চিটাৰা ডেস্ক, 30 জুলাই: ‘‘টকা উপাৰ্জন কৰিবলৈ সময় লাগে, চুৰি কৰিবলৈ নহয়..’’, এয়া চনু সুদৰ ছবি ‘ডেঞ্জাৰছ খিলাড়ী’ৰ সংলাপ । কৰ’না কালৰ পূৰ্বে বলীউডৰ পৰা টলীউডলৈ ছবিত ভয়ংকৰ খলনায়কৰ পৰিচয় অৰ্জন কৰা অভিনেতা চনুৰ প্ৰকৃত ব্যক্তিত্ব কোনেও হয়তো জনা নাছিল ৷ কিন্তু যি সময়ত গোটেই দেশখন ঘৰত আবদ্ধ হৈ আছিল, সেই সময়ত এই ৰিল লাইফ খলনায়কজনে ৰাজপথত মানুহৰ আঙুলি ধৰি নিজৰ ‘গন্তব্যস্থান’লৈ লৈ যোৱাৰ দায়িত্ব লৈছিল । কৰ’না কালত চকুলো টোকা, ৰাজপথত ভোকত শুই থকা লোকলৈ আগবঢ়াইছিল সহায়ৰ হাত ৷ আজি এই নায়কজনৰ জন্মদিন ৷ 50 বছৰীয়া হ’ল চনু সুদ ৷
সকলোৰে বাবে দেৱদূত স্বৰূপ হৈ পৰিল চনু সুদ
চনু সুদে নিজৰ কেৰিয়াৰত বহু ছবিত অভিনয় কৰিছিল যদিও ভিলেইনৰ চৰিত্ৰত অভিনয় কৰিহে প্ৰকৃত জনপ্ৰিয়তা অৰ্জন কৰে ৷ খলনায়ক হিচাপে তেওঁ যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল । সেই সময়ত পৰ্দাৰ এই খলনায়কজন বাস্তৱ জীৱনত আৰ্তজনৰ দেৱদূত হৈ পৰিব বুলি কোনেও হয়তো ভবা নাছিল । ছবিৰ এই খলনায়কজন বাস্তৱ জীৱনৰ নায়ক হৈ পৰিল । ২০২০ চনত শ্ৰমিকসকলৰ বাবে নায়ক হিচাপে আত্মপ্ৰকাশ কৰে চনু । কৰ’না কালত তেওঁ সকলো প্ৰকাৰে সহায় কৰিছিল । কেৱল কৰ’না কালতেই নহয় আজিও মানুহে নিজৰ সমস্যা চনুৰ ওচৰলৈ লৈ যায় আৰু চনুৱে তেওঁলোকক সহায় কৰে ।
ভিলেইনৰ চৰিত্ৰৰ অফাৰ পোৱা বন্ধ হ’ল চনুৰ