অসম

assam

Akanksha Dubey Suicide Case: গাজিয়াবাদ চিজেএম আদালতত প্ৰেৰণ সমৰ সিঙক, ফাদিল হ’ব বহু ৰহস্য

By

Published : Apr 7, 2023, 2:13 PM IST

আকাংক্ষা ডুবেৰ আত্মহত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে আকাংক্ষাৰ প্ৰেমিক তথা ভোজপুৰী গায়ক সমৰ সিঙক (Akanksha Dubey Suicide Case)। গাজিয়াবাদ চিজেএম আদালতত ইতিমধ্যেই হাজিৰ কৰোৱা হয় সমৰ সিঙক ৷ আদালতে ২৪ ঘণ্টাৰ বাবে ট্ৰেনজিট ৰিমাণ্ডত প্ৰেৰণ কৰিছে অভিযুক্তক ৷

Singer Samar Singh arrested in Akanksha Dubey suicide case in Ghaziabad
আকাংক্ষা ডুবেৰ আত্মহত্যাৰ গোচৰত গ্ৰেপ্তাৰ সমৰ সিং

চিটাৰা ডেস্ক, 7 এপ্ৰিল: গাজিয়াবাদৰ পৰা ভোজপুৰী অভিনেত্ৰী আকাংক্ষা ডুবেৰ আত্মহত্যাৰ গোচৰত আটক কৰা হৈছিল আকাংক্ষাৰ প্ৰেমিক তথা ভোজপুৰী গায়ক সমৰ সিঙক (Akanksha dubey suicide case) ৷ আটকাধীন সমৰ সিঙক আজি গাজিয়াবাদ চিজেএম আদালতত হাজিৰ কৰা হয়, আদালতৰ পৰা অভিযুক্তক ২৪ ঘণ্টাৰ বাবে ট্ৰেনজিট ৰিমাণ্ডত প্ৰেৰণ কৰা হৈছে ।

সম্প্ৰতি সমৰ সিঙক লৈ বাৰাণসীলৈ ৰাওনা হৈছে বাৰাণসী আৰক্ষী । অনুমান কৰা হৈছে যে বাৰাণসীলৈ যোৱাৰ পিচত আৰক্ষীয়ে বাৰাণসীৰ স্থানীয় আদালতত অভিযুক্তক অধিক ৰিমাণ্ডত ল’বলৈ দাবী কৰিব পাৰে । ইয়াৰ পূৰ্বে সমৰ সিং নয়ডাত আত্মগোপন কৰি আছিল আৰু ৪ দিন পূৰ্বে গাজিয়াবাদলৈ আহিছিল (Bhojpuri actress akanksha dubey) ।

অভিযুক্তৰ বিৰুদ্ধে লুকাউট জাননী জাৰি

আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে লুকাউট নটিচ জাৰি কৰিছিল আৰু বহু স্থানত অভিযুক্তক বিচাৰি তালাচী অভিযান চলাইছিল । সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি আৰক্ষীয়ে গাজিয়াবাদলৈ গৈ নন্দগ্ৰাম থানা এলেকাৰ ৰাজ নগৰ এক্সটেনচন এলেকাৰ পৰা অভিনেত্ৰী আকাংক্ষা ডুবেৰ আত্মহত্যাৰ গোচৰত পলাতক অভিযুক্ত সমৰ সিঙক গ্ৰেপ্তাৰ কৰিছিল (Singer Samar Singh arrested) ।

অভিযুক্ত সমৰ সিং নয়ডাত আত্মগোপন কৰি আছিল

আকাংক্ষা ডুবেৰ আত্মহত্যাৰ গোচৰত গ্ৰেপ্তাৰ সমৰ সিং

উপ-আৰক্ষী আয়ুক্ত নিপুন আগৰৱালাৰ মতে বৃহস্পতিবাৰে বাৰাণসী আৰক্ষী ইয়ালৈ আহিছিল আৰু আকাংক্ষা ডুবে গোচৰ সন্দৰ্ভত সহায় বিচাৰিছিল । সমৰ সিং নয়ডাত আত্মগোপন কৰাৰ পিচত ৪ দিন পূৰ্বে ইয়ালৈ আহিছিল, সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি সমৰ সিঙক লগত লৈ যাব আৰক্ষীয়ে । অৱশ্যে অভিনেত্ৰীগৰাকীৰ আত্মহত্যাৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই, আত্মহত্যাৰ কাৰণ জানিবলৈ অভিযুক্তক জেৰা আৰম্ভ কৰা হ’ব (Accused arrested in Akanksha Dubey suicide case) ৷

বাৰাণসীত ২৬ মাৰ্চত আত্মহত্যা কৰিছিল অভিনেত্ৰীগৰাকীয়ে

উল্লেখ্য যে, ২৬ মাৰ্চত বাৰাণসীৰ এখন হোটেলত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল ভোজপুৰী অভিনেত্ৰী আকাংক্ষা ডুবেৰ মৃতদেহ ৷ ইয়াৰ পিচতে আকাংক্ষা ডুবেৰ মাতৃয়ে সমৰ সিঙৰ বিৰুদ্ধে উত্থাপন কৰিছিল কেইবাটাও গুৰুতৰ অভিযোগ ৷ ইয়াৰ পিচৰে পৰা পলাতক অৱস্থাত আছিল সমৰ সিং ৷

লগতে পঢ়ক:Akanksha Dubey: আত্মহত্যাৰ পূৰ্বে এস্কেলেটৰৰ সন্মুখত নৃত্য আকাংক্ষা ডুবেৰ, চিচিটিভিত বন্দী সমগ্ৰ দৃশ্য

ABOUT THE AUTHOR

...view details