অসম

assam

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 10:57 AM IST

ETV Bharat / entertainment

শ্বাহৰুখৰ কন্যা, অমিতাভৰ নাতিক সমৰ্থন কৰিবলৈ দ্য আৰ্চিছৰ দৰ্শনীত উপস্থিত সমগ্ৰ বলীউড

The Archies screening : মঙলবাৰে মুম্বাইত আয়োজন কৰা হয় দ্য আৰ্চিছৰ দৰ্শনী । দ্য আৰ্চিছৰ দৰ্শনীত উপস্থিত বি টাউনৰ বহু চেলিব্ৰিটি । চাওক ভিডিঅ’ ৷

SRK, Amitabh Bachchan attend the premier of The Archies
দ্য আৰ্চিছৰ দৰ্শনী

চিটাৰা ডেস্ক, ৬ ডিচেম্বৰ:মঙলবাৰে মুম্বাইত আয়োজন কৰা হয় এক ডাঙৰ ইভেন্টৰ । দৰাচলতে যোৱা নিশা শ্বাহৰুখ খানৰ কন্যা সুহানা খান, অমিতাভ বচ্চনৰ নাতি অগস্ত্য নন্দ আৰু প্ৰয়াত অভিনেত্ৰী শ্ৰীদেৱীৰ কনিষ্ঠ কন্যা খুশি কাপুৰৰ প্ৰথম ছবিৰ দৰ্শনীৰ আয়োজন কৰা হয়। এই দৰ্শনীত অমিতাভ বচ্চনৰ পৰিয়ালৰ লগতে বি টাউনৰ বহু চেলিব্ৰিটি উপস্থিত থাকে । এই সময়চোৱাত চেলিব্ৰিটিসকলে পাপাৰাজীৰ বাবে পোজ দিয়ে ৷ ইয়াৰে বহু ভিডিঅ’ আৰু ফটো সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

‘দ্য আৰ্চিজ’ ছবিখনৰ দৰ্শনীত এক প্ৰকাৰে তাৰকাৰ মেলা লাগিছিল । এই অনুষ্ঠানত অমিতাভ বচ্চন, অভিষেক বচ্চন, জয়া বচ্চন, ঐশ্বৰ্য বচ্চনকে ধৰি সমগ্ৰ পৰিয়ালে অগস্ত্য নন্দক সমৰ্থন কৰিবলৈ উপস্থিত হয় । ইফালে কন্যা সুহানা খানৰ প্ৰথম ছবিৰ দৰ্শনীত শ্বাহৰুখ খানকো দেখা গ’ল সমগ্ৰ পৰিয়ালৰ সৈতে । কেৱল এয়াই নহয়, অৰ্জুন কাপুৰ, ৰেখা, হৃতিক ৰোশন, ৰণবীৰ কাপুৰ, ববি দেওল, হেমা মালিনী, কাজল আৰু কৰণ জোহৰকে ধৰি বি টাউনৰ বহু চেলিব্ৰিটিয়ে ‘দ্য আৰ্চিজ’ৰ দৰ্শনীত উপস্থিত থাকে ।

এইখিনিতে ক’ব লাগিব যে, অনুষ্ঠানটোত ইমানেই তাৰকাৰ সমাৱেশ ঘটিছিল যে ৰেড কাৰ্পেটত ফটো ক্লিক কৰিবলৈ সকলোৱে শাৰী পাতিবলগীয়া হৈছিল । ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত অমিতাভ বচ্চনেও পৰিয়ালৰ সৈতে ফটো ক্লিক কৰিবলৈ শাৰী পাতি থকা দেখা গৈছিল । ইয়াৰ উপৰিও বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে, য’ত অৰ্জুন কাপুৰৰ পৰা আৰম্ভ কৰি কেটৰিণা কাইফলৈকে বি-টাউনৰ সকলো তাৰকা কেমেৰাৰ সন্মুখত পোজ দিবলৈ শাৰী পাতি থিয় হৈ থকা দেখা গৈছে ।

'দ্য আৰ্চিজ' কেতিয়া মুক্তি পাব ?

উল্লেখ্য যে, ‘দ্য আৰ্চিজ’ৰ পৰিচালনা কৰিছে জ’য়া আখতাৰে । এই ছবিখনৰ জৰিয়তে অগস্ত্য নন্দ, সুহানা খান আৰু খুশি কাপুৰৰ উপৰিও মিহিৰ আহুজা, বেদাং ৰাইনা আৰু যুৱৰাজ মেণ্ডাইয়ে অভিনয় জীৱন আৰম্ভ কৰিছে । ৭ ডিচেম্বৰত নেটফ্লিক্সত মুক্তি পাব ‘দ্য আৰ্চিজ’ ।

লগতে পঢ়ক:ছলমান খানৰ উপস্থিতিত ২৯ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ উদ্বোধন মমতা বেনাৰ্জীৰ

ABOUT THE AUTHOR

...view details