অসম

assam

ETV Bharat / entertainment

Sharwanand and Rakshita got engaged: দক্ষিণৰ অভিনেতা শৰ্ৱানন্দ আৰু ৰক্ষিতাৰ বাগদান সম্পন্ন

উচ্চ ন্যায়ালয়ৰ অধিবক্তা মধুসুদন ৰেড্ডীৰ কন্যা তথা ৰাজনীতিবিদ ভোজলা গোপাল কৃষ্ণ ৰেড্ডীৰ নাতিনী ৰক্ষিতা ৰেড্ডীৰ সৈতে বাগ্দান হৈছে দক্ষিণৰ অভিনেতা শৰ্ৱানন্দৰ (South actor Sharwanand latest news) । ছ’চিয়েল মিডিয়াত ধুনীয়া ধুনীয়া ছবি শ্বেয়াৰ কৰি তেওঁ এই তথ্য অনুৰাগীক দিছে ।

By

Published : Jan 26, 2023, 5:31 PM IST

South actor Sharwanand and Rakshita
শৰ্ৱানন্দ আৰু ৰক্ষিতাৰ বাগদানৰ ছবি

চিটাৰা ডেস্ক, 26 জানুৱাৰী :জীৱনৰ আন এটা অধ্যায়ৰ পাতনি মেলিলে দক্ষিণৰ অভিনেতা শৰ্ৱানন্দ মাইনেনীয়ে (South actor Sharwanand) ৷ তামিল চলচ্চিত্ৰ জগতৰ এই সুদৰ্শন অভিনেতাজনৰ জীনৱলৈ আহিল এগৰাকী সুন্দৰী নাৰী ৷ শেহতীয়াকৈ হায়দৰাবাদত ৰক্ষিতা ৰেড্ডীৰ সৈতে বাগদান হয় অভিনেতা শৰ্ৱানন্দৰ । কোন এই ৰক্ষিতা ৰেড্ডী ? উচ্চ ন্যায়ালয়ৰ অধিবক্তা মধুসুদন ৰেড্ডীৰ কন্যা তথা ৰাজনীতিবিদ ভোজলা গোপাল কৃষ্ণ ৰেড্ডীৰ নাতিনী ৰক্ষিতা ৰেড্ডী ৷

শৰ্ৱানন্দ আৰু ৰক্ষিতাৰ বাগদানৰ ছবি

হায়দৰাবাদত পৰিয়াল আৰু চলচ্চিত্ৰ জগতৰ বন্ধুবৰ্গৰ সৈতে এই বাগদান অনুষ্ঠান সম্পন্ন হৈ যায় ৷ আৰ আৰ আৰৰ অভিনেতা ৰাম চৰণ আৰু তেওঁৰ গৰ্ভৱতী পত্নী উপসনা কামিনেনীও অভিনেতাগৰাকীৰ এংগেজমেণ্ট অনুষ্ঠানত অংশগ্ৰহণ কৰে । বৰ্তমানে প্ৰেমৰ বাতৰিৰে চৰ্চাত থকা অদিতি ৰাও আৰু সিদ্ধাৰ্থও একেলগে উপস্থিত হয় অনুষ্ঠানত ৷ বাগদান হোৱা যুটিৰ লগতে এই দুই তাৰকাই দৃষ্টি আকৰ্ষণ কৰে সকলোৰে ৷ অতি সোনকালেই শৰ্ৱানন্দ আৰু ৰক্ষিতাৰ বিয়া হ’ব বুলি খবৰ ওলাইছে । এংগেজমেণ্টত ৰাম চৰণ আৰু তেওঁৰ গৰ্ভৱতী পত্নী উপাসনা কামিনেনী দুয়োজনে এজনে আনজনৰ সৈতে মিলাই গুলপীয়া ৰঙৰ সাজ-পোছাক পৰিধান কৰিছিল ।

শৰ্ৱানন্দৰ বিবাহ আৰু এংগেজমেণ্টৰ খবৰ ছ’চিয়েল মিডিয়াত তীব্ৰভাৱে ভাইৰেল হৈ পৰিছিল । ইফালে অভিনেতাগৰাকীয়ে এংগেজমেণ্টৰ ছবি শ্বেয়াৰ কৰি অনুৰাগীসকলক নিজেই এই খবৰৰ বিষয়ে অৱগত কৰিছে । শ্বেয়াৰ কৰা ছবিসমূহত দুয়োজনে ইজনে সিজনৰ হাতত ধৰি আনন্দৰে হাঁহি থকা দেখা গৈছে । অভিনেতাগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এই ছবি শ্বেয়াৰ কৰি কেপচনত মাত্ৰ যুটি আৰু ৰঙা হৃদয়ৰ ইম’জীহে দিছিল । দ্বিতীয়খন মন’ক্ৰম মৰমলগা ছবিৰ সৈতে তেওঁ লিখিছিল ‘মই নিজৰ বাবে কাৰোবাক বিচাৰি পাইছো’ । ছবিসমূহ শ্বেয়াৰ কৰাৰ লগে লগে অনুৰাগীকে ধৰি তেওঁলোকৰ শুভাকাংক্ষীয়ে অভিনন্দন জনাই শুভেচ্ছাৰে ভৰাই তুলিছে ছ’চিয়েল মিডিয়া হেণ্ডেল ।

ৰক্ষিতা ৰেড্ডী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মধুসুদন ৰেড্ডীৰ কন্যা আৰু ৰাজনীতিবিদ ভোজলা গোপাল কৃষ্ণ ৰেড্ডীৰ নাতিনী (Rakshita Reddy) । দীৰ্ঘদিন ধৰি ছ’চিয়েল মিডিয়াত তেওঁলোকৰ বিবাহৰ খবৰ ট্ৰেণ্ড হৈ আছিল । ইফালে শৰ্ৱানন্দৰ ৱৰ্কফ্ৰন্টৰ কথা ক’বলৈ গ’লে তেওঁক দেখা গৈছিল ‘কানাম’ত । ইয়াৰ উপৰিও তেওঁ অতি সোনকালে অভিনেতা কৃষ্ণ চৈতন্যৰ পৰিচালিত এখন ছবিত অভিনয় কৰিব । ছবিখনত দক্ষিণৰ অভিনেত্ৰী ৰাশি খান্নাই তেওঁৰ সৈতে পৰ্দাৰ স্থান ভাগ-বতৰা কৰা দেখা যাব ।

লগতে পঢ়ক :Republic Day 2023: ভাৰত মাতৃক সন্মান জনাই সজোৱা কেইটামান বলীউডৰ গীত

ABOUT THE AUTHOR

...view details