অসম

assam

Ambani Family Ganpati Celebration: বাপ্পাৰ পূজাত ব্যস্ত শ্বাহৰুখ খান, ফুল অৰ্পণ কৰি বাপ্পাৰ আশীৰ্বাদ ল’লে কিং খানে

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 5:06 PM IST

আম্বানী পৰিয়ালৰ গণেশ উৎসৱ উদযাপনত অংশগ্ৰহণ কৰে শ্বাহৰুখ খানে ৷ এই অনুষ্ঠানত কিং খানে গোটেই পৰিয়ালটোৰ সৈতে অংশ লয় । এই উৎসৱত উপস্থিত হৈ তেওঁ ভগৱান গণেশৰ পূজা কৰা দেখা যায়, যাৰ ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ।

SRK offer prayer to lord ganesha in Ambani Family Ganpati Celebration, Fans Reacts on video
আম্বানী পৰিয়ালৰ গণেশ উৎসৱ উদযাপনত অংশগ্ৰহণ শ্বাহৰুখৰ

চিটাৰা ডেস্ক, 20 ছেপ্টেম্বৰ: বলীউডৰ কিং শ্বাহৰুখ খানক লাখ লাখ হৃদয়ৰ হাৰ্টথ্ৰব বুলি গণ্য কৰা হয় । অনুৰাগীয়ে তেওঁৰ প্ৰতিটো ষ্টাইল ভাল পায় । ‘পাঠান’ আৰু ‘জৱান’ৰ দৰে ছবিৰে এই বছৰৰ সৰ্ববৃহৎ হিট ছবি দৰ্শকক উপহাৰ দিছে শ্বাহৰুখে । শেহতীয়াকৈ কিং খানে আম্বানী পৰিয়ালে আয়োজন কৰা গণেশ চতুৰ্থীৰ উদযাপনত অংশ লৈছিল ।

আম্বানী পৰিয়ালত 'খান' পৰিয়ালৰ প্ৰৱেশ

আম্বানী পৰিয়ালে প্ৰতি বছৰে গণেশ চতুৰ্থীৰ দিনা এক গ্ৰেণ্ড পাৰ্টিৰ আয়োজন কৰে, য’ত বহু তাৰকা উপস্থিত থাকে। এইবাৰো দেখা গ’ল বলীউডৰ চেলিব্ৰিটিৰ সমাৱেশ । এই সকলোবোৰৰ ভিতৰত শ্বাহৰুখৰ এণ্ট্ৰিয়ে লাইমলাইট দখল কৰে । গোটেই পৰিয়ালৰ সৈতে তেওঁ এই পাৰ্টিত অংশগ্ৰহণ কৰে । শ্বাহৰুখে কেৱল পাৰ্টিত অংশগ্ৰহণ কৰাই নহয় গণেশ বাবাৰ পূজাও কৰে ৷ গণেশ বাবাৰ পূজা কৰা ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ।

শ্বাহৰুখে গণেশ বাবাৰ পূজা অৰ্চনাত ব্যস্ত কিং খান

শেহতীয়া আম্বানী পৰিয়ালৰ গণেশ উদযাপনৰ পৰা শ্বাহৰুখ খানৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ৷ ভিডিঅ’টোত ইয়াত কিং খানক গণেশ বাবাক ফুল অৰ্পন কৰি পূজা কৰা দেখা গৈছে । সেই স্থানত পণ্ডিতসকলো উপস্থিত থাকে, যিয়ে শ্বাহৰুখক চুনাৰী পিন্ধাই তিলক লগায় ।

ভিডিঅ’টোত গৌৰী খান আৰু তেওঁৰ সন্তানকো গণেশ বাবাৰ পূজা কৰা দেখা গৈছে। ভগৱান গণেশক পূজা কৰাৰ পিচত শ্বাহৰুখে বাকী আলহীৰ সৈতে মতে বিনিময় কৰে ৷ ভিডিঅ’টোত কৰণ জোহৰ, দীপিকা পাডুকন, নীতা আম্বানীৰ দৰে তাৰকাৰো আভাস দেখা গৈছিল ।

শ্বাহৰুখৰ গণেশৰ পূজাক লৈ অনুৰাগীৰ মন্তব্য

যিহেতু শ্বাহৰুখ খান এগৰাকী মুছলমান ধৰ্মাৱলম্বী লোক, সেয়েহে হিন্দু ৰীতি-নীতি অনুসৰি পূজা কৰা বাবে কোনোবাই যদি তেওঁক সমালোচনা কৰিছে, আন কোনোবাই আকৌ প্ৰশংসা কৰিছে ৷ এজন অনুৰাগীয়ে লিখিছে, ‘‘সকলো ধৰ্মক সন্মান কৰাটো ঠিকেই আছে, কিন্তু সেইবোৰ পালন কৰাটো ঠিক নহয়... যদিহে আপোনাৰ ধৰ্মৰ বিষয়ে সম্পূৰ্ণ জ্ঞান নাথাকে বা আপোচমূলক পৰিস্থিতিত পৰি কৰিবলগীয়া হৈছে । শ্বাহৰুখ খান ডাঙৰীয়াৰ এই কাম মই বুজিব পৰা নাই।’’

এজন ইউজাৰে শ্বাহৰুখ খানৰ লুকক লৈ মন্তব্য কৰি লিখিছে, 'লক্ষ্ণৌৰ কুৰ্তা আৰু পাঠৱী চালৱাৰ ।' এজনে কিং খানক লাজ কৰিবলৈ পৰামৰ্শ দিলে । অৱশ্যে বহু ব্যৱহাৰকাৰীয়ে শ্বাহৰুখে এই কাম কৰাটো ভাল পাইছিল । একাংশই শ্বাহৰুখকে দুয়োটা ধৰ্মকে সন্মান জনোৱাৰ বাবে প্ৰশংসা কৰে ।

লগতে পঢ়ক:Salman Khan Video: গণপতি দৰ্শনৰ বাবে ভগ্নী অৰ্পিতাৰ ঘৰত উপস্থিত ছলমান খান, চাওক ভিডিঅ’

ABOUT THE AUTHOR

...view details