চিটাৰা ডেস্ক, ১৩ ডিচেম্বৰ:বহু বছৰ ধৰি ডিঙিৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল অভিনেতা লক্ষ্মীকান্ত বেৰ্দেৰ ভাতৃ প্ৰবীণ মাৰাঠী অভিনেতা ৰবীন্দ্ৰ বেৰ্দে ৷ অৱশেষত এই ৰোগৰ সৈতে যুঁজি নিয়তিৰ ওচৰত হাৰ মানিলে ৰবীন্দ্ৰ বেৰ্দে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নায়ক: দ্য ৰিয়েল হিৰো আৰু সিংঘম আদি ছবিত অভিনয়ৰ বাবে পৰিচিত ৭৮ বছৰীয়া ৰবীন্দ্ৰই কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। ইফালে অভিনেতাগৰাকীৰ মৃত্যুৰ পিচতে মাৰাঠী উদ্যোগৰ বহুজনে ছ’চিয়েল মিডিয়া দুখ প্ৰকাশ কৰিছে ।
জানিব পৰা মতে, বিগত কেইবামাহ ধৰি ৰবীন্দ্ৰ বেৰ্দে চিকিৎসাধীন হৈ আছিল ৷ দৰাচলতে ডিঙিৰ কৰ্কট ৰোগ ধৰা পৰাৰ পিচত তেওঁক মুম্বাইৰ টাটা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি দুদিন পূৰ্বে ৰবীন্দ্ৰ বেৰ্দেক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছিল ৷ যদিও বুধবাৰে পুৱা হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ ইহলীলা সম্বৰণ কৰে ।
ৰবীন্দ্ৰ বেৰ্দে ৩০০ৰো অধিক মাৰাঠী ছবিত কাম কৰিছে
ৰবীন্দ্ৰ বেৰ্দে ১৯৬৫ চনত ভ্ৰাম্যমাণৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল । ইয়াৰ পিচত ৩০০ৰো অধিক মাৰাঠী ছবিত তেওঁ অভিনয় কৰে । নিজৰ কেৰিয়াৰত তেওঁ অশোক ছাৰাফ, বিজয় চাৱন, মহেশ কোথাৰে, বিজু খোটে, সুধীৰ যোশী আৰু ভৰত যাদৱৰ দৰে প্ৰবীণ অভিনেতাৰ সৈতে কাম কৰিছিল ।