চিটাৰা ডেস্ক, 27 এপ্ৰিল: ৰহস্যজনকভাৱে আত্মহত্যা কৰা এনে বহু বলীউডৰ অভিনেতা-অভিনেত্ৰী আছে, যাৰ মৃত্যুৰ ৰহস্য আজি পৰ্যন্ত ৰহস্য হৈয়ে আছে ৷ ইয়াৰ ভিতৰত এগৰাকী হৈছে বলীউডৰ অভিনেত্ৰী জিয়া খান ৷ 2013 চনৰ ৩ জুনত উদ্ধাৰ হৈছিল জিয়া খানৰ মৃতেদহ (Jiah Khan Suicide Case) ৷ জিয়া খানৰ মৃত্যুৰ প্ৰকৃত কাৰণ আজি পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও জিয়া খানে এৰি থৈ যোৱা চিঠিখনৰ পৰা বহু তথ্য ফাদিল হৈছিল ৷
চিঠিখন জিয়া খানে প্ৰেমিক সূৰজ পাঞ্চোলিৰ বাবে লিখিছিল (Jiah Khan Suicide) ৷ চিঠিখন পোহৰলৈ অহাৰ পিচতে জিয়া খানক আত্মহত্যাৰ বাবে উচটনি দিয়াৰ অভিযোগত প্ৰেমিক সূৰজ পাঞ্চোলিৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০৬ ধাৰাত দাখিল হৈছিল গোচৰ ৷ সেই গোচৰৰ শুনানি বৰ্তমান পৰ্যন্ত চলি আছে (Jiah Khan letter) ৷
উল্লেখ্য যে, জিয়া খানৰ আত্মহত্যাৰ গোচৰৰ ১০ বছৰ পাৰ হ’ল ৷ চিবিআই বিশেষ আদালতে এই গোচৰৰ তদন্ত কৰি আছে আৰু কাইলৈ পুৱা ১০:৩০ বজাত আদালতে এই গোচৰৰ চূড়ান্ত ৰায়দান কৰিব। এই গোচৰত নাম উল্লেখ কৰা অভিযুক্ত সুৰজ পাঞ্চোলিৰ বাবে কাইলৈ অৰ্থাৎ ২৮ এপ্ৰিল গুৰুত্বপূৰ্ণ দিন হ’ব । এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে ১০ বছৰ ধৰি চলি থকা এই গোচৰত সূৰজৰ কি হ’ব ( Judgement in Jiah Khan suicide case)।
আনহাতে সংবাদ মাধ্যমৰ অনুসৰি ৰায় ঘোষণাৰ পূৰ্বে সংবাদ মাধ্যমৰ সন্মুখত দুয়োটা পক্ষৰ আত্মীয়ক মৌন হৈ থাকিবলৈ আদালতে নিৰ্দেশ দিছে । এনে পৰিস্থিতিত কাইলৈ সূৰজ আৰু জিয়াৰ পৰিয়ালৰ সদস্যৰ বাবে সিদ্ধান্তৰ সময় (Judgment in Jiah Khan case likely on April 28) ।