অসম

assam

ETV Bharat / entertainment

Singer Death : পুত্ৰ শোকত বিহ্বল হৈ সাংসাৰিক জীৱন ত্যাগ; অৱশেষত মৃত্যুক আঁকোৱালি ল’লে এইগৰাকী গায়িকাই - চিনেড মেৰী বাৰ্নাডেট

জুলাই মাহত তৃতীয়গৰাকী বিদেশী মহিলা কণ্ঠশিল্পীৰ মৃত্যু । জানো এতিয়া কোন বিদেশী মহিলা গায়িকাৰ মৃত্যু হৈছে।

Sinead O'Connor, Irish Singer of Nothing Compares 2 U, dies at 56
শেষ নিশ্বাস ত্যাগ আইৰিছ গায়িকা চিনেড অ’কনৰৰ

By

Published : Jul 27, 2023, 12:21 PM IST

চিটাৰা ডেস্ক, 27 জুলাই: ৫৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে আইৰিছ গায়িকা চিনেড অ’কনৰে । তেওঁৰ সম্পূৰ্ণ নাম আছিল চিনেড মেৰী বাৰ্নাডেট । ৯০ দশকৰ এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী এতিয়া আৰু আমাৰ মাজত নাই । তাৎপৰ্যপূৰ্ণভাৱে ২০১৮ চনত ধৰ্ম সলনি কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল এইগৰাকী আইৰিছ কণ্ঠশিল্পীয়ে ৷

ইছলাম ধৰ্ম গ্ৰহণ কৰি নিজৰ নাম ৰাখিছিল শ্বুহদা সদাকত । ছিনেডে তেওঁৰ জনপ্ৰিয় এলবাম দ্য লায়ন এণ্ড দ্য কোব্ৰাৰ পৰা বিশ্বব্যাপী খ্যাতি লাভ কৰিছিল । উল্লেখ্য য, মহিলা গায়িকাৰ প্ৰতি বিশ্বৰ চিন্তাধাৰাত ডাঙৰ পৰিৱৰ্তন আনিছিল চিনেড অ’কনৰে ।

চিনেড আছিল মুকলি মনৰ ৷ তেওঁ সামাজিক আৰু ৰাজনৈতিক বিষয়ত মুকলিকৈ নিজৰ পক্ষ ৰাখিছিল ৷ ১৯৮৭ চনৰ পৰা ২০১৪ চনলৈকে কণ্ঠশিল্পীগৰাকীয়ে ১০টাতকৈও অধিক এলবাম মুকলি কৰিছিল ।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, যোৱা বছৰ তেওঁৰ পুত্ৰৰ মৃত্যু হৈছিল আৰু তাৰ পিচতেই পুত্ৰৰ চিন্তাত দুখী হৈ পৰে কণ্ঠশিল্পীগৰাকী ৷ মৃত্যুৰ সময়ত তেওঁৰ পুত্ৰৰ বয়স আছিল মাত্ৰ ১৭ বছৰ ৷ প্ৰথম অৱস্থাত নিৰুদ্দেশ হৈছিল আৰু তাৰ পিচত মৃত অৱস্থাত উদ্ধাৰ হয় পুত্ৰ । সেয়াহে নাবালক পুত্ৰৰ মৃত্যুত শোকত ভাঙি পৰে কণ্ঠশিল্পীগৰাকী ৷ যাৰ বাবে তেওঁ নিজৰ যত্ন ল’বলৈও পাহৰি যায় ৷ পুত্ৰৰ বিদায়ত ইমানেই ভাঙি পৰিছিল যে তেওঁ সাংসাৰিক জীৱন সম্পূৰ্ণভাৱে ত্যাগ কৰিছিল ৷ তেওঁ নিজৰ এটা পোষ্টত ঘোষণা কৰিছিল যে, তেওঁ নিজৰ সাংসাৰিক জীৱনৰ পৰা আঁতৰি গৈছে আৰু কোনেও তেওঁৰ এই সিদ্ধান্ত মানি চলা উচিত নহয় বুলিও কৈছিল ।

আনকি পুত্ৰৰ মৃত্যুৰ পিচত কণ্ঠশিল্পীগৰাকীয়ে গীত গাবলৈও এৰি দিছিল ৷ অৱশেষত পুত্ৰৰ মৃত্যুৰ পিচত ইহ সংসাৰ ত্যাগ কৰে চিনেডে ৷ এতিয়া চিনেডেৰ মৃত্যুক লৈ চেলিব্ৰিটি আৰু অনুৰাগীৰ মাজত পৰিছে শোক ছাঁ ৷ ছ’চিয়েল মিডিয়াত গায়িকাগৰাকীক সকলোৱে শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:Surinder Shinda passes away: জনপ্ৰিয় পাঞ্জাবী গায়ক সুৰিন্দৰ শিন্দাৰ দেহাৱসান, ৬৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ

ABOUT THE AUTHOR

...view details