চিটাৰা ডেস্ক, 26 মাৰ্চ: শেহতীয়াকৈ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতক লৈ চকুলো টুকিছে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী তথা সংসদৰ সদস্য স্মৃতি ইৰাণীয়ে ৷ দৰাচলতে শেহতীয়াকৈ হোৱা এটা সাক্ষাৎকাৰত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীগৰাকীয়ে প্ৰয়াত অভিনেতাগৰাকীক মনত পেলাই চকুলো টুকা পৰিলক্ষিত হৈছে । "Kyunki saas bhi kabhi bahu thi" ধাৰাবাহিকখনৰ অভিনেত্ৰীগৰাকীয়ে সুশান্তক আত্মহত্যাৰ পূৰ্বে দিয়া পৰামৰ্শৰ কথা উল্লেখ কৰি চকুলো টুকিছিল । স্মৃতিয়ে শ্বেয়াৰ কৰা অনুসৰি তেওঁ সুশান্তক নিজকে হত্যা নকৰিবলৈ কৈছিল (Smriti Irani breaks down talking about Sushant)।
উল্লেখ্য যে ২০২০ চনৰ জুন মাহত আত্মহত্যা কৰিছিল প্ৰয়াত অভিনেতাগৰাকীয়ে ৷ অৱশ্যে এয়া আত্মহত্যা আছিল নে হত্যা সেয়া বৰ্তমানলৈকে ৰহস্যৰ আৱৰ্তত ৷ অভিনেতাগৰাকীৰ মৃত্যুৰ পিচত অভিনেতাগৰাকীৰ নামত বহু বিতৰ্কও হৈছিল ৷ মুঠৰ ওপৰত অভিনেতাগৰাকীৰ মৃত্যুত সমগ্ৰ দেশবাসীয়ে শোক প্ৰকাশ কৰিছিল (Late actor Sushant Singh Rajput) ৷ মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স আছিল মাত্ৰ ৩৪ বছৰ (Sushant Singh Rajput) ।
শেহতীয়াকৈ প্ৰয়াত অভিনেতাগৰাকীক স্মৰণ কৰি সাক্ষাৎকাৰত উচপি উঠিল স্মৃতি ইৰাণী । অভিনেতাগৰাকীৰ মৃত্যুৰ কথা কওঁতে স্মৃতি ইৰাণীয়ে কয় যে এই খবৰ লাভ কৰাৰ সময়ত তেওঁ ভিডিঅ’ কনফাৰেন্সৰ মাজত আছিল (Smriti Irani talks about Sushant suicide)।