অসম

assam

ETV Bharat / entertainment

Sidharth Malhotra : নাম নোলোৱাকৈয়ে কিয়াৰৰ বিষয়ে কি ক’লে সিদ্ধাৰ্থে - বলীউডৰ অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰা

সোমবাৰে নিজা বাসগৃহৰ বাহিৰত দেখা গ’ল বলীউডৰ অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাক (Sidharth Malhotra)। পাপাৰাজীয়ে নৱবিবাহিত সিদ্ধাৰ্থৰ প্ৰত্যক্ষ কৰি তেওঁৰ পৰা বিচাৰিছিল চিংগেল ফটো । কিন্তু এই সন্দৰ্ভত সিদ্ধাৰ্থই পাপাৰাজীক পত্নী কিয়াৰাৰ নাম নোলোৱাকৈয়ে উত্তৰ দিয়ে ৷

SIDHARTH MALHOTRA SAID ON ASKING FOR A SOLO PICTURE AB MAIN SOLO NAHIN RAHA
কিয়াৰৰ বিষয়ে সিদ্ধাৰ্থে ক’লে এই কথা

By

Published : Mar 1, 2023, 12:06 PM IST

চিটাৰা ডেস্ক, 1 মাৰ্চ: যোৱা 7 ফেব্ৰুৱাৰীত জয়সালমেৰৰ সূৰ্যগড় প্ৰাসাদত পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু-বৰ্গৰ উপস্থিতিত বিবাহপাশত আবদ্ধ হয় বলীউডৰ জনপ্ৰিয় যুটি সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী (Sidharth Kiara Wedding) । বিবাহপাশত আৱদ্ধ হোৱাৰ পিচৰে পৰা সিদ্ধাৰ্থ মালহোত্ৰাই পাৰফেক্ট স্বামী হোৱাৰ লক্ষ্য পূৰণ কৰি আহিছে । বিবাহৰ পিচতে অভিনেতাগৰাকী য’তেই যায় তাতেই পত্নী কিয়াৰা আদৱানীৰ কথা উল্লেখ কৰা পৰিলক্ষিত হৈছে ।

কিছুদিন পূৰ্বে ব্ৰেণ্ড ইভেণ্টত কিয়াৰাক ‘মোৰ পত্নী’ বুলি অভিহিত কৰি অনুৰাগীৰ হৃদয় জয় কৰিছিল সিদ্ধাৰ্থই (Sidharth Malhotra)। এইবাৰ পুনৰ ছিডে কিয়াৰাৰ নাম নোলোৱাকৈয়ে উল্লেখ কৰে কিয়াৰাৰ কথা । আপুনি হয়তো ভাবিছে নাম নোলোৱাকৈ বাৰু কেনেকৈ উল্লেখ কৰিব পাৰে কিয়াৰ বিষয়ে (Sidharth gives hilarious response to paps) ৷ সেয়া কম এই প্ৰতিবেদনত ৷

শেহতীয়াকৈ মুম্বাইত পাপাৰাজীয়ে সিদ্ধাৰ্থক দেখা পাইছিল। পাপাৰাজীয়ে সিদ্ধাৰ্থক প্ৰত্যক্ষ কৰি তেওঁৰ ছিংগেল ফটো বিচাৰিছিল (Newlywed Sidharth Malhotra) । তেতিয়া পাপাৰাজীক সিদ্ধাৰ্থই হাস্যৰসময়ী ধৰণে উত্তৰ দি কয়, "এতিয়া মই অকলশৰীয়া হৈ থকা নাই ভাই ।" সিদ্ধাৰ্থৰ এই কথাত পাপাৰাজীসকলে হাঁহিবলৈ বাধ্য হয় । ইয়াৰ পূৰ্বে সিদ্ধাৰ্থ আৰু কিয়াৰাক মুম্বাইত অনুষ্ঠিত হোৱা এৱাৰ্ড শ্ব’ত একেলগে দেখা পোৱা গৈছিল । দুয়োগৰাকীয়ে নিজৰ নিজৰ ছবিত প্ৰদৰ্শন কৰা অসাধাৰণ অভিনয়ৰ বাবে বঁটা লাভ কৰে ।

Shershaah, Bhool Bhulaiyaa 2, Jugjugg Jeeyo আৰু Govinda Naam Mera ছবিত অভিনয় কৰি অভিনেত্ৰী কিয়াৰাই 2023 বৰ্ষৰ তাৰকা বঁটা লাভ কৰাৰ বিপৰীতে সিদ্ধাৰ্থই Shershaah ছবিত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে । বঁটা প্ৰদান অনুষ্ঠানত কিয়াৰাই তেওঁৰ ছবিৰ দলটোক ধন্যবাদ জ্ঞাপন কৰে । কিয়াৰাৰ ভাষণ শেষ হোৱাৰ পিছত সিদ্ধাৰ্থই মঞ্চত উঠি কিয়াৰাক সাৱটি ধৰে । একে সময়তে বঁটা গ্ৰহণ কৰাৰ সমান্তৰালকৈ সিদ্ধাৰ্থই কিয়াৰাক ধন্যবাদ জ্ঞাপন কৰে ।

শেহতীয়াকৈ পত্নীৰ প্ৰশংসাত পঞ্চমুখৰ হোৱা দেখা গৈছিল সিদ্ধাৰ্থক । এটা পাৰফিউম মুকলি অনুষ্ঠানত সিদ্ধাৰ্থে কয়, ‘মোৰ ওচৰত প্ৰতিদিনাৰে পাৰফিউম আছে ৷ কেৱল দিনৰে নহয় নিশাৰো পাৰফিউম আছে মোৰ ওচৰত । গতিকে এয়া মোৰ নিশাৰ সুগন্ধিৰ বিশাল সংগ্ৰহ । আশা কৰোঁ মোৰ পত্নীয়ে ভাল পাব ।" সিদ্ধাৰ্থৰ এই মন্তব্য ছচিয়েল মিডিয়াত অতি দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ।

লগতে পঢ়ক:Siddharth and Aditi’s video : ছ’চিয়েল মিডিয়াত ভাইৰেল প্ৰেমিকৰ সৈতে অদিতিৰ এটা ভিডিঅ’

ABOUT THE AUTHOR

...view details