চিটাৰা ডেস্ক, 4 মে’: জিয়া খান গোচৰত দোষমুক্ত হোৱাৰ পিচত বুধবাৰে গুৰুদ্বাৰা বাংলা চাহাবত উপস্থিত হৈ গুৰু নানকৰ আশীৰ্বাদ ল’লে সূৰজ পাঞ্চোলিয়ে (Sooraj Pancholi) । অভিনেতাগৰাকীয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে গুৰুদ্বাৰা বাংলা চাহাব ভ্ৰমণৰ ফটো (Sooraj Pancholi being acquitted in Jiah Khan case)।
ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ফটোসমূহত সূৰজে টি-চাৰ্ট আৰু ডেনিম পৰিধান কৰি আশীৰ্বাদ বিচৰা দেখা গৈছে । অভিনেত্ৰী জিয়া খানৰ মৃত্যুৰ অভিযোগৰ পৰা বিশেষ আদালতে সূৰজক মুক্ত কৰাৰ পিচতে শুকুৰবাৰে সূৰজে তেওঁৰ আইনী যুদ্ধৰ সময়ত তেওঁক সদায় সমৰ্থন আৰু বিশ্বাস কৰা সেই সকলো লোকলৈ ধন্যবাদ জ্ঞাপন কৰিছিল (Sooraj pancholi visits Bangla Sahib) ।
ইনষ্টাগ্ৰাম ষ্ট’ৰীত সূৰজে লিখিছিল, মোক সদায় সমৰ্থন কৰা আৰু মোক বিশ্বাস কৰা সকলোকে ধন্যবাদ, দুখ আৰু কষ্টৰ মাজেৰে মই কেনেকৈ পাৰ হ’লোঁ সেয়া কেৱল মইহে জানো । আপোনালোকৰ প্ৰেম আৰু প্ৰাৰ্থনাই আছিল মোৰ একমাত্ৰ শক্তি ।’
উল্লেখ্য যে, ২০১৩ চনৰ ৩ জুনত মুম্বাইৰ জুহুৰ বাসগৃহত মৃত অৱস্থাত উদ্ধাৰ হৈছিল জিয়া খানৰ মৃতদেহ (Jiah khan case)। ইয়াৰ পিচত জিয়াৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছিল এখন চিঠি ৷ আৰক্ষীয়ে জিয়াই লিখা ছয় পৃষ্ঠাৰ চিঠিৰ ভিত্তিত সূৰজক গ্ৰেপ্তাৰ কৰি আত্মহত্যাত সহায় কৰাৰ অভিযোগত সূৰজৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে । চিঠিখনত স্পষ্টকৈ জিয়াৰ সৈতে সূৰজৰ সম্পৰ্ক থকাৰ কথা উল্লেখ কৰা হৈছিল ।
ইফালে জিয়াৰ মাতৃ ৰাবিয়া খানে তেওঁৰ কন্যা জিয়াক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল । ২০১৩ চনৰ অক্টোবৰ মাহত ৰাবিয়াই তেওঁৰ কন্যাক হত্যা কৰা বুলি অভিযোগ কৰি এই বিষয়টোৰ চিবিআইৰ তদন্ত বিচাৰি বম্বে উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল আবেদন (Jiah Khan Suicide Case) ।
বম্বে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ২০১৪ চনৰ জুলাই মাহত মহাৰাষ্ট্ৰ আৰক্ষীৰ পৰা চিবিআইয়ে তদন্তৰ দায়িত্ব লয় । অভিনেতা আদিত্য পাঞ্চোলি আৰু জৰিনা ৱাহাবৰ পুত্ৰ সূৰজে তেওঁৰ কন্যাক মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল ৷ কিন্তু শুকুৰবাৰে অৱশেষত মুম্বাইৰ চিবিআই আদালতে সূৰজক সকলো অভিযোগৰ পৰা দোষমুক্ত ঘোষণা কৰে (What is Jiah Khan Suicide Case)।
জিয়া খান গোচৰৰ পৰা দোষমুক্ত হোৱাৰ পিচতে সূৰজে সংবাদ মাধ্যমৰ আগত এক বিবৃতি প্ৰকাশ কৰি কয়, ‘বিগত ১০ বছৰ মোৰ আৰু মোৰ পৰিয়ালৰ বাবে বহু কষ্টকৰ আছিল । আজি মই কেৱল মোৰ বিৰুদ্ধে এই গোচৰত জয়ী হোৱাই নহয়, মোৰ স্বাভিমান আৰু আত্মবিশ্বাসো ঘূৰাই আনিছো । মোৰ বিৰুদ্ধে উত্থাপিত এনে গুৰুতৰ অভিযোগৰ সৈতে পৃথিৱীৰ মুখামুখি হ’বলৈ বহুত সাহসৰ প্ৰয়োজন । মই আশা কৰিছো আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে ইমান কম বয়সত কোনেও মোৰ দৰে সমস্যা ভোগ নকৰে ।’
অভিনেতাগৰাকীয়ে লগতে কয়, ‘মই নাজানো মোৰ জীৱনৰ এই ১০ বছৰ কোনে মোক ঘূৰাই দিব, কিন্তু মই সুখী যে অৱশেষত কেৱল মোৰ বাবেই নহয় বিশেষকৈ মোৰ পৰিয়ালৰ বাবে ই শেষ হৈ গ’ল ।’ ইয়াৰ পূৰ্বে দোষমুক্ত হোৱাৰ পিচত সূৰজে ইনষ্টাগ্ৰামত এটা টোকা শ্বেয়াৰ কৰিছিল য’ত লিখা আছিল, “সত্যৰ সদায় জয় হয় ! #ঈশ্বৰ মহান”।
লগতে পঢ়ক:Jiah Khan : ক’ত আৰু কেনেকৈ জিয়াই লগ পাইছিল সূৰজক, কেনেকৈ হ’ল প্ৰেমৰ এনে ভয়ংকৰ পৰিণতি