অসম

assam

ETV Bharat / entertainment

Sidharth Shukla: 17 বছৰ পূৰ্বে বিশ্বৰ শ্ৰেষ্ঠ মডেলৰ খিতাপ জয় কৰা প্ৰথম ভাৰতীয় আছিল সিদ্ধাৰ্থ শুক্লা - বিশ্বৰ শ্ৰেষ্ঠ মডেলৰ খিতাপ জয় কৰা প্ৰথম ভাৰতীয়

প্ৰয়াত অভিনেতা সিদ্ধাৰ্থ শুক্লাই 17 বছৰৰ আগতে ভাৰতত প্ৰথমবাৰৰ বাবে এই বঁটা লাভ কৰিছিল । সবিশেষ আগলৈ-

Sidharth Shukla
বিশ্বৰ শ্ৰেষ্ঠ মডেলৰ খিতাপ জয় কৰা প্ৰথম ভাৰতীয় আছিল সিদ্ধাৰ্থ শুক্লা

By

Published : Dec 10, 2022, 7:57 PM IST

চিটাৰা ডেস্ক, 10 ডিচেম্বৰ :টিভি জগতৰ বিখ্যাত অভিনেতা তথা বিগ বছ 13 (2019-20)ৰ বিজয়ী সিদ্ধাৰ্থ শুক্লা হয়তো আজি আমাৰ মাজত নাথাকিব পাৰে, কিন্তু তেওঁৰ স্মৃতি অনুৰাগীৰ মাজত আজিও সজীৱ হৈ আছে । টিভি জগতৰ অন্যতম সুদৰ্শন অভিনেতা আছিল সিদ্ধাৰ্থ । তেওঁৰ সবল ব্যক্তিত্বই সকলোৱে আকৰ্ষণ কৰিছিল । কিন্তু মাত্ৰ 40 বছৰ বয়সতে এই পৃথিৱীৰ পৰা বিদায় ল’বলগীয়া হয় সিদ্ধাৰ্থে ।

বিশ্বৰ শ্ৰেষ্ঠ মডেলৰ খিতাপ জয় কৰা প্ৰথম ভাৰতীয় আছিল সিদ্ধাৰ্থ শুক্লা

কিন্তু সিদ্ধাৰ্থ এতিয়াও অনুৰাগীৰ হৃদয়ত জীয়াই আছে । শেহতীয়াকৈ পুনৰ প্ৰমাণ পোৱা গ’ল এই কথাৰ ৷ দৰাচলতে ছ'চিয়েল মিডিয়াত সিদ্ধাৰ্থৰ অনুৰাগীসকলে তেওঁ ভাৰতত বিশ্বৰ শ্ৰেষ্ঠ মডেলৰ খিতাপ জয় কৰাৰ আনন্দ উদযাপন কৰিছে ।

17 বছৰ পূৰ্বে 2005 চনৰ 9 ছেপ্টেম্বৰত সিদ্ধাৰ্থই এই খিতাপ দখল কৰিছিল । এই খিতাপ দখল কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে সিদ্ধাৰ্থ । ছ’চিয়েল মিডিয়াত সিদ্ধাৰ্থই এই বঁটা লাভ কৰাৰ ছবি ভাইৰেল হৈ পৰিছে ।

সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু কেনেকৈ হৈছিল ?

2021 চনত 1 ছেপ্টেম্বৰৰ নিশা সিদ্ধাৰ্থৰ বুকুৰ বিষ হৈছিল আৰু মাকক পানী আনিবলৈ কৈছিল । পানী খাই শুই পৰা সিদ্ধাৰ্থ শুক্লাৰ টোপনি আৰু নাভাগিল । পুৱা সিদ্ধাৰ্থক চিকিৎসকৰ ওচৰলৈ নিয়াৰ পিছত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । চিকিৎসকে জানিবলৈ দিয়া মতে সিদ্ধাৰ্থৰ মৃত্যুৰ কাৰণ আছিল হাৰ্ট এটেক ।

সিদ্ধাৰ্থ শুক্লা

চিকিৎসালয়ৰ পৰা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৰ খবৰ ওলোৱাৰ লগে লগে হতভম্ব হৈ পৰে তেওঁৰ অনুৰাগী আৰু অন্য তাৰকাসকল ৷ কান্দোনৰ ৰোল উঠিছিল চাৰিওফালে । দীৰ্ঘদিন ধৰি ছ’চিয়েল মিডিয়াত সিদ্ধাৰ্থৰ অনুৰাগীৰ মাজত এই বিষয়ক চৰ্চা চলিছিল । আজি সিদ্ধাৰ্থৰ মৃত্যুৰ এবছৰতকৈও অধিক হ’ল আৰু তেওঁৰ অনুৰাগীসকলে এতিয়াও ছ’চিয়েল মিডিয়াত সিদ্ধাৰ্থ শুক্লাক ভাইৰেল কৰি তেওঁক স্মৰণ কৰে ।

লগতে পঢ়ক :পঞ্জাৱ কি কেটৰিণা খ্যাত শ্বেহনাজ গীলৰ বিভিন্ন লুক আপোনালোকলৈ আগবঢ়ালো-

ABOUT THE AUTHOR

...view details