অসম

assam

ETV Bharat / entertainment

Deuka meli dilu Song out: কণ্ঠশিল্পী তৰালী শৰ্মাৰ ডেউকা এলবামৰ দ্বিতীয়টো গীত মুকলি - ডেউকা

ৰাইজৰ বাবে মুকলি কৰা হ’ল বিশিষ্ট কণ্ঠশিল্পী তৰালী শৰ্মাৰ "ডেউকা মেলি দিলোঁ" নামৰ প্ৰেমৰ গীতটো । গীতটিৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে একাংশ জ্যেষ্ঠ সাংবাদিক ৷

Singer Tarali Sarma's album song Deuka meli dilu is out now
ডেউকা মেলি দিলোঁ এলবাম গীত মুকলি

By

Published : Jul 23, 2023, 11:50 AM IST

চিটাৰা ডেস্ক, 23 জুলাই: শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক তৰালি শৰ্মাৰ দীৰ্ঘদিনীয়া কষ্টৰ ফল "ডেউকা" এলবামটোৰ প্ৰথমটি গীত "মাতিলেই নামি অহা জোনাক"ৰ নামৰ গীতটি ইতিমধ্যে ৰাইজে আকোঁৱালি লৈ মৰম দিছে ৷ এলবামটোৰ প্ৰথমটো গীতে দৰ্শকৰ পৰা পোৱা সঁহাৰিৰ পিচতে শনিবাৰে ইয়াৰ দ্বিতীয়টো গীত মুকলি কৰে ৷

উল্লেখ্য যে, উইণ্ডছংছৰ বেনাৰত এই এলবামৰ দ্বিতীয়টি গীত 'ডেউকা মেলি দিলোঁ' শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত মুকলি কৰা হয় । সামাজিক মাধ্যম ছাইট ইউটিউবৰ Tarali Sarma: Windsongs (লিংক youtube.com/ @TARALISARMACHANNEL) যোগে ৰাইজৰ বাবে মুকলি কৰি দিয়া হয় গীতটি ৷

ডেউকা মেলি দিলো গীতটিৰ গীতিকাৰ সাংবাদিক গৌতম শৰ্মা । আনহাতে সংগীত ব্যৱস্থাপনা পৱন ৰছাইলীৰ। গীতটিৰ ভিডিঅ’ পৰিচালনা মুম্বাইৰ দিগন্ত গৌতমৰ । সংগীত ব্যৱস্থাপনা পৱন ৰছাইলীৰ আৰু শব্দ সংমিশ্ৰণ আৰু মাষ্টাৰিং জিন্টু বৰদলৈৰ । গীতৰ দৃশ্যাংশত অভিনয় শিল্পী হিচাপে সৃষ্টি শৰ্মা, ঋতুৰাজ গগৈ, কুনাল মেচ, তেজাঞ্চী দিহিঙীয়া, হিমাঞ্চী শৰ্মা, ঝুনাকংকন ভূঞা, সুমন চৌধুৰী আৰু তৰালি শৰ্মাই নিজেও অংশ লৈছে ৷

কলিয়াবৰ- শিলঘাট, গুৱাহাটী, নতুন দিল্লীৰ বিভিন্ন লোকেচনত ডি অ’ পি দেৱজিৎ শেমন্তে দৃশ্যগ্ৰহণ কৰা গানটো মুম্বাইৰ সন্দীপ দাসে সম্পাদনা কৰিছে । গীতটি মুকলি অনুষ্ঠানত উপস্থিত থাকে ছপা আৰু বৈদ্যুতিন মাধ্যমৰ জ্যেষ্ঠ সাংবাদিক ক্ৰমে দুৰ্বা ঘোষ, গৌতম শৰ্মা, সঞ্জীৱ ফুকন, অচুৎ পাটোৱাৰী, চেমিম চুলতানা, মানস প্রতিম ডেকা, সদৌ অসম ছাত্ৰ-সন্থাৰ উপ-সভাপতি বিপুল ৰাভা, সংগীত শিল্পী জিণ্টু বৰদলৈ ।

অনুষ্ঠানৰ আৰম্ভণিতে তৰালি শর্মাৰ পিতৃ তথা বিশিষ্ট সংগীতশিল্পী প্ৰয়াত প্ৰভাত শৰ্মাৰ প্রতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰা হয় । বিশিষ্ট সংগীত শিল্পী তৰালি শৰ্মাই 'ডেউকা মেলি দিলোঁ' এটা ভাল লগা এটা কাহিনী বুলি মন্তব্য কৰি কয়- এয়া মোৰ এটা সৰু আবেগ । পৃথিৱীখন ধুনীয়া । কিন্তু হিংসা, হত্যা নহয় মৰম, প্ৰেম আৰু ভালপোৱাইহে জীৱন সুন্দৰ কৰে ।’ গীতটিৰ মননশীল দিশটোক প্রাধান্য দি এটি মৰমলগা কাহিনীৰ দৃশ্যায়নে অসমীয়া সংগীতৰ চলিত সোঁতৰ মাজতো নিজস্ব মান আৰু স্থানেৰে 'ডেউকা মেলি দিলোঁ' উজলি উঠিব বুলি ঠাৱৰ কৰিব পাৰি ৷

লগতে পঢ়ক:Nalbari Bordoichila Theatre: মাংগলিক ৰীতি-নীতিৰে নলবাৰীৰ বনগাঁৱত মুকলি হ’ল বৰদৈচিলা থিয়েটাৰৰ আখৰা শিবিৰ

ABOUT THE AUTHOR

...view details