চিটাৰা ডেস্ক, 2 জুন :'ছোড় আয়ে হম ৱো গলিয়ান' আৰু 'হাম ৰহে য়া না ৰহে কাল'ৰ দৰে গান গাই কোটি কোটি শ্ৰোতাৰ হৃদয়ত স্থান দখল কৰা জনপ্ৰিয় গায়ক কে কেৰ বৃহস্পতিবাৰে মুম্বাইত কৰা হ’ব অন্ত্যেষ্টিক্রিয়া ৷ গায়কজনক মুম্বাইৰ ভাৰ্ছোভা শ্মশানত সম্পূৰ্ণ ৰাজ্যিক সন্মানৰ সৈতে শেষকৃত্য কৰা হ'ব । ইতিমধ্য শিল্ৰপীগৰাকীৰ মৃতদেহ কলকাতাৰ পৰা মুম্বাইস্থিত বাসগৃহলৈ অনা হৈছে ৷ তেওঁৰ আত্মীয়সকল তেওঁৰ অন্তিম দৰ্শনৰ বাবে গোট খাইছে একেলগে (KK news) ।
কলকাতাত এটা সংগীতানুষ্ঠানৰ সময়ত অকস্মাতে অসুস্থ হৈ কে কেৰ মৃত্যু ঘটে (KK singer death) । গায়কজনৰ প্ৰাৰম্ভিক মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয় বুলি উল্লেখ কৰা হৈছে ।
কে কেৰ মৃত্যুত বলীউডত শোকৰ ছাঁ
কে কেৰ মৃত্যুৰ বাতৰি দেশত বিয়পি পৰাৰ লগে লগে শোকত ম্ৰিয়মাণ হৈ পৰে দেশবাসী । হতাশ হৈ পৰে কে কেৰ অনুৰাগীসকল ৷ অক্ষয় কুমাৰ, কপিল শৰ্মা, প্ৰিয়ংকা চোপ্ৰা, অজয় দেৱগান, ছলমান খানকে ধৰি বহুতো চলচ্চিত্ৰ জগতৰ তাৰকাই গায়কগৰাকীৰ আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে । অভিনেতা ইমৰান হাছমীৰ প্ৰায় প্ৰতিটো গানতে কণ্ঠদান কৰা কে কেৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই অভিনেতাজনে ৷