চিটাৰা ডেস্ক, 7মে’:সিদ্ধাৰ্থ মালহোত্ৰাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত খুউব ভাইৰেল হৈ পৰিছে (Sidharth Malhotra viral video) ৷ শেহতীয়াকৈ মোহময়ী অভিনেত্ৰী কিয়াৰা আদৱানীৰে সৈতে ব্ৰেকআপৰ বাতৰিৰে চৰ্চাত থকা অভিনেতাজন পুনৰ চৰ্চালৈ আহিছে আন এগৰাকী অভিনেত্ৰীৰ নামৰ সৈতে ৷
ৰোহিত শেট্টীৰ ৱেব চিৰিজ 'ইণ্ডিয়ান পুলিচ ফ'ৰ্চ'ৰ ডিজিটেল জগতখনত আত্মপ্ৰকাশ কৰিছে সিদ্ধাৰ্থে । তেওঁ ইয়াত এগৰাকী আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে ।
ব্ৰেক-আপৰ বাতৰিৰে সিদ্ধাৰ্থ-কিয়াৰা চৰ্চাত থকাৰ মাজতে সিদ্ধাৰ্থ মলহোত্ৰাক কেমেৰাত বন্দী কৰিলে পাপাৰাজীয়ে ৷ পিছে এইবাৰ কিয়াৰাৰ সৈতে নহয়, এগৰাকী বঙালী অভিনেত্ৰীৰ সৈতে ইস্ক ৱালা লাৱ্ শীৰ্ষক গানটোত নৃত্য কৰি চৰ্চা লাভ কৰিছে তেওঁ (Sidharth Malhotra dance video) ৷