চিটাৰা ডেস্ক, 12 নৱেম্বৰ: দীপাৱলী উপলক্ষে অনুৰাগীয়ে লাভ কৰিলে উপহাৰ । মুক্তি পালে বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ ছবি টাইগাৰ 3 । ইয়াৰ উপৰিও শেহতীয়াকৈ দক্ষিণৰ মেগাষ্টাৰ ৰজনীকান্তৰ ছবি লাল চালামৰ টিজাৰো মুকলি কৰা হৈছে । এতিয়া পাঞ্জাবী চলচ্চিত্ৰ উদ্যোগৰ পৰাও অনুৰাগীসকলৰ বাবে এটা ভাল খবৰ আহিছে । পাঞ্জাবী কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ মৃত্যুৰ ডেৰ বছৰৰ পাচত তেওঁৰ এটি নতুন গীত মুক্তি লাভ কৰিছে ।
দীপাৱলী উপলক্ষে অনুৰাগীৰ বাবে মুকলি কৰা হৈছে কণ্ঠশিল্পীগৰাকীৰ নতুন গীত । 2022 চনৰ মে’ মাহত সিদ্ধু মুছেৱালাক গুলীয়াই হত্যা কৰা হৈছিল । এতিয়া দীপাৱলী উপলক্ষে সিদ্ধু মুছেৱালাৰ অনুৰাগীৰ বাবে বিশেষ উপহাৰ আগবঢ়োৱা হৈছে । গীতটোৰ শিৰোনাম হৈছে Watch out । এই গীতটো মুক্তি পোৱাৰ 3 ঘণ্টাৰ পিচতে আৰু 33 লাখৰো অধিক লোকে চাইছে । অনুৰাগীৰ মাজত অতি দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে গীতটি ।
ইয়াত চাওক গীতটি-
আবেগিক হৈ পৰিল অনুৰাগী
সিদ্ধু মুছেৱালাৰ জোৰদাৰ কণ্ঠই অনুৰাগীক আপ্লুত কৰি তুলিছে । লগতে অনুৰাগীয়ে নিজৰ প্ৰিয় গায়কজনক মনত পেলাই আবেগিক হৈ পৰা দেখা যায় । অনুৰাগীয়ে কমেণ্টত নিজৰ অনুভৱ প্ৰকাশ কৰিছে । এজন ব্যক্তিয়ে লিখিছে – Rest in Power Jatta ৷ আন এজন ব্যক্তিয়ে লিখিছে- এঘণ্টাত 21 লাখ ভিউ । মৃত্যুৱেও কোনো ব্যক্তিত্বৰ খ্যাতি বৃদ্ধি হোৱাত বাধা দিব নোৱাৰে ।
উল্লেখ্য যে, সিদ্ধু মুছেৱালা আছিল এগৰাকী জনপ্ৰিয় পাঞ্জাবী গায়ক । নৱ প্ৰজন্মৰ মাজত তেওঁ জনপ্ৰিয় আছিল । 2022 চনৰ মে’ মাহত যেতিয়া তেওঁ থাৰত ভ্ৰমণ কৰি আছিল, তেতিয়া তেওঁক গুলীয়াই হত্যা কৰা হৈছিল । তেওঁৰ মৃত্যুত গোল্ডি ব্ৰাৰৰ নাম আহিছিল । আজিও অনুৰাগীয়ে সিদ্ধু মুছেৱালাৰ ন্যায়ৰ অপেক্ষাত আছে । এই গীতটি শুনি তেওঁৰ অনুৰাগীসকল আকৌ এবাৰ আবেগিক হৈ পৰে । উৎসৱৰ দিনটোত চকুলো বৈ আহিলে মুছেৱালাৰ অনুৰাগীৰ ।
লগতে পঢ়ক:Sidhu Moosewala case: সিদ্ধু মুছেৱালা হত্যাকাণ্ডত ডাঙৰ সফলতা, আজাৰবাইজানৰ পৰা ভাৰতলৈ অনা হ’ল শচীন বিষ্ণইক