অসম

assam

ETV Bharat / entertainment

Sidhu Moosewala case: সিদ্ধু মুছেৱালা হত্যাকাণ্ডত ডাঙৰ সফলতা, আজাৰবাইজানৰ পৰা ভাৰতলৈ অনা হ’ল শচীন বিষ্ণইক - পাঞ্জাবী গায়ক মুছেৱালা

আজাৰবাইজানৰ পৰা ভাৰতলৈ অনা হৈছে সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ এজন অভিযুক্তক । দিল্লী আৰক্ষীৰ বিশেষ কোষে এই বৃহৎ সফলতা লাভ কৰিছে ।

Sidhu Moosewala killer sachin bishnoi deported to india from Azarbaizan
সিদ্ধু মুছেৱালা হত্যাকাণ্ডত আৰক্ষীৰ ডাঙৰ সফলতা

By

Published : Aug 1, 2023, 5:45 PM IST

চিটাৰা ডেস্ক, 1 আগষ্ট: সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ গোচৰত দিল্লী আৰক্ষীৰ বিশেষ কোষে যথেষ্ট সফলতা লাভ কৰিছে । আৰক্ষীৰ বিশেষ কোষে আজাৰবাইজানৰ বাকু চহৰৰ পৰা মুছেৱালা হত্যাকাণ্ডৰ অভিযুক্ত শচীন বিষ্ণই ওৰফে শচীন থাপনক ভাৰতলৈ লৈ আনিছে । জনপ্ৰিয় পাঞ্জাবী গায়ক মুছেৱালাক যোৱা বছৰৰ ২৯ মে’ত হত্যা কৰা হৈছিল ৷ ৰাজপথত গুলিয়াই হত্যা কৰা হৈছিল পাঞ্জাৱী গায়কগৰাকীক ৷

গেংষ্টাৰ লৰেন্স বিষ্ণই আৰু গোল্ডি ব্ৰাৰৰ বিৰুদ্ধেও সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ অভিযোগ উত্থাপন হৈছে । আৰক্ষীয়ে জনোৱা মতে, লৰেন্স বিষ্ণই গেঙৰ এজন গুৰুত্বপূৰ্ণ সদস্য শচীন বিষ্ণই আৰু তেওঁ মুক্তিপণ সংগ্ৰহ কৰাৰ অপৰাধত জড়িত । কিছুদিনৰ পূৰ্বে টিভিৰ এক সাক্ষাৎকাৰত লৰেন্সে নিজেই স্বীকাৰ কৰিছিল যে গোল্ডি ব্ৰাৰে মুছেৱালাৰ হত্যাৰ পৰিকল্পনা কৰিছিল । ইয়াৰ বাহিৰেও তেওঁ কৈছিল যে তেওঁ হত্যাকাণ্ডৰ বিষয়ে অৱগত যদিও পৰিকল্পনাত তেওঁ জড়িত নহয় ।

ইয়াৰ লগত জড়িত আছিল গৃহমন্ত্ৰী অমিত শ্বাহ

শচীন বিষ্ণইক আজাৰবাইজানৰ পৰা ভাৰতলৈ অনাৰ প্ৰচেষ্টাত স্বয়ং গৃহমন্ত্ৰী অমিত শ্বাহ ব্যক্তিগতভাৱে জড়িত আছিল । গৃহমন্ত্ৰী শ্বাহৰ জড়িত থকাৰ বাবেই শচীন বিষ্ণইক শীঘ্ৰে ভাৰতলৈ অনাটো সম্ভৱ হ’ল । এতিয়া গৃহমন্ত্ৰীয়ে দিল্লী আৰক্ষীক নিৰ্দেশ দিছে যে শচীনৰ বিৰুদ্ধে আদালতত গোচৰ খৰতকীয়া কৰি শাস্তি দিব লাগে ।

উল্লেখ্য যে যোৱা বছৰৰ ছেপ্টেম্বৰ মাহতেই বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনাইছিল যে মুছেৱালা হত্যাকাণ্ডৰ দুজন অভিযুক্তক আজাৰবাইজান আৰু কেনিয়াৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে । কেইবামাহো চেষ্টাৰ অন্তত মঙলবাৰে দিল্লী আৰক্ষীৰ বিশেষ কোষে আজাৰবাইজানৰ পৰা শচীনক ভাৰতলৈ আনিবলৈ সক্ষম হয় ।

ডুবাইৰ অস্ত্ৰৰে হত্যা কৰা হৈছিল মুছেৱালাক

নিজৰ গাঁৱলৈ গৈ থকা অৱস্থাত প্ৰায় ৫-৬ জন লোকে হত্যা কৰিছিল সিদ্ধু মুছেৱালাক । বাটত মানছা জিলাত তেওঁৰ বাহনখন ঘেৰাও কৰি গুলীচালনা কৰা হয়, য’ত কেইবাটাও গুলীত গুলীবিদ্ধ হৈ থিতাতে মৃত্যুক সাৱটি লয় জনপ্ৰিয় গায়কগৰাকীয়ে। পিচত ডুবাইৰ পৰা আমদানি কৰা অস্ত্ৰৰে মুছেৱালাক হত্যা কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:Sidhu Moosewala murder case: দেহৰক্ষী হ্ৰাস কৰাৰ বাবে হত্যা হ’ল সিদ্ধু মুছেৱালা !

ABOUT THE AUTHOR

...view details