অসম

assam

ETV Bharat / entertainment

Surya Pay Tribute to his Fan: অনুৰাগীৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হ’ল দক্ষিণৰ ছুপাৰষ্টাৰ সূৰ্য্য - দক্ষিণৰ ছুপাৰষ্টাৰ সূৰ্য্য

শেহতীয়াকৈ দক্ষিণৰ ছুপাৰষ্টাৰ সূৰ্য্যৰ এজন অনুৰাগীৰ পথ দুৰ্ঘটনাত মৃত্যু হয় ৷ অনুৰাগীজনৰ মৃত্যুৰ খবৰ শুনি তেওঁৰ বাসগৃহত উপস্থিত হয় অভিনেতাগৰাকী । চাওক ফটো ৷

South Actor Surya Visited A Fans Home To to pay tribute
দক্ষিণৰ ছুপাৰষ্টাৰ সূৰ্য্যৰ মহানুভৱতা

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 6:50 PM IST

চিটাৰা ডেস্ক, 29 ছেপ্টেম্বৰ: তামিল চলচ্চিত্ৰ জগতৰ ছুপাৰষ্টাৰ সূৰ্য্য অভিনয়ৰ উপৰিও তেওঁৰ উদাৰতাৰ বাবে জনপ্ৰিয় । অভিনেতাগৰাকীৰ আছে বিশাল ফেন ফ’ল’ৱাৰ ৷ যাৰ বাবে অভিনেতাগৰাকীৰ প্ৰতিখন ছবি বক্স অফিচত ছুপাৰহিট হয় । যিহেতু এজন অভিনেতা অনুৰাগীৰ বাবেই সফলতাৰ শীৰ্ষত উপনীত হয়, সেয়েহে প্ৰায়ে অনুৰাগীৰ শলাগ লোৱা দেখা যায় সূৰ্য্যই ৷ যিমান পাৰে সিমান অনুৰাগীৰ সৈতে জড়িত হৈ থাকিবলৈ চেষ্টা কৰে অভিনেতাগৰাকীয়ে ৷

অনুৰাগীৰ ঘৰত উপস্থিত হ’ল ছুপাৰষ্টাৰগৰাকী

ছুপাৰষ্টাৰ সূৰ্য্যই পুনৰবাৰ প্ৰমাণ কৰিলে নিজৰ উদাৰতা । আচলতে অভিনেতাজনৰ এজন অনুৰাগীৰ মৃত্যু হৈছে আৰু অভিনেতাজনে এই কথা গম পোৱাৰ লগে লগে অনুৰাগীজনৰ ঘৰত উপস্থিত হয়। সূৰ্য্যই এই খবৰ পোৱাৰ লগে লগে সেই অনুৰাগীজনৰ ঘৰত উপস্থিত হৈ তেওঁক শ্ৰদ্ধাঞ্জলি জনায় । সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে সূৰ্য্যৰ কেইখনমান ছবি, য’ত তেওঁৰ অনুৰাগীজনৰ পিতৃ-মাতৃক লগ পোৱা দেখা গৈছে । আচলতে সূৰ্য্যৰ এই অনুৰাগীৰ নাম আছিল অৰবিন্দ, যিজনৰ এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল ৷

অনুৰাগীজনৰ পৰিয়ালৰ সৈতে সাক্ষাৎ অভিনেতাগৰাকীৰ

উল্লেখ্য যে এননোৰত থকা সূৰ্য্যৰ ফেন ক্লাবৰ সদস্য আছিল অৰবিন্দ । অৰবিন্দৰ মৃত্যুৰ খবৰ শুনি অভিনেতাগৰাকীয়ে অনুৰাগীজনৰ ঘৰলৈ গৈ পৰিয়ালক লগ কৰি শোক প্ৰকাশ কৰে । সূৰ্য্যই অনুৰাগীৰ ঘৰলৈ গৈ পৰিয়ালৰ সৈতে কথা পতাৰ ছবি সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । অৱশ্যে এয়া প্ৰথমবাৰৰ বাবে নহয়, ইয়াৰ পূৰ্বেও এজন অনুৰাগীৰ মৃত্যুত ঘৰত উপস্থিত হৈছিল শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল অভিনেতাগৰাকীয়ে ৷

এই কথা ক’লে ভুল নহ’ব যে, দক্ষিণৰ অভিনেতা সূৰ্য্যই একমাত্ৰ অভিনেতা যিয়ে নিজৰ অনুৰাগীক আটাইতকৈ বেছি গুৰুত্ব দিয়ে । এনেদৰে নিজৰ অনুৰাগীৰ হৈ থিয় দিয়া তাৰকা খুব কম আৰু তাৰ ভিতৰত সূৰ্য্য অন্যতম । এই কাৰণেই আজি সূৰ্য্যৰ অনুৰাগী কেৱল তামিলনাডুতে নহয়, দেশৰ প্ৰতিটো কোণত আছে ।

লগতে পঢ়ক:Lata Mangeshkar Birth Anniversary: প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে ৯৪ সংখ্যক জন্ম বাৰ্ষিকীত এনেদৰে স্মৰণ কৰিলে লতাজীক

ABOUT THE AUTHOR

...view details