চিটাৰা ডেস্ক, 21 ফেব্ৰুৱাৰী: জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগমক সোমবাৰে মুম্বাইৰ চেম্বুৰ অঞ্চলত অনুষ্ঠিত এক সংগীতানুষ্ঠানৰ সময়ত শিৱসেনাৰ এগৰাকী সদস্যই(UBT) মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নিগমে অনুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়তে স্থানীয় শিৱসেনাৰ (ইউবিটি) বিধায়কৰ পুত্ৰই কণ্ঠশিল্পীগৰাকীৰ মেনেজাৰৰ সৈতে দুৰ্ব্যৱহাৰ কৰে(Attack on Sonu Nigam)।
মাৰপিট কৰা শিৱসেনাৰ সদস্যগৰাকীয়ে শিল্পীগৰাকীৰ মেনেজাৰক মঞ্চৰ পৰা নামিবলৈ কোৱাৰ লগতে চনু আহি থকাৰ সময়তে ঠেলি দিয়ে । খবৰ অনুসৰি শিৱসেনাৰ সদস্যগৰাকীয়ে চনুৰ বন্ধুকো ঠেলি দিছিল(Attack on singer Sonu Nigam in Mumbai)। দুয়োজনেই বৰ্তমান আঘাতপ্ৰাপ্ত বুলি জানিব পৰা গৈছে । ইয়াৰ পিছত এটা ভিডিঅ’ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে য’ত এজন ব্যক্তিয়ে চনু আৰু তেওঁৰ বন্ধুক ঠেলি দিয়া দেখা গৈছে । ঘটনাৰ পিছতে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে চনু নিগমে(Shiv Sena member Attack on Sonu Nigam)।
চনু নিগমে এক বিবৃতিৰ জৰিয়তে উল্লেখ কৰি কয় যে, "যদি লোহাৰ ৰডত ৰাব্বানী(আঘাতপ্ৰাপ্তজন, চনুৰ সহযোগী) পৰিলহেঁতেন তেন্তে আজি ৰাব্বানীৰ মৃত্যু হ'লহেঁতেন । তেওঁক এনেদৰে ঠেলি দিয়া হ'ল... ভিডিঅ'টোত যিহেতু সকলোৱে দেখা পালে...আনকি মইও পৰিবলৈ ওলাইছিলো ।" চনুৱে নিজৰ বিবৃতিত স্পষ্ট কৰি দিয়ে যে তেওঁ এই অভিযোগ দাখিল কৰিছে সাধাৰণ মানুহৰ মাজত সজাগতা সৃষ্টিৰ বাবে । তেওঁ লগতে কয় যে, "মই এইকাৰণে এজাহাৰ দাখিল কৰিছো যাতে হুলস্থূল, ধক্কা মুক্কি, অহংকাৰ, বলপূৰ্বকভাৱে চেলফি বা ফটো ল'বলৈ চেষ্টা কৰিলে ইয়াৰ পৰিণাম কি হয় সেই বিষয়ে যাতে মানুহে এবাৰ চিন্তা কৰে ।"