অসম

assam

Shahrukh Khan: কন্যা সুহানাক প্ৰশংসা কৰি শ্বাহৰুখে আঙুলিয়াই দিলে সহ অভিনেতাৰ দোষ, ক’লে – আপোনাৰ প্ৰশিক্ষকৰ প্ৰয়োজন

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 7:39 PM IST

জৱানক লৈ চৰ্চা চলি থকাৰ মাজতে শ্বাহৰুখ খানে কন্যা সুহানাক লৈ এটা পোষ্ট শ্বেয়াৰ কৰিছে । য’ত তেওঁৰ কন্যাক প্ৰশংসা কৰিছে।

SRK gushes over Suhana Khan while doling out hilarious advice for her 'purr-fect' co-star
শ্বাহৰুখ খানে কন্যা সুহানাক লৈ এটা পোষ্ট শ্বেয়াৰ কৰিছে

চিটাৰা ডেস্ক, ৩০ আগষ্ট: বলীউডৰ অভিনেতা শ্বাহৰুখ খানে আগন্তুক ছবি জৱানৰ বাবে এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । কিং খানৰ এই ছবিখনক লৈ বিগত সময়ৰ পৰা ব্যাপক চৰ্চা চলি আছিল । এই ছবিখন অহা ৭ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব । যাৰ বাবে ৩০ আগষ্টত শ্বাহৰুখে চেন্নাইত জৱান সন্দৰ্ভত প্ৰি-ৰিলিজ ইভেণ্টৰো আয়োজন কৰিছে। কিন্তু ইভেন্টৰ পূৰ্বে তেওঁ কন্যা সুহানা খানৰ বিষয়ে এটা পোষ্ট শ্বেয়াৰ কৰিছে ।

শ্বাহৰুখ খানে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত সুহানাৰ এখন ছবি শ্বেয়াৰ কৰিছে, য’ত সুহানাক কেমেৰাৰ সন্মুখত দেখা গৈছে । লগতে সুহানাই মেকুৰী এটাৰ লগত হাঁহি হাঁহি কেমেৰাৰ সন্মুখত পোজ দিয়া দেখা গৈছে। এই ছবিখন শ্বেয়াৰ কৰি শ্বাহৰুখে কন্যাৰ প্ৰশংসা কৰিছে। অৱশ্যে সুহানাৰ সহ অভিনেতাগৰাকীৰ সন্দৰ্ভত তেওঁ কয় যে তেওঁক প্ৰশিক্ষকৰ প্ৰয়োজন ।

শ্বাহৰুখ খানে কন্যা সুহানাক লৈ এটা পোষ্ট শ্বেয়াৰ কৰিছে

কি ক’লে শ্বাহৰুখ খানে ?

শ্বাহৰুখ খানে কেপচনত লিখিছে, ‘মোৰ প্ৰিয় ঠাইত সুহানাত তোমাক কেমেৰাত দেখি সুখী । আৰামদায়ক আৰু ধুনীয়া দেখা গৈছে তোমাক । তুমি জিলিকি থাকা । প্ৰাউড অফ ইউ।" অভিনেতাগৰাকীয়ে লগতে লিখিছে, “কিন্তু হয়তো আপোনাৰ সহ অভিনেতাক কেমেৰাৰ সন্মুখীন হ’বলৈ অলপ কোচিঙৰ প্ৰয়োজন । হা হা।” শ্বাহৰুখে যি সুহানাৰ সহ অভিনেতাগৰাকীৰ কথা কৈছে, তেওঁ আন কোনো নহয়, সুহানাৰ মেকুৰীটোহে।

শ্বাহৰুখৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ ছবি হৈছে জৱান

যদি আমি জৱানৰ কথা কওঁ, তেন্তে ই এখন মাল্টি ষ্টাৰৰ ছবি । এই ছবিখনত শ্বাহৰুখ খান আছে যদিও তেওঁৰ বাহিৰেও নয়নতৰা, দীপিকা পাডুকন, বিজয় সেতুুপথিৰ দৰে আন বহু তাৰকাক এই ছবিখনত বিশেষ চৰিত্ৰত দেখা যাব । এতিয়া মাত্ৰ কেইটামান দিন বাকী আছে জৱানৰ মুক্তিৰ বাবে । এই ছবিখনৰ বিষয়ে কোৱা হৈছে যে এইখনেই শ্বাহৰুখৰ কেৰিয়াৰৰ এতিয়ালৈকে সৰ্ববৃহৎ ছবি হ’ব । এই ছবিখনৰ বাজেট ৩০০ কোটি টকা বুলি কোৱা হৈছে । একে সময়তে এইখনেই তেওঁৰ আজিলৈকে আটাইতকৈ ব্যয়বহুল ছবি ।

লগতে পঢ়ক:Suhana Khan : খেতিয়ক হ’ব নেকি শ্বাহৰুখ খানৰ কন্যা ? মুম্বাইত ক্ৰয় কৰিলে কোটি টকা মূল্যৰ কৃষিভূমি

ABOUT THE AUTHOR

...view details