয়াক চাবলৈ উৎসাহিত হৈ আছো । ১৮ আগষ্টত নৰৱেৰ ষ্টাভাংগাৰ অপেৰা হাউচত প্ৰদৰ্শিত হ’ব।’

লগতে পঢ়ক:Ray Stevenson: আৰ আৰ আৰত ভিলেইনৰ চৰিত্ৰত অভিনয় কৰা ৰে ষ্টিভেনছনৰ দেহাৱসান, শোক প্ৰকাশ এছ এছ ৰাজামৌলিৰ

ABOUT THE AUTHOR

...view details